ETV Bharat / entertainment

Shah Rukh Khan: শ্বাহৰুখৰ ভাগ্যৱান অনুৰাগীয়ে মন্নতত লাভ কৰিলে নিমন্ত্ৰণ, নিজ হাতেৰে কিং খানে বনাই খুৱালে পিজ্জা

author img

By

Published : Apr 23, 2023, 10:20 PM IST

মন্নতত শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালে ফেমিনা মিছ ইণ্ডিয়া পঞ্জাব ২০১৭ নৱপ্ৰীত কৌৰক আদৰণি জনায় । কিং খানে নিজেই নৱপ্ৰীতৰ বাবে বনাইছিল পিজ্জা ।

Shah Rukh Khans lucky fan gets invited to Mannat, calls it magical
মন্নতত শ্বাহৰুখ খানে অনুৰাগীক আমন্ত্ৰণ কৰিলে

চিটাৰা ডেস্ক, 23 এপ্ৰিল: বলীউডৰ কিং খান আজি গোটেই বিশ্বজুৰি জনপ্ৰিয় ৷ নিজৰ উৎকৃষ্ট অভিনয়ৰে কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷ সেয়াহে কিং খানৰ সৈতে চেলফি ক্লিক কৰাটো প্ৰতিজন অনুৰাগীৰ সপোন ৷ অৱশ্যে এই সপোন কিছু কিছু লোকৰহে বাস্তবায়িত হৈছে ৷ শেহতীয়াকৈ এগৰাকী অনুৰাগীৰ এই সপোন বাস্তবায়িত হৈছে ৷ কেৱল সপোন বাস্তবায়িত হোৱাই নহয়, কিং খানে নিজেই এইগৰাকী বিশেষ অনুৰাগীক নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰে আৰু পৰিয়ালৰ সৈতে এটা সন্ধিয়া কটাবলৈ সুযোগ দিয়ে । অৱশ্যে এইগৰাকী অনুৰাগী এগৰাকী মডেল (Shah Rukh Khans lucky fan) ৷

মডেলগৰাকীয়ে ক’লে শ্বাহৰুখক লগ পোৱাৰ অনুভৱ কেনেকুৱা আছিল

ছ’চিয়েল মিডিয়াত ছুপাৰষ্টাৰগৰাকী আৰু তেওঁৰ পৰিয়ালক লগ পোৱাৰ কথা উল্লেখ কৰে নৱপ্ৰীত কৌৰ নামৰ মডেলগৰাকীয়ে । নৱপ্ৰীত কৌৰে শ্বাহৰুখ খানৰ সৈতে চেলফিৰ পৰা আৰম্ভ কৰি ঘৰৰ লগত জড়িত সকলো কথাৰ ফটো শ্বেয়াৰ কৰে । সমগ্ৰ বিশ্বতে বিখ্যাত শ্বাহৰুখ খানৰ সৈতে তেওঁৰ সাক্ষাৎ কেনেকুৱা আছিল সেই কথা ক’লে মডেলগৰাকীয়ে (model named navpreet kaur)।

কথাখিনি নিজৰ মাজতো ৰাখিব পৰা নাই- নৱপ্ৰীত কৌৰ

নৱপ্ৰীত কৌৰে বহুকেইখমন ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । কেপচনত লিখিছে, "মই নিজকে প্ৰতিশ্ৰুতি দিছিলো যে, মই এই ছবিসমূহ কেতিয়াও পোষ্ট নকৰো, কিন্তু এই স্মৃতি ইমানেই গুৰুত্বপূৰ্ণ যে মই কেৱল নিজৰ মাজতে ৰাখিব পৰা নাছিলো। মন্নতত কটোৱা দিনটোৰ বাবে মই গৌৰৱান্বিত। কিং @iamsrk নিজেই পিজ্জা বেক কৰিছিল, সেইটোও নিৰামিষ কাৰণ কিছুমান পাঞ্জাবীও নিৰামিষভোজী ।"

আনন্দত চিঞৰিবলৈ মন গ’ল-নৱপ্ৰীত কৌৰ

লগতে লিখিছিল, “এই ঘৰত থকা গোটেই সময়খিনি যেন মই সপোনত থকা যেন লাগিছিল, যেন কোনোবাই আহি মোক জগাই তুলিব । মোৰ আনন্দত চিঞৰিবলৈ মন গৈছিল যদিও মই নিজকে শান্ত কৰি ৰাখিছিলো । কিং খান, তেওঁৰ পৰিয়াল আৰু পূজা (শ্বাহৰুখৰ মেনেজাৰ)ৰ সৈতে ডাইনিং টেবুলত বহি মই ৱাশ্বৰুমলৈ যোৱাৰ অজুহাত দেখুৱাওঁতে শ্বাহৰুখে মোক ৱাশ্বৰুমলৈ যোৱাৰ বাট দেখুৱাই দিলে । আনন্দত চিঞৰিবলৈ মন গ’ল । আইনাখনলৈ চাই এই অবিশ্বাস্য ঘটনাটো ভাবি সুখী হৈ পৰিলোঁ । নিশাৰ আহাৰ গ্ৰহণ কৰা হ’ল । মোৰ পেটটো মোৰ সুখ হজম কৰাত ব্যস্ত হৈ পৰিছিল (Srk fans gets invited to Mannat) ।

শ্বাহৰুখৰ সন্তানৰ কথা উল্লেখ কৰিলে মডেলগৰাকীয়ে

নৱপ্ৰীতে শ্বাহৰুখ খানৰ ল’ৰা-ছোৱালীয়ে তেওঁৰ লগত কেনে আচৰণ কৰিছিল সেই কথাও ক’লে । মডেলগৰাকীয়ে পোষ্টটোত আৰু লিখিছে যে গৌৰী খান ডাৰ্লিং হয়, আব্ৰাম তেওঁৰ নতুন বেষ্ট ফ্ৰেণ্ড । আৰিয়ান দেখাত যি ধৰণৰ খঙাল, তাৰ বিপৰীতে প্ৰকৃতে সম্পূৰ্ণ বেলেগ ব্যক্তিত্ব আৰিয়ানৰ । সুহানা ধুনীয়া । নৱপ্ৰীতেও ক’লে যে, তেওঁৰ সুখ ইয়াতেই শেষ হোৱা নাই । মডেলগৰাকী যাবলৈ লওঁতে শ্বাহৰুখ মডেলগৰাকীক বাহিৰত আগবঢ়াই নিয়ে ৷

নৱপ্ৰীতে কিং খান আৰু তেওঁৰ পৰিয়ালক লৈ প্ৰশংসা কৰাৰ পিচত বহু অনুৰাগীয়ে গৌৰৱ অনুভৱ কৰিছে যে তেওঁ শ্বাহৰুখৰ অনুৰাগী । লগতে বহু অনুৰাগীয়ে শ্বাহৰুখক লগ পোৱাৰ বাবে অভিনন্দন জনায়।

লগতে পঢ়ক: SRK Fans: মন্নতৰ বাহিৰত অনুৰাগীৰ ভিৰ, পাঠানে এনেদৰে জনালে ঈদৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.