ETV Bharat / entertainment

Tiger 3 Trailer: ছলমান-কেটৰিণাৰ ‘টাইগাৰ ৩’ৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা

অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ছলমান খানৰ ছবি টাইগাৰ ৩ ৰ বাবে । শেহতীয়াকৈ মুকলি হৈছিল ছবিখনৰ টিজাৰ আৰু এতিয়া অতি সোনকালে মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 5:00 PM IST

Salman Khan and Katrina Kaif's Tiger 3 trailer to release on THIS date
টাইগাৰ ৩ ৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 4 অক্টোবৰ: বলীউডৰ ভাইজান ছলমান খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি হৈছে ‘টাইগাৰ ৩’ । অনুৰাগীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ভাইজানৰ এই ছবিখনৰ বাবে । কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে সকলোৰে অপেক্ষাৰ শীঘ্ৰেই অন্ত পৰিব ৷ কিয়নো দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি পাব এই ছবিখন । শেহতীয়াকৈ ছলমান খানে টাইগাৰ ৩ ৰ টিজাৰ মুকলি কৰিছিল আৰু এতিয়া ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখো প্ৰকাশ পাইছে । যশ ৰাজ ফিল্মছে ছ’চিয়েল মিডিয়াত টাইগাৰ ৩ ৰ ট্ৰেইলাৰ সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছে ।

টাইগাৰ ৩ হৈছে YRF ৰ স্পাউ ইউনিভাৰ্চৰ এখন ছবি । তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে – টাইগাৰ ৩ ৰ ট্ৰেইলাৰ ১৬ অক্টোবৰত গৰ্জন কৰিবলৈ সাজু হৈছে । দীপাৱলীত ছবিগৃহত মুক্তি পাব টাইগাৰ ৩ । হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পাব ছবিখন ।

উল্লেখনীয় যে, ২৭ ছেপ্টেম্বৰত মুকলি কৰা হৈছিল টাইগাৰ ৩ ৰ টিজাৰ । য’ত ছলমানৰ শক্তিশালী ৰূপ দেখা পোৱা গৈছিল । ছলমান খানে টিজাৰত কৈছিল- ‘‘মোৰ নাম অবিনাশ সিং ৰাথোৰ । কিন্তু আপোনালোক সকলোৰে বাবে মই টাইগাৰ । ভাৰতৰ সুৰক্ষাৰ বাবে মই মোৰ জীৱনৰ ২০ বছৰ দিলো । বিনিময়ত মই একো বিচৰা নাছিলো ৷ কিন্তু আজি মই বিচাৰিছো ৷ আজি আপোনালোক সকলোকে কোৱা হৈছে যে টাইগাৰ আপোনাৰ শত্ৰু । টাইগাৰ এজন দেশদ্ৰোহী । টাইগাৰ এক নম্বৰ শত্ৰু ৷ গতিকে ২০ বছৰ ভাৰতৰ সেৱা কৰাৰ পিচত মোৰ চৰিত্ৰৰ প্ৰমাণ পত্ৰ বিচাৰিছো । মই নহয় ভাৰতে মোৰ সন্তানক ক’ব তেওঁৰ পিতৃ কোন আছিল । দেশদ্ৰোহী বা দেশপ্ৰেমিক ? যদি মই জীয়াই থাকো তেন্তে মই পুনৰ আপোনালোকৰ সেৱাত উপস্থিত থাকিম, নহ’লে জয় হিন্দ ।’’

টাইগাৰ ৩ ৰ কথা ক’বলৈ গ’লে ছলমান খানৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীক । ছবিখনত ইমৰাণক নেতিবাচক চৰিত্ৰত দেখা যাব । ছবিখন পৰিচালনা কৰিছে মনীষ শৰ্মাই ।

লগতে পঢ়ক: Tiger Nageswara Rao Trailer: টাইগাৰ নাগেশ্বৰ ৰাওৰ শক্তিশালী ট্ৰেইলাৰ মুকলি, একচন অৱতাৰত ৰবি তেজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.