ETV Bharat / entertainment

Shakti kapoor B’day Special: শক্তি কাপুৰে ৪০ বছৰীয়া কেৰিয়াৰত কিমান ছবিত অভিনয় কৰিছে জানিলে হতবাক হ’ব আপুনি

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 12:29 PM IST

বলীউডৰ অভিনেতা শক্তি কাপুৰৰ আজি জন্ম বাৰ্ষিকী ৷ অভিনেতাগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ কেৰিয়াৰত তেওঁ কিমান ছবিত অভিনয় কৰিছে ৷

Shakti Kapoor birthday special: Know interesting facts about Bollywood's popular comedian-villain
শক্তি কাপুৰৰ আজি জন্ম বাৰ্ষিকী

চিটাৰা ডেস্ক, 3 ছেপ্টেম্বৰ: বলীউডৰ অভিনেতা শক্তি কাপুৰক মনোৰঞ্জন উদ্যোগৰ অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয় । এনেকুৱাও এটা সময় আছিল যে, সেই সময়ত নতুন ৰিলিজ হোৱা প্ৰায় প্ৰতিখন ছবিতেই দেখা পোৱা গৈছিল অভিনেতাগৰাকীক । পৰিচালক আৰু প্ৰযোজকৰ লগতে দৰ্শকৰ বাবেও তেওঁ এক প্ৰয়োজনীয়তা হৈ পৰিছিল । কেতিয়াবা যদি খলনায়কৰ চৰিত্ৰত আধিপত্য বিস্তাৰ কৰিছিল, আন কেতিয়াবা আকৌ নিজৰ অনন্য কমেডীৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল ৷ আজি অভিনেতাগৰাকীৰ ৭১ বছৰীয়া জন্মদিন ৷ গতিকে জন্মদিনত অভিনেতাগৰাকীৰ জানো আহক কিছু কথা।

শক্তি কাপুৰৰ নামটো উদ্যোগটোত অতি শ্ৰদ্ধাৰে লোৱা হয় । কেৰিয়াৰৰ আৰম্ভণিত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ইয়াৰ পিচত কমিক ৰ’লত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল ৷ মুঠৰ ওপৰত তেওঁ একেলগে বহু ছবিত কাম কৰিছিল । অভিনেতাগৰাকীয়ে পুনেৰ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা অভিনয়ৰ প্ৰশিক্ষণ লৈছিল । ১৯৭৭ চনত ‘কচম খুন কী’ ছবিৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ।

আৰম্ভণিতে তেওঁ খলনায়কৰ চাইড ৰ’লত অভিনয় কৰিছিল আৰু এই চৰিত্ৰবোৰৰ জৰিয়তেই তেওঁ নিজৰ এক পৰিচয় বনাবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিচতে তেওঁ পৰিচালকৰ হৃদয় জয় কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁ ছবিবোৰত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে ৷ ইয়াৰ পাচত লাহে লাহে কমেডীতো নিজৰ ভাগ্য নিৰূপন কৰিবলৈ চেষ্টা কৰে ৷

শক্তি কাপুৰে নিজৰ কেৰিয়াৰত কিমান ছবিত অভিনয় কৰিছে ?

সাধাৰণতে এই আলোচনা সদায় হোৱা দেখা যায় যে শক্তি কাপুৰে তেওঁৰ কেৰিয়াৰত কিমানখন ছবিত কাম কৰিছিল । কোনোবাই কয় ৩০০, কোনোৱে কয় ৫০০ আৰু কোনোবাই কয় সৰ্বাধিক । কিন্তু খবৰ অনুসৰি শক্তি কাপুৰে নিজৰ কেৰিয়াৰত প্ৰায় ৭০০খন ছবিত কাম কৰিছে । এইটো এটা বিৰল অংক আৰু তেওঁৰ বাহিৰে ভাৰতত ইমান ছবিত অভিনয় কৰা তাৰকা বৰ বিশেষ নাই । শক্তি কাপুৰৰ উপৰিও সেই সময়ৰ জনপ্ৰিয় অভিনেত্ৰী ললিতা পাৱাৰেও প্ৰায় ৭০০ খন ছবিত অভিনয় কৰিছিল । এই দুয়োগৰাকী তাৰকাই সৰ্বাধিক সংখ্যক ছবি নিৰ্মাণৰ বাবে জনাজাত ।

লগতে পঢ়ক: Siddharth Shukla's Death Anniversary: সিদ্ধাৰ্থ শুক্লাক স্মৰণ কৰি পুনৰ সেমেকি উঠিল অনুৰাগীৰ দুচক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.