চিটাৰা ডেস্ক, 19 জুন: বলীউডৰ অভিনেতা ছানী দেওলৰ পুত্ৰ কৰণ দেউলৰ দীৰ্ঘদিনীয়া প্ৰেমিকা দৃষ্টি আচাৰ্যৰ সৈতে ১৮ জুনত বিবাহপাশত আবদ্ধ হয় । ইতিমধ্যেই বিবাহৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দেওল পৰিয়ালে বিবাহ সম্পন্ন হোৱাৰ পিচত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰে, য’ত বলীউডৰ বহু তাৰকাই অংশগ্ৰহণ কৰে।
কৰণ দেউলৰ বিয়াৰ অভ্যৰ্থনাত উপস্থিত হ’ল ভাইজান
কৰণ দেউলৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ছুপাৰষ্টাৰ ছলমান খানে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল । অভিনেতাগৰাকীয়ে পাপাৰাজীৰ আগত পোজ দিয়ে, এই সময়চোৱাত সম্পূৰ্ণ নীলা ৰঙৰ চুট পৰিধান কৰা ছলমানক অত্যন্ত সুদৰ্শন দেখা গৈছিল । কিন্তু অভিনেতাজনৰ চেহেৰাতকৈও বেছি তেওঁৰ চকুৱে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল । অভিনেতাজনৰ ফুলি থকা চকুজুৰি দেখি চিন্তিত হৈ পৰে অনুৰাগী ।
অভিনেতাজনৰ ফুলি থকা চকুজুৰি দেখি অনুৰাগীসকল বিচলিত হৈ পৰে
ছলমান খানৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে । অভিনেতাগৰাকীৰ ফুলি থকা চকুজুৰি দেখি অনুৰাগীয়ে সুধিছে ভাইজানৰ কি হ’ল । একে সময়তে একাংশ অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে ছলমান খান অসুস্থ । ভিডিঅ’টোৰ ওপৰত মন্তব্য কৰি এজন ইউজাৰে লিখিছে, ‘ভাইজানৰ চকুত কি হৈছে’। আনজনে লিখিলে, ‘তেওঁৰ চকু দুটা ফুলি উঠা যেন লাগিছে। আশাকৰোঁ তেওঁ ভালেই আছে।’
বিগ-বছ শ্ব’ত চশমা পৰিধান কৰিছিল
উল্লেখ্য যে বৰ্তমান ছলমান খান ব্যস্ত হৈ পৰিছে জনপ্ৰিয় শ্ব’ বিগ বছত । যিটো ২০২৩ চনৰ ১৭ জুন তাৰিখৰ পৰা আৰম্ভ হৈছে । শ্ব’টোৰ প্ৰথম খণ্ডত তেওঁ চশমা পৰিধান কৰি চকুজুৰি লুকুৱাই ৰাখিছিল। এতিয়া অনুৰাগীয়ে তেওঁৰ এই ভিডিঅ’টো দেখি জল্পনা-কল্পনা কৰিছে যে তেওঁৰ চকু দুটা নিশ্চয় ফুলি উঠিছে, সেইবাবেই ছলমানে চশমা পৰিধান কৰিছিল ।
১৭ জুনৰ পৰা আৰম্ভ হৈছে বিগ বছ অ’টিটি ২ৰ ডিজিটেল সংস্কৰণ। ছলমান খানে আয়োজন কৰিছে বিগ বছ অ’টিটি ২। আৰু এইবাৰ পূজা ভাট, আলিয়া ছিদ্দিকী, ববিকা ধূৰভে, অভিষেক মালহান, আকাংক্ষা পুৰী, অবিনাশ সচদেৱ, চাইৰাছ ভৰোচা, ফালক নাজ, জাইদ হাদিদ, জিয়া শংকৰ, মনীষা ৰাণী, পলক পুৰষানী আৰু পুনীতক ছুপাৰষ্টাৰ হিচাপে দেখা গৈছে।
লগতে পঢ়ক: Karan Deol Wedding: বিবাহপাশত আৱদ্ধ হ’ল ছানী দেউলৰ পুত্ৰ কৰণ দেউল