ETV Bharat / entertainment

India vs Pakistan World Cup 2023: এঘাৰ জনেই বাঘ; ভাৰতীয় দললৈ ছলমান খানৰ শুভেচ্ছা

আইচিচি বিশ্বকাপ ২০২৩ৰ ভাৰত পাকিস্তানৰ মেচৰ সময়ত ছলমান খানে টিম ইণ্ডিয়ালৈ শুভেচ্ছা প্ৰেৰণ কৰে । আহমেদাবাদত চলি থকা ভাৰত বনাম পাকিস্তান বিশ্বকাপ ২০২৩ৰ খেলৰ সময়ত টাইগাৰ ৩ ৰ প্ৰচাৰৰ বাবে অহা ছলমানে কয় যে সকলো খেলুৱৈয়েই ‘টাইগাৰ’ ৷ নিজৰ মাটিত পাকিস্তানৰ বিৰুদ্ধে খেলা টিম ইণ্ডিয়াক খেল পথাৰৰ বাহিৰ হোৱাকৈ বল কোবাবলৈ আহ্বান বলীউডৰ ভাইজানৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 6:43 PM IST

Salman Khan
Salman Khan

হায়দৰাবাদ, 14 অক্টোবৰ: আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত চলি থকা বিশ্বকাপ ২০২৩ৰ ভাৰত বনাম পাকিস্তানৰ মেচৰ সময়ত ছুপাৰষ্টাৰ ছলমান খানে তেওঁৰ আগন্তুক ছবি টাইগাৰ ৩ৰ প্ৰচাৰ কৰে । খানে নিজৰ ছবিখনৰ প্ৰচাৰৰ বাবে এটা স্প’ৰ্টছ চেনেলৰ ষ্টুডিঅ’লৈ গৈছিল । টাইগাৰ ৩ প্ৰমোচনৰ সময়ত ছুপাৰষ্টাৰগৰাকীয়ে টিম ইণ্ডিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰে ।

Vicky Kaushal
বিকি কৌশলৰ ছেম বাহাদুৰ

ভাৰত বনাম পাকিস্তানৰ খেলখন হৈছে ২০২৩ চনৰ বিশ্বকাপৰ সময়ত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত মেচসমূহৰ ভিতৰত অন্যতম । ভাৰত বনাম পাকিস্তানৰ মেচখনৰ প্ৰত্যক্ষ আৰু টিভিৰ সমুখত বহি চাই থকা দৰ্শকক অৱগত কৰিবলৈ আহিবলগীয়া বলীউড ছবিৰ কেইবাজনো নিৰ্মাতাই এই সময়ছোৱাত নিজৰ ছবিখনৰ প্ৰচাৰৰ সুযোগ গ্ৰহণ কৰে ।

ছলমান খানৰ টাইগাৰ ৩, কংগনা ৰানাৱটৰ তেজস আৰু বিকি কৌশল অভিনীত ছেম বাহাদুৰৰ দল ভাৰত বনাম পাকিস্তান বিশ্বকাপ ২০২৩ৰ খেলৰ সময়ত প্ৰমোচনৰ বাবে অহা দেখা যায় ।

Kangana Ranaut
কংগনাৰ তেজস

টাইগাৰ ৩ৰ প্ৰচাৰৰ সময়ত ছলমানে ষ্টুডিঅ’ত হৰভজন সিং, প্ৰজ্ঞান ওঝা, মহম্মদ কাইফ আৰু এছ শ্ৰীসন্তৰ সৈতে মত বিনিময় কৰা দেখা যায় ৷ ছলমানে টিম ইণ্ডিয়ালৈ শুভেচ্ছা দি কয়, “চাপ যথেষ্ট বেছি হ’ব, আপোনালোক ওলাই যাব লাগে আৰু । ষ্টেডিয়ামৰ বাহিৰ হোৱাকৈ মাৰক ।" যেতিয়া প্ৰজ্ঞানে দলত কাক "বাঘ" বুলি গণ্য কৰে বুলি সুধিলে, খানে উত্তৰ দিলে, "গ্যাৰহ কে গ্যাৰহ বাঘ হায় ।"

বৰ্তমান দেশে আইচিচি বিশ্বকাপ ২০২৩ৰ জ্বৰত ভুগি থকাৰ সময়তে কংগনা ৰানাৱট অভিনীত ছবি তেজস আৰু বিকি কৌশলৰ ছেম বাহাদুৰেও চলি থকা আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপত ভাৰত বনাম পাকিস্তানৰ মেচত নিজৰ ছবিৰ প্ৰচাৰৰ সুযোগ গ্ৰহণ কৰিব ৷

Salman Khan
চলমানৰ টাইগাৰ 3

ছেম বাহাদুৰ আৰু তেজস, দুয়োখন ছবিৰ প্ৰযোজনা ৰনি স্ক্ৰুভালাৰ বেনাৰ আৰ এছ ভি পি মুভিজৰ । নিৰ্মাতাসকলে তেজসৰ এক শক্তিশালী টিজাৰ দিব যদিও ভাৰত বনাম পাকিস্তানৰ খেলৰ সময়ত সমগ্ৰ ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত ছেম বাহাদুৰৰ টিজাৰ প্ৰচাৰ কৰা হ’ব ।

আগন্তুক ছবি তেজসত বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হোৱা কংগনাই ইয়াৰ পূৰ্বে ভাৰত বনাম আফগানিস্তানৰ প্ৰি-মেচৰ সময়ত নিজৰ আগন্তুক ছবিখনৰ প্ৰচাৰৰ বাবে ওলাই আহিছিল । এই অনুষ্ঠানত অভিনেতাৰীগৰাকীয়ে ভাৰতীয় বায়ুসেনাৰ মহিলা যুঁজাৰু পাইলটৰ সাজ-পোছাক পৰিধান কৰি চিনেমাখনত কেতিয়াও দেখা নোপোৱা ৰূপত আহিব বুলি নিশ্চয়তা প্ৰদান কৰিছিল ।

লগতে পঢ়ক: Ind vs Pak World Cup 2023 : অৰিজিত সিঙৰ কণ্ঠৰ যাদুত মোহাচ্ছন্ন দৰ্শক; ধোনীয়েও মিলালে তাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.