ETV Bharat / entertainment

Salman Khan threat mail from Bishnoi revealed: মেইলত কি বুলি ভাবুকি প্ৰদান কৰিছিল লৰেন্স বিষ্ণৈ গেঙে ?

লৰেন্স বিষ্ণৈ গেঙে মেইলযোগে ভাবুকি প্ৰদান কৰিছে ছুপাৰষ্টাৰ ছলমান খানক ( Gangster Lawrence Bishnoi) ৷ মেইলত কি বুলি ভাবুকি প্ৰদান কৰিছিল লৰেন্স বিষ্ণৈ গেঙে ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

author img

By

Published : Mar 20, 2023, 8:55 PM IST

Salman Khans threat mail from Bishnoi revealed: Agli baar jhatka hi dekhne ko milega
লৰেন্স বিষ্ণৈ গেঙে মেইলযোগে ভাবুকি প্ৰদান কৰিছে ছুপাৰষ্টাৰ ছলমান খানক

চিটাৰা ডেস্ক, 20 মাৰ্চ: শনিবাৰে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে গেংষ্টাৰ লৰেন্স বিষ্ণৈ গেঙৰ পৰা মেইল যোগে লাভ কৰিছিল ভাবুকি (Lawrence Bishnoi)। ইয়াৰ পিচতে মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত বিষ্ণৈ, বিষ্ণৈৰ সহায়ক গোল্ডি ব্ৰাৰ আৰু আন এজন ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ ৷ ইফালে ছলমান খানৰ এগৰাকী বন্ধুৱে সম্প্ৰতি এই ভাবুকি মেইলসমূহৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে ।

ছলমান খানৰ বন্ধু প্ৰশান্ত গুঞ্জলকাৰে এই ভাবুকি মেইলসমূহ লাভ কৰাৰ পিচতে আৰক্ষীক খবৰ দিছিল । প্ৰশান্তৰ মতে, মেইলত গোল্ডি ব্ৰাৰে অভিনেতাজনক সুধিছিল যে অভিনেতাগৰাকীয়ে শেহতীয়াকৈ লৰেন্স বিষ্ণৈৰ সাক্ষাৎকাৰটো দেখিছে নেকি ? লগতে ছলমান খানক ক’লা হৰিণা হত্যা কৰাৰ বাবে ক্ষমা খুজিবলৈ কোৱা হৈছিল ৷ ছলমানে ক্ষমা নুখুজিলে ইয়াৰ পৰিণামৰ সন্মুখীন হ’বলৈ সাজু হ’বলৈ ভাবুকি প্ৰদান কৰিছিল (Salman Khans threat mail from Bishnoi revealed) ৷

মেইলত লিখা আছিল, "মেটাৰ ক্ল'জ কৰিব হ’লে কৈ দিয়ক, ফেচ টু ফেচ কথা পাতিব হ’লেও কৈ দিয়ক ৷ এতিয়া সময় আছে, সময় থাকোতেই জনাই দিছো ৷ আগলী বাৰ ঝাটকা হি দেখনে কো মিলেগা ।" এনেদৰে মেইলত ভাবুকি প্ৰদান কৰে লৰেন্স বিষ্ণৈৰ গেঙে ৷ অৱশ্যে বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে লৰেন্স বিষ্ণৈ ।

লৰেন্স বিষ্ণৈৰ বিৰুদ্ধে আইপিচিৰ ১২০-বি (ফৌজদাৰী ষড়যন্ত্ৰৰ শাস্তি), ৫০৬-II (ফৌজদাৰী ভয় ভাবুকিৰ শাস্তি) আৰু ৩৪ (সাধাৰণ উদ্দেশ্য) ধাৰাত গোচৰ ৰুজু কৰা হৈছে । মুম্বাই আৰক্ষীৰ মতে, ই-মেইলটো পৰীক্ষা কৰা হৈছে । ইয়াৰোপৰি বিগত বহু সময়ত অপৰাধীটোৱে তাৰকাগৰাকীক ভাবুকি প্ৰদান কৰি আহিছে । ২০১৮ চনত ক’লা হৰিণা হত্যাৰ গোচৰৰ বিচাৰ চলি থকাৰ সময়ত, লৰেন্স বিষ্ণৈয়ে কৈছিল যে ছলমান খানে বিষ্ণৈসকলক ক্ষুন্ন কৰিছিল ৷ বিষ্ণৈ সম্প্ৰদায়ত জীৱ-জন্তুক প্ৰেম আৰু শ্ৰদ্ধা কৰা হয় ৷ অৱশেষত অভিনেতাগৰাকীক এই অভিযোগৰ পৰা মুক্ত কৰা হয় ।

যোৱা বছৰৰ নৱেম্বৰ মাহত মহাৰাষ্ট্ৰ চৰকাৰে ছলমান খানক শেহতীয়াকৈ লৰেন্স বিষ্ণৈ গেঙে দিয়া ভাবুকিৰ প্ৰতি সঁহাৰি জনাই মুম্বাই আৰক্ষীয়ে ৱাই+ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল । দীৰ্ঘদিনৰে পৰা ছলমান খানৰ ব্যক্তিগত নিৰাপত্তা আছে । অভিনেতাগৰাকীৰ প্ৰাথমিক প্ৰহৰী গুৰমীত সিং ওৰফে শ্বেৰাই তেওঁক নিৰাপত্তা প্ৰদান কৰে ৷

লগতে পঢ়ক: Threat to Salman Khan: চলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.