ETV Bharat / entertainment

Sanjay Dutt Arshad Warsi:12 বছৰৰ মূৰত পুনৰ যুটি বান্ধিছে বলীউডৰ এই জনপ্ৰিয় যুটি

author img

By

Published : Jan 27, 2023, 12:48 PM IST

অভিনেতা সঞ্জয় দত্ত আৰু অৰ্শ্বাদ ৱাৰ্ছীয়ে আকৌ এবাৰ নতুন এটা প্ৰকল্পৰ বাবে সহযোগিতা কৰিবলৈ আগবাঢ়িছে । বৃহস্পতিবাৰে, অভিনেতা সঞ্জয় দত্তই তেওঁৰ ইনষ্টাগ্ৰামত ছবিখনৰ ফাৰ্ষ্ট-লুক প’ষ্টাৰ শ্বেয়াৰ কৰে (Sanjay Dutt Arshad Warsi film) । আহিবলগীয়া চলচ্চিত্ৰখন সিদ্ধান্ত সচদেৱে পৰিচালনা কৰিব আৰু দত্তই তেওঁৰ বেনাৰ থ্ৰী ডাইমেনচন মোচন পিকচাৰ্ছৰ জৰিয়তে প্ৰযোজনা কৰিব ।

Sanjay Dutt reunites with Arshad Warsi
সঞ্জয় দত্ত আৰু অৰ্শ্বাদ ৱাৰ্ছী আকৌ এবাৰ একেলগে

চিটাৰা ডেস্ক, 27 জানুৱাৰী : পুনৰ একেলগে ৰূপালী পৰ্দাত সঞ্জয় দত্ত আৰু অৰ্শ্বাদ ৱাৰ্ছী ৷ নতুন এটা প্ৰকল্পৰ বাবে বলীউডৰ এই জনপ্ৰিয় যুটি একত্ৰিত হৈছে (Sanjay Dutt Arshad Warsi film) ৷ বৰ্তমানলৈকে অৱশ্যে তেওঁলোকে অভিনয় কৰিবলৈ ওলোৱা ছবিখনৰ নাম থিৰাং হোৱা নাই ৷

আগন্তুক ছবিখনে এক দশকৰো অধিক সময়ৰ পাছত এই যুটিটোক পুনৰ একত্ৰিত কৰিছে । 2011 চনত মুক্তি পোৱা ইন্দ্ৰ কুমাৰৰ পৰিচালনাৰে ছবি ডাবল ধমালত শেষবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল ।

ৰাজকুমাৰ হিৰাণীৰ মুন্না ভাই ফ্ৰেঞ্চাইজিত ক্ৰমে মৰমিয়াল ডন মুন্না ভাই আৰু তেওঁৰ সহযোগী চাৰ্কিটৰ চৰিত্ৰত অসাধাৰণ অভিনয় কৰা দত্ত আৰু ৱাৰ্ছীয়ে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ নতুন প্ৰজেক্টৰ কথা ঘোষণা কৰে (Sanjay Dutt instagram) । ফাৰ্ষ্ট লুক পোষ্টাৰত সঞ্জয় আৰু অৰ্শ্বাদক কাৰাগাৰৰ ভিতৰত বন্দীৰ সাজ পৰিধান কৰি থকা দেখা গৈছে ।

তেওঁলোকৰ শিৰোনামহীন ছবিখনৰ ফাৰ্ষ্ট লুক ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি দত্তই লিখিছে, "আমাৰ অপেক্ষা আপোনালোকৰ তুলনাত বেছি আছিল, কিন্তু অপেক্ষা অৱশেষত শেষ হ'ল, মোৰ ভাইটি @arshad_warsi ৰ সৈতে একত্ৰিত হৈছো আন এখন ৰোমাঞ্চকৰ ছবিৰ বাবে...আপোনালোকক দেখুৱাবলৈ অপেক্ষা কৰিব নোৱাৰি, ষ্টে টিউনড্" ৷

সিদ্ধান্ত সচদেৱৰ নেতৃত্বত নিৰ্মিত এই এতিয়াও শিৰোনাম বিহীন ছবিখনৰ প্ৰযোজক সঞ্জয় দত্ত আৰু 2023 চনত ছবিখন ডাঙৰ পৰ্দাত মুক্তি পোৱাৰ কথা । অভিনেতা অৰ্শ্বাদ ৱাৰ্ছীয়েও পোষ্টাৰখন শ্বেয়াৰ কৰি কেপছনত লিখিছে, "অৱশেষত, এইটো ঘটিছে ! মোৰ ভাই @duttsanjay সৈতে লগ লাগি আন এখন মনোৰঞ্জনমূলক চলচ্চিত্ৰ লৈ আহিছো আৰু আমাৰ অপেক্ষা আপোনাৰ পেক্ষাততকৈ দীঘলীয়া হৈছে" ৷

পোষ্টাৰখন শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীয়ে ৰঙা হৃদয় আৰু জুইৰ ইম’টিকনেৰে কমেণ্ট ছেকচনটো ওপচাই পেলায় । "Yessss অৱশেষত আকৌ এবাৰ একেলগে আহি আছে শ্ৰেষ্ঠ যুটি," এজন অনুৰাগীয়ে মন্তব্য কৰে । আন এজন অনুৰাগীয়ে লিখিছে, "মুন্না এণ্ড চাৰ্কিট ৰিটাৰ্ণছ !" দত্ত আৰু ৱাৰ্ছী একেলগে উভতি অহাত উল্লাসিত হৈ আন এজন অনুৰাগীয়ে লিখিলে, "ব্লকবাষ্টাৰ জোড়ি" ৷

ইয়াৰ পূৰ্বে সঞ্জয় আৰু অৰ্শ্বাদ ৱাৰ্ছীয়ে মুন্না ভাই এমবিবিএছ আৰু লগে ৰাহো মুন্না ভাই ছবিত আইকনিক যুটি মুন্না ভাই আৰু চাৰ্কিটৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি আজিও অনুৰাগীৰ মাজত অসীম জনপ্ৰিয় হৈ আছে । দত্ত আৰু ৱাৰ্ছীৰ পুনৰ মিলনৰ বাহিৰে ছবিখনৰ সবিশেষ তথ্য লুকুৱাই ৰাখিছে নিৰ্মাতাসকলে ।

ইফালে, সঞ্জয় দত্তক পৰৱৰ্তী সময়ত দেখা যাব এখন sci-fi হৰৰ কমেডী ছবি দ্য ভাৰ্জিন ট্ৰি ত য’ত ছানী সিং, মৌনী ৰয় আৰু পলক তিৱাৰীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিব । আনহাতে অৰ্শ্বাদক শেহতীয়াকৈ অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ’ত প্ৰিমিয়াৰ হোৱা সংকলন ধাৰাবাহিক মডাৰ্ণ লাভ মুম্বাইত দেখা গৈছিল ।

লগতে পঢ়ক : Gadar2: ছানী দেউল-আমীশা পেটেলৰ 'গডাৰ' ৰ চিকুৱেল দেখিবলৈ পাব 11 আগষ্টত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.