চিটাৰা ডেস্ক, ২১ ছেপ্টেম্বৰ: বলীউডৰ ভাইজান নিজৰ কেৰিয়াৰত যিমান সফল, সিমানেই বিফল তেওঁৰ ব্যক্তিগত জীৱনত ৷ বলীউডৰ ছুপাৰষ্টাৰগৰাকীৰ প্ৰেম জীৱন আছিল বিতৰ্কৰে ভৰা ৷ সেয়েহে, প্ৰায়ে ছলমান খানে তেওঁৰ ব্যক্তিগত জীৱনকলৈয়ো লাইমলাইটত থাকে । এইবাৰ পুনৰ নিজৰ ব্যক্তিগত কাৰণত চৰ্চালৈ আহিছে ছুপাৰষ্টাৰগৰাকীৰ ৷ আচলতে ছলমান খানৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ প্ৰাক্তন প্ৰেমিকা ছমী আলীয়ে ।
শেহতীয়াকৈ ছমী আলীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ছলমান খানৰ বিৰুদ্ধে এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ এই পোষ্টটোত ছমী আলীয়ে ছলমান আৰু তেওঁৰ পিতৃ ছেলিম খানৰ বিষয়ে বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ।
ছলমানৰ বিৰুদ্ধে ছমী আলীয়ে বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে
ছমীয়ে নিজৰ পোষ্টটোত লিখিছে, ‘‘ছলমান খান, তুমি মোৰ পৰা সকলো কাঢ়ি লৈ গ’লা । তুমি ঠিক তোমাৰ দেউতাকৰ দৰেই, যিয়ে তোমাৰ মাক বহু বছৰ মাৰপিট কৰিছিল আৰু তুমি মাত্ৰ চাই আছিলা । এয়া বৰ দুখৰ কথা । পুত্ৰ হিচাপে মাককো সহায় কৰিব পৰা নাই ৷ আনকি দেউতাকক নিজৰ আদৰ্শ বুলি গণ্য কৰি লৈছা ।’’
কেটৰিণাৰ বিষয়েও এই কথা ক’লে
ইয়াৰ উপৰিও ছলমান খানৰ প্ৰেমিকাকলৈয়ো ছমীয়ে কৈছে । ছমীয়ে কেটৰিণাৰ বিষয়ে লিখিছে, ‘‘আপুনি আগতে আপোনাৰ সকলো প্ৰেমিকাক মাৰপিট কৰিছিল । মোলৈ এবাৰ কেটৰিণা কাইফৰ ফোন আহিছিল। এই সকলোবোৰ কথা মই মোৰ আত্মজীৱনীত লিখিম ।’’ ইয়াৰ উপৰিও ছমীয়ে ছলমানক নিৰক্ষৰ বুলিও অভিহিত কৰিছে । ছমীয়ে আৰু লিখিছে যে ‘‘বুঢ়া, তোমাৰ সময় শেষ হ’বলৈ হৈছে । আল্লাহে তোমাক ঘৃণা কৰে । ১৭ বছৰীয়া ছোৱালী এজনীৰ শান্তি কাঢ়ি লৈ গ’লা তুমি ।’’
ছলমান-ছমীৰ সম্পৰ্ক বেছি দিন টিকি নাথাকিল
এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও ছমী আলীয়ে ছলমান খানৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । উল্লেখ্য যে এটা সময়ত পাকিস্তানী অভিনেত্ৰী ছমী আলী আৰু ছলমান খানে ইগৰাকীয়ে সিগৰাকীক ডেট কৰিছিল ৷ কিন্তু তেওঁলোকৰ সম্পৰ্ক বেছি দিন নাথাকিল আৰু দুয়োৰে মাজত বিচ্ছেদ ঘটে । ব্ৰেকআপৰ ইমান বছৰৰ পাচতো ছমী আলীয়ে মাজে মাজে ছুপাৰষ্টাৰগৰাকীক দোষ দি বহু কথা প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে ।