চিটাৰা ডেস্ক, 9 অক্টোবৰ: বলীউডৰ আটাইতকৈ গৰম বিষয় হৈছে ছলমান খানৰ বিবাহৰ বিষয় । ভাইজানক বিবাহপাশত আৱদ্ধ হোৱাটো সকলোৱে দেখিব বিচাৰে ৷ সেয়া লাগিলে তেওঁৰ পৰিয়ালবৰ্গই হওক, বলীউডৰ তাৰকাই হওক, অথবা তেওঁৰ অনুৰাগীয়েই হওক, মুঠৰ ওপৰত সকলোৱে ভাইজানক বিবাহপাশত আৱদ্ধ হোৱাটো চাব বিচাৰে । ইফালে দেওবাৰে অভিনেতাজনে মিষ্ট্ৰী গাৰ্লৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল, তাৰ পিচতে অনুৰাগীয়ে অনুমান কৰিছিল যে ভাইজানে হয়তো নিজৰ জীৱন সংগী বিচাৰি পাইছে ৷
ছলমান খানে ৮ অক্টোবৰত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এগৰাকী যুৱতীৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল । ফটোখনত ছলমানক মিষ্ট্ৰী গাৰ্লৰ সৈতে পোজ দিয়া দেখা গৈছিল ৷ ফটোখনত ছলমান আৰু কেমেৰাৰ ফালে পিঠি থকা মিষ্ট্ৰী গাৰ্ল গৰাকীক বগা ব্লেজাৰ আৰু মেচিং পেণ্ট পৰিধান কৰা দেখা গৈছিল । লগতে ছবিখনত এটা বাৰ্তাও লিখা আছিল, মোৰ হৃদয়ৰ এটুকুৰা শ্বেয়াৰ কৰি আছো কাইলৈ । ইয়াৰ পিচতে এই মিষ্ট্ৰী গাৰ্লৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিছিল অনুৰাগী ৷ কিন্তু এতিয়া অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিব ৷ কিয়নো ভাইজানে প্ৰকাশ কৰিলে মিষ্ট্ৰী গাৰ্লৰ মুখ ৷
ছলমান খানে প্ৰকাশ কৰিলে মিষ্ট্ৰী গাৰ্লৰ ফটো
ছলমান খানৰ সৈতে মিষ্ট্ৰী গাৰ্লৰ এই ফটোখন কিছু মিনিটৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । নেটিজেনে জানিবলৈ উৎসুক হৈ পৰিছিল মিষ্ট্ৰী গাৰ্লৰ বিষয়ে ৷ আনকি একাংশই তেওঁ ছলমানৰ প্ৰেমিকা বুলিও ধৰি লৈছিল । অৱশ্যে তেনেকুৱা একোৱেই নহয় ।
শেহতীয়া এখন ছবি শ্বেয়াৰ কৰি এই কথা স্পষ্ট কৰিলে ভাইজানে ৷ ছলমান খানে প্ৰকাশ কৰিছে যে ৰহস্যময়ী ছোৱালীজনী তেওঁৰ প্ৰেমিকা নহয়, বৰঞ্চ তেওঁৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰী হে। ছলমানে ভাগিনীয়েকৰ সৈতে ফটোশ্বুটৰ ছবি শ্বেয়াৰ কৰিছে । এখন ফটোত আলিজেহে পিছফালৰ পৰা মোমায়েকক সাৱটি ধৰা দেখা গৈছে, আনখন ফটোত ছলমানক চাই হাঁহি থকা দেখা গৈছে ।
মোমায়েক আৰু ভাগিনীয়েকৰ এই হৃদয়স্পৰ্শী ছবিসমূহ শ্বেয়াৰ কৰি ছলমান খানে কেপচনত লিখিছে, "প্ৰেম আৰু যত্ন আমাৰ জিনত আছে । আমি যিদৰে আছো, আমি তেনেদৰেই থাকো ।" উল্লেখ্য যে ছলমান খানৰ কাপোৰৰ ব্ৰেণ্ড ‘বিং হিউমেন’ৰ মহিলা সংগ্ৰহৰ মুখ হৈ পৰিছে আলিজেহ ।
- " class="align-text-top noRightClick twitterSection" data="">
ইফালে আলিজেহ অগ্নিহোত্ৰীয়ে আগন্তুক ছবি ‘ফাৰে’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব । এই ছবিখন চলিত বৰ্ষৰ ২৪ নৱেম্বৰত মুক্তি পাব ।
লগতে পঢ়ক: Salman khan: ৰহস্যময়ী যুৱতীৰ সৈতে ছলমানৰ পোষ্ট; অনুৰাগীয়ে ভাবিছে বিয়া পাতিলে নেকি ভাইজানে ?