চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ : কোনো ধৰণৰ আক্ষেপ নৰখাকৈ কথা কোৱাৰ বাবে বলীউডত বিখ্যাত অভিনেত্ৰী স্বৰা ভাস্কৰে নিজৰ ব্যক্তিগত জীৱনৰ এক ডাঙৰ ৰহস্য ফাদিল কৰিছে । বৰ্তমান স্বৰা তেওঁৰ আগন্তুক ছবি ‘Jahaan Chaar Yaar’ক লৈ চৰ্চাত আছে ৷ তেওঁ ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে । শিখা তালছানিয়া, পূজা চোপ্ৰা, মেহৰ বিজ আদিয়ে অভিনয় কৰা ‘Jahaan Chaar Yaar’ ছবিখন মুক্তিৰ বাবে সাজু হৈছে । ছবিখনৰ প্ৰচাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে শ্বাহৰুখ খানৰ বিষয়ে কৈছে যে তেওঁৰ বাবেই তেওঁৰ প্ৰেমজীৱন আগবঢ়া নাই (Swara Bhaskar love life) । এই কাহিনীটোৰ আঁৰৰ সমস্ত সত্যটো কি জানো আহকচোন ৷
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এক সাক্ষাৎকাৰত স্বৰা ভাস্কৰে কৈছে যে তেওঁৰ প্ৰেম-জীৱন নষ্ট হোৱাৰ আঁৰৰ কাৰণটো হৈছে শ্বাহৰুখ খান আৰু আদিত্য চোপ্ৰা । শ্বাহৰুখৰ ছবি ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ অতি সৰু থাকোতেই চাইছিল বুলি স্বৰাই জনায় আৰু তেতিয়াৰ পৰা স্বৰাই তেওঁৰ ৰাজক বিচাৰি ফুৰিছে । কিন্তু স্বৰাই দেৰিকৈ উপলব্ধি কৰিলে যে তেওঁৰ ৰাজ বুলি কোনো নাই ।
স্বৰাই আৰু কয় যে সম্পৰ্কত তেওঁ ভাল নহয় যদিও পুৰুষৰ লগত যথেষ্ট বন্ধুত্বপূৰ্ণ সম্বন্ধ আছে তেওঁৰ । স্বৰাই কয় যে এতিয়া তেওঁৰ হাতত এইবোৰৰ সৈতে মোকাবিলা কৰাৰ শক্তি নাই । 2018 চনত স্বৰাক ‘বীৰে দি ৱেডিং’ ছবিখনত কৰীণা কাপুৰ খান, সোনম কাপুৰ আৰু শিখা তালছানিয়াৰ সৈতে দেখা গৈছিল ।
এতিয়া এই অভিনেত্ৰীসকলৰ সৈতে পুনৰ দেখা যাব স্বৰাক ‘Jahaan Chaar Yaar’ত (Swara Bhaskar movie) । এই ছবিখনো চাৰিগৰাকী মহিলাৰ বন্ধুত্ব আৰু বন্ধনৰ ওপৰত আধাৰিত । 16 ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ছবিখনে ।
বিগত সময়ত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ চুপাৰহিট অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱেও কৰণ জোহৰৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপন কৰিছিল । সেই সময়ত সামন্থাই কৰণ জোহৰৰ প্ৰেম কাহিনীপূৰ্ণ ছবিৰ বিষয়ে কৈছিল যে তেওঁৰ ছবিৰ বাবেই তেওঁ বিবাহ বিচ্ছেদ কৰাত বহুত সহায় পাইছিল । 2021 চনত সামান্থাই নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল ।
লগতে পঢ়ক : Brahmastra box office collection:ব্ৰহ্মাস্ত্ৰৰ বক্স অফিচ কালেকচনক মিছা আখ্যা কংগনা ৰাণাৱটৰ