ETV Bharat / entertainment

RRKPK Box Office Day 10: আলিয়া-ৰণবীৰৰ ছবিখনে বক্স অফিচত পাৰ কৰিছে ১০০ কোটি টকা

author img

By

Published : Aug 7, 2023, 11:36 AM IST

ৰকি আৰু ৰাণী কি প্ৰেম কাহানীৰ মুক্তিৰ ১০ দিন পাৰ হৈ গ’ল । সপ্তাহটোৰ বাকী দিনত ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিব নোৱাৰিলেও, কিন্তু উইকেণ্ডত ৰণবীৰ সিং আৰু আলিয়া ভাটৰ অভিনীত ছবিখনে ১০০ কোটিৰ সীমা অতিক্ৰম কৰি উইকেণ্ডত উৎকৃষ্ট ব্যৱসায় কৰিছে ।

Rocky Aur Rani Kii Prem Kahaani' box office collection Day 10: Alia-Ranveer film crosses Rs 100 crore
ৰকি অৰ ৰাণী কি প্ৰেম কাহানী বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 7 আগষ্ট : কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত ছবি ৰকি অৰ ৰাণী কি প্ৰেম কাহানী ২৮ জুলাইত মুক্তি পালে ছবিগৃহত । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাট আৰু ৰণবীৰ সিঙে । ১১ কোটি টকাৰে বক্স অফিচত খাতা খুলিছিল ছবিখনে ৷

এই পাৰিবাৰিক নাটক ছবিখনে প্ৰথম উইকেণ্ডত এক ডাঙৰ ব্যৱসায় কৰিছিল । যদিও, শ্বাবানা আজমী, ধৰ্মেন্দ্ৰ আৰু জয়া বচ্চনৰ অভিনীত ছবিখনে দেওবাৰৰ দিনটোত বক্স অফিচত দেখুৱাইছে ভাল ফলাফল ৷ ছবিখনে ভাৰতীয় বক্স অফিচত ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছে ।

১০০ কোটি পাৰ কৰিলে ৰকি অৰ ৰাণী কি প্ৰেম কাহানী ছবিখনে

‘এ দিল হে মুছকিল’ মুক্তি পোৱাৰ ৭ বছৰৰ পাচত কৰণ জোহৰে ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ ছবিৰে পৰিচালনাৰ ৰূপত পুনৰ প্ৰত্যাৱৰ্তন কৰিছে । ৰণবীৰ সিং আৰু আলিয়া ভাটৰ অভিনীত ছবিখনে বক্স অফিচত যিধৰণৰ ফলাফল দেখুৱাইছে, তাৰ পৰা কৰণ জোহৰৰ পৰিচালকৰ কামবেক সফল আছিল বুলি ক’লে ভুল নহ’ব ।

শনিবাৰে প্ৰায় ১১.৫ কোটি টকাৰ ব্যৱসায় কৰা ছবিখনে দেওবাৰে এটা দিনত মুঠ প্ৰায় ১৩.৮২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । বিশ্বজুৰি ছবিখনে ইতিমধ্যে ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছিল ।

এতিয়া ভাৰততো এই ছবিখনে ১০ দিনৰ ভিতৰতে ১০০ কোটিৰো অধিক ব্যৱসায় কৰিছে । ঘৰুৱা বক্স অফিচত এতিয়ালৈকে ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ ছবিখনৰ মুঠ উপাৰ্জন হৈছে ১০৫.৪ কোটি টকাল ।

ৰণবীৰ-আলিয়াৰ ছবিখন বিশ্বজুৰি ২০০ কোটি টকাৰ পৰা ইমান দূৰত্বত আছে

ভাৰতত ৰকি অৰ ৰাণী কি প্ৰেম কাহানীৰ বক্স অফিচ সংগ্ৰহত উত্থান ঘটিছে যদিও ইয়াৰ বাহিৰেও ছবিখনে বিশ্বজুৰি বহুত ভাল ব্যৱসায় কৰি থকা দেখিবলৈ পোৱা গৈছে । এই ছবিখনে বিশ্বজুৰি ২০০ কোটি টকা উপাৰ্জন কৰিবলৈ মাত্ৰ অলপ দূৰত ।

বিশ্বব্যাপী ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ছবিখনে মুঠ উপাৰ্জন ১৮০.১ কোটি টকা স্পৰ্শ কৰিছে । অৱশ্যে আগন্তুক তিনিদিনত ছবিখনৰ ব্যৱসায়ত কিছু বাধা আহিব পাৰে, কিয়নো অহা ১১ আগষ্টত ডাঙৰ পৰ্দাত মুক্তি পাব ছানী দেওলৰ গদৰ ২ আৰু অক্ষয় কুমাৰৰ অহ মাই গড ২ (অ’এমজি ২)।

লগতে পঢ়ক: RARKPK BO Collection Day 2: ৰণবীৰ-আলিয়াৰ ছবি ৰকি অৰ ৰাণী কি প্ৰেম কাহানীৰ দ্বিতীয় দিনাৰ উপাৰ্জন কিমান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.