ETV Bharat / entertainment

Satya prem Ki Katha Teaser: কাৰ্তিক কিয়াৰাৰ ছবি ‘সত্যপ্ৰেম কি কথা’ৰ টিজাৰ মুক্তি পালে

কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ আগন্তুক ছবি ‘সত্যপ্ৰেম কি কথা’ৰ টিজাৰ মুকলি (Satya prem Ki Katha Teaser out)।

author img

By

Published : May 18, 2023, 2:13 PM IST

Updated : May 18, 2023, 2:22 PM IST

Satya prem ki katha teaser out: kartik Aaryan kiara advani romantic film teaser video
‘সত্যপ্ৰেম কি কথাৰ টিজাৰ মুকলি

চিটাৰা ডেস্ক, 18 মে’: সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিচত পুনৰ ৰূপালী পৰ্দাত দেখা পোৱা যাব কিয়াৰা আদৱানীক ৷ আহি আছে অভিনেত্ৰীগৰাকীৰ আগন্তুক ছবি ‘সত্য প্ৰেম কি কথা’ ৷ এই মিউজিকেল ৰোমান্টিক ছবিখনত কিয়াৰাক পুনৰবাৰ ‘ভূল ভুলাইয়া’ৰ সহ-অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে ৰূপালী পৰ্দাত দেখা যাব । এই ছবিখনৰ বাবে অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে। একে সময়তে আজি মুক্তি পালে ‘সত্য প্ৰেম কী কথা’ৰ টিজাৰ (Satya Prem Ki Katha Teaser Out)।

‘সত্য প্ৰেম কি কথা’ৰ টিজাৰ মুকলি

কিয়াৰা আদৱানীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ‘সত্যপ্ৰেম কি কথা’ৰ টিজাৰ শ্বেয়াৰ কৰিছে । টিজাৰটোত অতি ধুনীয়া দেখা গৈছে দুয়োকে (Satya prem Ki Katha) ৷ টিজাৰৰ আৰম্ভণি হয় কাৰ্তিক আৰিয়ানৰ পটভূমি সংলাপৰ পৰা । কাৰ্তিকে কোৱা শুনা যায়, "যিবোৰ কথা কেতিয়াও পূৰণ নহয়, যিবোৰ প্ৰতিশ্ৰুতি পূৰণ নহয়, সেই হাঁহিবোৰ কেতিয়াও কমি নাযায় ৷ তাই কান্দিলে মোৰ চকুত চকুলো আহক ।" ইয়াৰ পিচত কাৰ্তিক আৰু কিয়াৰাৰ ৰোমান্টিক কেমিষ্ট্ৰী দেখা পোৱা যায় ।

অনুৰাগীসকলে টিজাৰটো পছন্দ কৰিছে

টিজাৰটো মুক্তি পোৱাৰ লগে লগে অনুৰাগীসকলে ইয়াক পছন্দ কৰে । এজন অনুৰাগীয়ে লিখিছে, "কিয়াৰা আৰু কাৰ্তিকৰ আচৰিত যুটি ।" আনহাতে আন এজনে লিখিছে, "২০২৩ চনৰ আন এখন ব্লকবাষ্টাৰ ছবি, কি ইউ আৰ কিলিং।" আন এজনে লিখিছে, "এই প্ৰেম কাহিনীৰ বাবে এক্সচাইটেড হৈ আছো ।"

কেতিয়া মুক্তি পাব ‘সত্য প্ৰেম কি কথা’?

টিজাৰ মুক্তি পোৱাৰ পিচত এতিয়া কিয়াৰা আৰু কাৰ্তিকৰ আগন্তুক ছবি ‘সত্যপ্ৰেম কি কথা’ক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে (Kartik Aaryan and Kiara Advani) । চলিত বৰ্ষৰ ২৯ জুনত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে এই ছবিখন (Satya prem Ki Katha release Date)। এই ছবিখনক লৈ নিৰ্মাতা আৰু তাৰকাসকলৰ বহু আশা । ‘ভূল ভুলাইয়া- ২’ ৰ হিট যুটি কিয়াৰা আৰু কাৰ্তিক এই ছবিখনেৰে বক্স অফিচত ধুমুহা বোৱাব পাৰিব নে নোৱাৰে সেয়া হ’ব লক্ষণীয় বিষয়।

লগতে পঢ়ক: Zara Hatke Zara Bachke Trailer : বিকি কৌশল-ছাৰা আলী খানৰ ৰোমান্টিক ছবিৰ ট্ৰেইলাৰ মুক্তি; চাওক ট্ৰেইলাৰ

Last Updated : May 18, 2023, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.