চিটাৰা ডেস্ক, 29 আগষ্ট : বলীউডৰ অভিনেতা ৰণবীৰ সিঙ 29 আগষ্টত মুম্বাই আৰক্ষীৰ সন্মুখত নিজৰ নগ্ন ফটোশ্বুট গোচৰ সন্দৰ্ভত হাজিৰ হয় ৷ তাত তেওঁ নিজৰ বক্তব্য ৰেকৰ্ড কৰে । এখন আলোচনীৰ বাবে কৰা নগ্ন ফটোশ্বুটৰ পাচত ৰণবীৰক বহুত ট্ৰ’ল কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে বিভিন্ন ঠাইত থানাত গোচৰ ৰুজু কৰা কৰা হৈছিল । অভিনেতাগৰাকীৰ নগ্ন ফটোশ্বুটৰ বাবে যোৱা মাহত চেম্বুৰ থানাত এফ আই আৰ দাখিল কৰা হৈছিল ।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই গোচৰত মুম্বাই আৰক্ষীয়ে অভিনেতাজনক প্ৰায় ডেৰ-দুঘণ্টা ধৰি জেৰা চলাইছিল । জানিব পৰা গৈছে যে ৰণবীৰ সিঙৰ বক্তব্য পুৱা 7.30 বজাৰ পৰা 9.30 বজাৰ ভিতৰত ৰেকৰ্ড কৰা হয় (Ranveer Singh records his statement) ।
-
Nude photoshoot controversy | Actor Ranveer Singh records his statement at Mumbai's Chembur police station.
— ANI (@ANI) August 29, 2022 " class="align-text-top noRightClick twitterSection" data="
(file photo) pic.twitter.com/xVa4lXO3uK
">Nude photoshoot controversy | Actor Ranveer Singh records his statement at Mumbai's Chembur police station.
— ANI (@ANI) August 29, 2022
(file photo) pic.twitter.com/xVa4lXO3uKNude photoshoot controversy | Actor Ranveer Singh records his statement at Mumbai's Chembur police station.
— ANI (@ANI) August 29, 2022
(file photo) pic.twitter.com/xVa4lXO3uK
আৰক্ষীৰ সন্মুখত কি ক’লে ৰণবীৰ সিঙে?
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰণবীৰ সিঙে আৰক্ষীৰ সন্মুখত দিয়া বক্তব্যত নিজকে নিৰ্দোষী ঘোষণা কৰিছে । এই ফটোশ্বুটৰ জৰিয়তে কাকো আঘাত দিয়াৰ উদ্দেশ্য নাই বুলি কয় অভিনেতা গৰাকীয়ে । ৰণবীৰ সিঙে আৰক্ষীৰ সন্মুখত কয় যে, এই ফটোশ্বুটে তেওঁৰ বিৰুদ্ধে এনে পৰিৱেশ সৃষ্টি কৰি তুলিব কোনো ধাৰণাই কৰা নাছিল তেখেতে ।
ৰণবীৰ সিঙে আন্তঃৰাষ্ট্ৰীয় আলোচনী এখনৰ বাবে এটা নগ্ন ফটোশ্বুট কৰিছিল (Ranveer Singh nude photoshoot) । ৰণবীৰ সিঙে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ফটোসমূহ শ্বেয়াৰ কৰাৰ পিছতেই ছ’চিয়েল মিডিয়াত তোলপাৰ লাগে । মহিলা সংগঠনকে ধৰি বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ফটোশ্বুটৰ বাবে অভিনেতাগৰাকীক তীব্ৰ সমালোচনা কৰে ।
সেই সময়ত কিন্তু বলীউডৰ তাৰকাসকলে ৰণবীৰ সিঙৰ পক্ষত থিয় দিছিল আৰু তেওঁৰ নগ্ন ফটোশ্বুটত তেওঁক সমৰ্থন কৰিছিল ।
লগতে পঢ়ক : প্ৰাক্তন প্ৰেমিক ৰহমান শ্বলৰ সৈতে দেখা গ’ল সুস্মিতা সেনক