ETV Bharat / entertainment

Satish Kaushik Demise : কেনেকৈ মৃত্যু হৈছিল সতীশ কৌশিকৰ ? হাৰ্ট এটেকৰ সময়ত ক’ত আছিল সতীশ ?

author img

By

Published : Mar 9, 2023, 3:55 PM IST

হৃদৰোগত আক্ৰান্ত হোৱাৰ সময়ত ক’ত আৰু কি কৰি আছিল যশস্বী অভিনেতা তথা পৰিচালক সতীশ কৌশিকে ? কেনেকৈ মৃত্যু হৈছিল অভিনেতাগৰাকীৰ ? অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষা আৰু শেষকৃত্য অনুষ্ঠান ক’ত অনুষ্ঠিত হ’ব ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন (Satish Kaushik Demise) ৷

SATISH KAUSHIK DEATH REASON AND PLACE KNOW WHERE HE TAKE HIS LAST BREATH
সতীশ কৌশিকৰ আকস্মিক মৃত্যু

চিটাৰা ডেস্ক, 9 মাৰ্চ: বলীউডৰ বিখ্যাত পৰিচালক তথা কৌতুক অভিনেতা সতীশ কৌশিকৰ আকস্মিক মৃত্যুৰ ফলত চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে (Satish Kaushik Death) । ৬৬ বছৰীয়া যশস্বী অভিনেতাগৰাকী মৃত্যুৰ পূৰ্বে সম্পূৰ্ণ সুস্থ আছিল ৷ আনকি ৰঙৰ উৎসৱ ফাকুৱাও খেলিছিল অভিনেতাগৰাকীয়ে ৷ আগদিনা হোলী উদযাপন কৰা বলিষ্ঠ অভিনেতাগৰাকীৰ হঠাৎ পিছদিনা কেনেকৈ মৃত্যু হ’ল ? সতীশ কৌশিক মৃত্যুৰ পূৰ্বে ক’ত আছিল আৰু কি কৰি আছিল ? কেনেকৈ হঠাৎ সংঘটিত হ’ল এনে অনাকাংশিত ঘটনা ?

আগদিনা হোলী উদযাপন কৰা সতীশ কৌশিকৰ হঠাৎ মৃত্যু হয় পিছদিনা ৷ জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বলিষ্ঠ অভিনেতাগৰাকীৰ ৷ বলীউডত হৃদৰোগত আক্ৰান্ত হোৱা এয়া প্ৰথমটো ঘটনা নহয়, ইয়াৰ পূৰ্বেও বহু তাৰকাৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হয় ৷ শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হৈ অভিনেতা সতীশ কৌশিকৰো মৃত্যু হয় (Satish Kaushik heart attack) ৷

মৃত্যুৰ সময়ত সতীশ কৌশিক ক’ত আছিল ?

প্ৰাৰম্ভিক খবৰ অনুসৰি, সতীশ কৌশিক হোলী উদযাপন কৰি গুৰুগ্ৰামলৈ গৈছিল আৰু তাতেই হঠাৎ অভিনেতাগৰাকী হৃদৰোগত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে । অভিনেতাগৰাকী বাহনেৰে গৈ থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হয় ৷ এনে পৰিস্থিতিত বাহনখন পোনপটীয়াকৈ ফৰ্টিছ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই অভিনেতাগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে (Satish Kaushik passes away)।

অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা আৰু শেষকৃত্য ক’ত হ’ব ?

জানিব পৰা মতে দিল্লীত মৰণোত্তৰ পৰীক্ষাৰ অন্তত অভিনেতাগৰাকীৰ মৃতদেহ মুম্বাইলৈ অনা হ’ব ৷ মুম্বাইতে বলিষ্ঠ অভিনেতাগৰাকীৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব । সম্প্ৰতি সতীশ কৌশিকৰ মৃতদেহ দিল্লীৰ দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আছে (Satish Kaushik Demise)।

সতীশ কৌশিকৰ মৃত্যুৰ পিচত বলীউডত এক গভীৰ শোকৰ ছাঁ পৰিছে ৷ বলীউডৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী আৰু পৰিচালেকে ইতিমধ্যেই সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । এদিন পূৰ্বে হোলী উদযাপন কৰা অভিনেতাগৰাকী হঠাৎ কেনেকৈ গুচি গ’ল তাকে লৈ হতভম্ব বলীউড জগত ৷ যিয়েই নহওক যশস্বী অভিনেতা সতীশ কৌশিকৰ আত্মাই চিৰশান্তি লাভ কৰক ।

লগতে পঢ়ক: Satish Kaushik passes away: সতীশ কৌশিকৰ মৃত্যুত শোক প্ৰকাশ বহু অভিনেতা-পৰিচালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.