ETV Bharat / entertainment

Release of 'Rocky Aur Rani Ki Prem Kahani': পিছুৱালে Rocky Aur Rani Ki Prem Kahani মুক্তিৰ তাৰিখ

ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে ৷ কৰণ জোহৰৰ পৰিচালনাৰে আহিবলগীয়া 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী' ছবিখন এতিয়া 28 জুলাইত ছবিগৃহত মুক্তি দিয়া হ’ব ।

author img

By

Published : Feb 2, 2023, 4:37 PM IST

Rocky Aur Rani Ki Prem Kahani
ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী

চিটাৰা ডেস্ক, 2 ফেব্ৰুৱাৰী : ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ছবি ‘Rocky Aur Rani Ki Prem Kahani’ ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে আৰু এতিয়া চলিত বৰ্ষৰ 28 জুলাইত ছবিগৃহত মুক্তি দিয়া হ’ব ছবিখন ।

বিগত বছৰৰ 13 নৱেম্বৰত বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা-প্ৰযোজক কৰণ জোহৰে ঘোষণা কৰিছিল যে ‘Rocky Aur Rani Ki Prem Kahani’ এই বছৰৰ 28 এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিব ৷ এতিয়া ‘Ae Dil Hai Mushkil’ৰ পিছত ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীৰে পুনৰ পৰিচালনাৰ ক্ষেত্ৰলৈ ঘূৰি অহা কৰণে বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰে ।

কৰণে ইনষ্টাগ্ৰামত লিখিছে- "তেওঁলোকে কয় যে সবৰ কা ফল মিঠা হোতা হে', গতিকে এই অবিশ্বাস্যভাৱে বিশেষ কাহিনীটোৰ মিঠা অনুভৱবোৰ বৃদ্ধি কৰিবলৈ - আমি আহি আছো গোটেই মৰম লৈ ! ৰকি ঔৰ ৰাণী কে পৰিৱাৰ হো ৰাহে হে তৈয়াৰ, ঔৰ আব দেখীয়ে য়েহ আনোখী কহানি অফ প্যাৰ!" ৷

ৰণবীৰ সিঙেও ইনষ্টাগ্ৰাম একাউণ্টত ছবিখনৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে, "কিয়নো এই কাহিনীটো আপোনাৰ পৰিয়ালক মৰম কৰাৰ বিষয়ে ! চিনেমা হলত #RockyAurRaniKiPremKahani, 28 জুলাই 2023" ৷ সহ-অভিনেত্ৰী আলিয়াইও নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰি এখন পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে, "ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী.. মুক্তি পাব 28 জুলাই 2023" ৷

‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ নামৰ ৰোমান্টিক কমেডী ছবিখনত ধৰ্মেন্দ্ৰ, শ্ববানা আজমী আৰু জয়া বচ্চনেও অভিনয় কৰিছে ৷ ছবিখনৰ সংগীত পৰিচালনাত আছে প্ৰীতম আৰু গীতিকাৰ হিচাপে কাম কৰিছে অমিতাভ ভট্টাচাৰ্যই ।

লগতে পঢ়ক : বলীউডত সম্পূৰ্ণ কৰা চল্লিছ বছৰীয়া যাত্ৰাৰ ফটো শ্বেয়াৰ কৰিছে অনিল কাপুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.