ETV Bharat / entertainment

Diwali Bash: ৰমেশ তৌৰাণীৰ দীপাৱলী পাৰ্টিত ছলমানৰ পৰা কেটৰিণা কাইফলৈকে উপস্থিত এইসকল তাৰকা

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:03 AM IST

মুম্বাইত অনুষ্ঠিত দীপাৱলী পাৰ্টিত দেখা গ’ল ছলমান খান, কেটৰিণা কাইফ, অনিল কাপুৰ, সিদ্ধাৰ্থ মালহোত্ৰা, ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিছৌজাকে ধৰি বহুকেইগৰাকী বলীউডৰ চেলিব্ৰিটিক । ইয়াত চাওক ভিডিঅ’ ৷

Salman Khan, Katrina Kaif, Anil Kapoor, Siddharth Malhotra and other celebs ethnic wear as she attended Ramesh Taurani Diwali Bash, watch video
ৰমেশ তৌৰাণীৰ দীপাৱলী পাৰ্টিত তাৰকাৰ মেলা

চিটাৰা ডেস্ক, 8 নৱেম্বৰ: দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ইফালে এতিয়াৰে পৰা বলীউডত আৰম্ভ হৈছে দীপাৱলীৰ উদযাপন । শেহতীয়াকৈ বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই আয়োজন কৰিছিল দীপাৱলীৰ পাৰ্টিৰ, য’ত উপস্থিত হৈছিল বলীউডৰ বহু তাৰকা ৷ মনীষ মালহোত্ৰাৰ পিচত এইবাৰ প্ৰযোজক ৰমেশ তৌৰাণীয়ে চেলিব্ৰিটিসকলৰ বাবে আয়োজন কৰিছে দীপাৱলী পাৰ্টিৰ । এই পাৰ্টিত ছলমান খান, কেটৰিণা কাইফ, ৰিতেশ দেশমুখ, জেনিলিয়া ডিছুজা, অনিল কাপুৰ, সিদ্ধাৰ্থ মালহোত্ৰা, বৰুণ ধাৱান, গোবিন্দাকে ধৰি বহু তাৰকাই নিজৰ শ্ৰেষ্ঠ সাজ-পোছাক পৰিধান কৰি পাৰ্টিত উপস্থিত হয় ।

ৰমেশ তৌৰাণীৰ দীপাৱলী পাৰ্টিত ষ্টাইলিছ লুকত উপস্থিত হয় বলীউডৰ ভাইজান ছলমান খান । যদিও পাৰ্টিত আন বলীউডৰ তাৰকাসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি উপস্থিত হৈছিল, কিন্তু ভাইজানে কেজুৱেল লুক বাছি লৈছিল পাৰ্টিৰ বাবে ৷ য’ত তেওঁ পৰিধান কৰিছিল হালধীয়া ৰঙৰ চাৰ্টৰ সৈতে বেইজ ৰঙৰ ট্ৰাউজাৰ । এই সময়চোৱাত ‘টাইগাৰ’ৰ তাৰকাগৰাকীয়ে পাপাৰাজীৰ বাবে নিজৰ ষ্টাইলত পোজ দিয়ে ।

ইফালে টাইগাৰৰ জোয়াও উপস্থিত থাকে পাৰ্টিত । কেটৰিণা কাইফে বহুৰঙী লেহেংগা পৰিধান কৰিছিল, যিটো তেওঁ কফি ব্ৰাউন দীঘল হাতৰ টপ আৰু গধুৰ ব’ৰ্ডাৰ আৰু চেকুইনৰ কামৰ সৈতে মেচিং ওৰণিৰে যোৰ কৰিছিল । আনহাতে, বলীউডৰ অভিনেতা অনিল কাপুৰক দীঘলীয়া অফ-হোৱাইট ফুলৰ প্ৰিণ্টেড কুৰ্তা পৰিধান কৰি পাৰ্টিত উপস্থিত হোৱা দেখা গৈছিল । অভিনেতাগৰাকীয়ে মেচিং অফ-হোৱাইট পায়জামা আৰু নীলা ৰঙৰ চেণ্ডেলৰ সৈতে কুৰ্তাৰ যোৰ কৰিছিল । এই সময়চোৱাত তেওঁ কেটৰিণা কাইফক সাৱটি ধৰি দীপাৱলীৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হয় ।

সিদ্ধাৰ্থ মালহোত্ৰা-বৰুণ ধাৱান

আনহাতে, সিদ্ধাৰ্থ মালহোত্ৰাক দেখা গ’ল তেওঁৰ সুন্দৰী পত্নী-অভিনেত্ৰী কিয়াৰা আদৱানীৰ অবিহনে পাৰ্টিত । পাৰ্টিত তেওঁৰ প্ৰথম ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰৰ সহ অভিনেতা বৰুণ ধাৱানৰ সৈতে যোগদান কৰে । এই সময়চোৱাত ক’লা কুৰ্তা-পাইজামা পৰিধান কৰা সিদ্ধাৰ্থক হেণ্ডচাম দেখা গৈছিল আৰু আকাশ নীলা ৰঙৰ কুৰ্তাত বৰুণকো কোনো গুণে সিদ্ধাৰ্থতকৈ কম লগা নাছিল ।

ৰিতেশ আৰু জেনেলিয়া

এই পাৰ্টিত দেখা গ’ল বলীউডৰ মৰমলগা দম্পতী ৰিতেশ দেশমুখ আৰু জেনিলিয়া ডিছুজাক । দুয়োগৰাকীয়ে বগা ৰঙৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি উপস্থিত হৈছিল পাৰ্টিত ৷ পাপাৰাজীৰ বাবেও পোজ দিছিল ৰিতেশ-জেনিলিয়াই । ইয়াৰ উপৰিও পূজা হেগড়ে, নুশ্ৰত ভাৰুচা, গোবিন্দাৰ পৰিয়াল, ছাৰা আলী খানৰ ভাতৃ ইব্ৰাহিমকে ধৰি বহু তাৰকাকে পাৰ্টিত দেখা গৈছিল ।

লগতে পঢ়ক: Diwali Party: দীপাৱলী পাৰ্টিত তাৰকাৰ মেলা, ছলমান, ঐশ্বৰ্য, গৌৰী, নীতা আম্বানীকে ধৰি দেখা গ’ল এইসকল তাৰকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.