ETV Bharat / entertainment

Salman khan: ৰহস্যময়ী যুৱতীৰ সৈতে ছলমানৰ পোষ্ট; অনুৰাগীয়ে ভাবিছে বিয়া পাতিলে নেকি ভাইজানে ? - ৰহস্যময়ী যুৱতীৰ সৈতে ভাইজানৰ পোষ্ট

শেহতীয়াকৈ ছলমান খানে এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে ৷ অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে ফটোখন ৷ ইয়াৰ পিচতে যুৱতীগৰাকীৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰে অনুৰাগী ৷

Salman Khan shares a Posts With Mystery Girl, Fans Ask 'Bhai Ne Shaadi Karli Kya'
ৰহস্যময়ী যুৱতীৰ সৈতে ছলমানৰ পোষ্ট
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 3:48 PM IST

চিটাৰা ডেস্ক, 8 অক্টোবৰ: বলীউডৰ ভাইজান ছলমান খানৰ বয়স বৰ্তমান 57 বছৰ ৷ কিন্তু এই পৰ্যন্ত ভাইজানে কাকো নিজৰ জীৱন সংগী হিচাপে লোৱা নাই ৷ সেয়েহে, ছলমান খানক যিকোনো অভিনেত্ৰীৰ লগত দেখিলে অনুৰাগীৰ মনত তেওঁৰ বিবাহ সম্পৰ্কীয় বহু প্ৰশ্নৰ উদয় হয় । শেহতীয়াকৈ ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এখন ছবি পোষ্ট কৰিছে, য’ত তেওঁক দেখা গৈছে এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে । ছবিখনত ৰহস্যময়ী যুৱতীগৰাকীৰ সৈতে ছলমান খানক দেখি ৰোমাঞ্চিত হৈ পৰিছে ছুপাৰষ্টাৰগৰাকীৰ অনুৰাগীসকল । অভিনেতাগৰাকীয়ে সদায় নিজৰ ছবি, মঞ্চ শ্ব’ আৰু বিজ্ঞাপনৰ লগতে ছ’চিয়েল মিডিয়াত পোষ্টৰ জৰিয়তে বাতৰিৰ শিৰোনাম দখল কৰে ।

এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে ছবি পোষ্ট কৰিছে ছলমানে

অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক চোৰাংচোৱা একচন-থ্ৰিলাৰ টাইগাৰ ৩ৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছে । শেহতীয়াকৈ এই ছবিখনৰ টিজাৰ মুকলি কৰা হৈছে । ইয়াৰ পিচতে অনুৰাগীৰ মাজত এই ছবিখনকলৈ আৰু অধিক বৃদ্ধি পাইছে উত্তেজনা ৷ এতিয়া শেহতীয়াকৈ ছলমানে এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে এখন ছবি পোষ্ট কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ তেওঁৰ পোষ্টটোত নেটিজেনৰ পৰা হাস্যকৰ মন্তব্য লাভ কৰিছে ।

ছলমানে লিখিছে- হৃদয়ৰ এটুকুৰা শ্বেয়াৰ কৰিছো

টাইগাৰ ৩ৰ অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰা ফটোখনৰ কেপচন দিছে, ‘‘মই আপোনাক সদায় সমৰ্থন কৰিম ।’’ ছলমান খানৰ ভাইৰেল ছবিখনে নেটিজেনৰ পৰা হাস্যকৰ মন্তব্য লাভ কৰিছে । ফটোখনত ছলমান আৰু কেমেৰাৰ ফালে পিঠি থকা মিষ্ট্ৰী গাৰ্ল গৰাকীক বগা ব্লেজাৰ আৰু মেচিং পেণ্ট পৰিধান কৰা দেখা গৈছে । ছবিখনত এটা বাৰ্তা লিখা আছিল, ​​মোৰ হৃদয়ৰ এটুকুৰা শ্বেয়াৰ কৰি আছো কাইলৈ ।

অনুৰাগীয়ে পোষ্টটোত ধেমেলীয়া মন্তব্য কৰিবলৈ আৰম্ভ কৰে

অনুৰাগীয়ে এই পোষ্টটো দেখাৰ পিচতে হাস্যকৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ভাবী নেকি ? আন এজন অনুৰাগীয়ে মন্তব্য কৰিছে, ভাবী জান । এজন নেটিজেনে লিখিছে, ভাইজানৰ বিয়া হৈছে নেকি ? ইফালে আব্দু ৰ’জিকে ক’লে- বৰ ৰোমান্টিক । কিছুমান অনুৰাগীয়ে ভাগিনী আলিজেহ অগ্নিহোত্ৰী বুলি মন্তব্য কৰিছে । আলিজেহ ছলমানৰ ভগ্নী আলবিৰা আৰু অতুল অগ্নিহোত্ৰীৰ কন্যা । ইফালে আলিজেহে ‘ফেৰে’ ছবিখনৰে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ৷ ছবিখন পৰিচালনা কৰিছে সৌমেন্দ্ৰ পাধিয়ে ।

টাইগাৰ ৩ ত দেখা যাব ছলমান খানক

ইফালে ছলমানক দেখা যাব YRF ৰ টাইগাৰ ৩ ছবিখনত, য’ত কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে । চোৰাংচোৱা একচন ছবিখনত পাঠানৰ ৰূপত বিশেষ এণ্ট্ৰি কৰিব শ্বাহৰুখ খানে ।

লগতে পঢ়ক: Bigg Boss 17: ড্ৰাগছৰ গোচৰত ভাৰতৰ পৰা পলায়ন কৰা এইগৰাকী অভিনেত্ৰীক দেখা যাব বিগ বছত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.