ETV Bharat / entertainment

Rocky Aur Rani Ki Prem Kahani Teaser: মুকলি হ’ল ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ৰ টিজাৰ

author img

By

Published : Jun 20, 2023, 12:49 PM IST

আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ বহু প্ৰত্যাশিত ছবি ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ৰ টিজাৰ মুক্তি লাভ কৰিলে । ২৮ জুলাইত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

Rocky Aur Rani Kii Prem Kahaani teaser: Ranveer Singh, Alia Bhatt's chemistry shines through quirky love story
ৰকি অৰ ৰাণী কি প্ৰেম কাহানীৰ টিজাৰ

চিটাৰা ডেস্ক, 20 জুন: আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ বহু প্ৰত্যাশিত ছবি ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ৰ টিজাৰ মুকলি । এই কেইছেকেণ্ডৰ টিজাৰ চোৱাৰ পিচত ছবিখনক লৈ অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে । আলিয়া আৰু ৰণবীৰৰ কেমিষ্ট্ৰী দেখা পোৱা গৈছে টিজাৰত । একে সময়তে টিজাৰৰ পৰা অনুমান কৰিব পাৰি যে ছবিখনৰ কাহিনীও শক্তিশালী হ’ব । ছবিখনৰ টিজাৰ ৰণবীৰ, আলিয়া আৰু কৰণ জোহৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত মুকলি কৰিছে, যিটো অতি কম সময়ৰ ভিতৰত ভাইৰেল হৈ পৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

টিজাৰ মুকলি

মাত্ৰ কেইছেকেণ্ডমানৰ টিজাৰত দেখুওৱা হৈছে এই ছবিখনত ৰকি আৰু ৰাণীৰ প্ৰেম কাহিনী । এই প্ৰেম কাহিনী এতিয়া কেনেকুৱা হ’ব, সেয়া ছবিখন চোৱাৰ পিচতহে গম পোৱা যাব, যাৰ বাবে আপুনি ২৮ জুলাইলৈ অপেক্ষা কৰিব লাগিব । টিজাৰত ৰণবীৰ আৰু আলিয়াৰ ৰোমাঞ্চৰ মাজত মনোমালিন্য় হোৱা দেখা যায় ৷ ইয়াৰ পিচত আলিয়াক দেখা যায় কইনাৰ সাজত । আনহাতে ছবিখনৰ বিলাসী চেট আৰু উৎকৃষ্ট সাজ-পোছাক আৰু টিজাৰ দেখি অনুমান কৰিব পাৰি যে ছবিখনৰ কাহিনী অতি শক্তিশালী হ’ব ।

এদিন আগতে ঘোষণা কৰিছিল টিজাৰ মুকলিৰ কথা

ৰণবীৰ, আলিয়া আৰু কৰণ জোহৰে টিজাৰ মুক্তিৰ এদিন পূৰ্বে নতুন পোষ্টাৰেৰে ছবিখনৰ টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছিল । ৰণবীৰে ইনষ্টাগ্ৰামত লিখিছে- আমি সোনকালে প্ৰেমৰ বতৰত প্ৰৱেশ কৰিবলৈ ওলাইছো । কাইলৈ ​​মুক্তি পাব ৰকি অৰ ৰাণী কি প্ৰেম কাহিনীৰ টিজাৰ আৰু অহা ২৮ জুলাইত ছবিখন ছবিগৃহত মুক্তি পাব ।’ উল্লেখ্য যে, আলিয়া আৰু ৰণবীৰ সিঙৰ বাহিৰেও এই ছবিখনত দেখা যাব ধৰ্মেন্দ্ৰ, জয়া বচ্চন, শবানা আজমী, ৰনিত ৰায়, অৰ্জুন বিজলানী, ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াক । এই ছবিখন পৰিচালনা কৰিছে কৰণ জোহৰে ৷

লগতে পঢ়ক: Adipurush box office collection day 3: আদিপুৰুষে মুক্তিৰ তিনিদিনতে গঢ়িলে এই অভিলেখ, ভংগ কৰিলে পাঠানকে ধৰি এই ছবিবোৰৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.