ETV Bharat / entertainment

Deepika-Ranveer Anniversary: দীপিকাৰ বাবে ৰণবীৰ সিং মিষ্টাৰ পাৰফেক্ট, কেনেকৈ আৰম্ভ হৈছিল দুয়োৰে প্ৰেম কাহানী ?

আজি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহ বাৰ্ষিকী ৷ তেওঁলোকৰ বিবাহ বাৰ্ষিকীত জানো আহক কেনেকৈ আৰম্ভ হৈছিল দুয়োৰে প্ৰেম কাহিনী ৷

Ranveer Singh and Deepika Padukone wedding anniversary special
দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহ বাৰ্ষিকী
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:26 PM IST

চিটাৰা ডেস্ক, 14 নৱেম্বৰ: আজি বলীউডৰ জনপ্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ পঞ্চম বিবাহ বাৰ্ষিকী । আজি অৰ্থাৎ ১৪ নৱেম্বৰত এই দম্পতীৰ বিবাহৰ ৫ বছৰ সম্পূৰ্ণ হৈছে । দুয়োগৰাকীয়ে একেলগে দীঘলীয়া বাট অতিক্ৰম কৰি আহিছে । শেহতীয়াকৈ দীপিকা আৰু ৰণবীৰক ‘কফি উইথ কৰণ 8’ ত দেখা গৈছিল । এই শ্ব’টোত দীপিকাই এনে কিছু গোপন কথা প্ৰকাশ কৰিছিল যাৰ বাবে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’লৰ সন্মুখীন হৈছিল ৷ অৱশ্যে দীপিকা-ৰণবীৰে এইবোৰ সমোলচনাক গুৰুত্ব দিয়া নাই । যিয়ে নহওক আজি দীপবীৰৰ (দীপিকা-ৰণবীৰৰ হেচটেগ) বিবাহ বাৰ্ষিকীত তেখেতৰ প্ৰেম জীৱনৰ লগত জড়িত কিছু গোপন কথা জানো আহক ।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত দীপিকাই কয় যে তেওঁৰ বাবে প্ৰতিদিনে ৰণবীৰৰ সৈতে সময় কটোৱাটো অতি প্ৰয়োজনীয় । দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে সময় অতিবাহিত কৰিবলৈ কামৰ পৰা সময় উলিয়াই । এইদৰে দুয়োগৰাকীয়ে নিজৰ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিছে । কেৱল এয়াই নহয়, ৰণবীৰে যেতিয়াই সময় পায়, দীপিকাৰ ওচৰলৈ গৈ অৰ্থাৎ শ্বুটিং চেটলৈ গৈ চাৰপ্ৰাইজ দিয়ে ।

উল্লেখ্য যে, ৰণবীৰ আৰু দীপিকাৰ ডেটিং লাইফ যথেষ্ট আমোদজনক আছিল । ইগৰাকীয়ে সিগৰাকীৰ লগত থকাৰ পিচতো দুয়োগৰাকীয়ে প্ৰতিশ্ৰুতিবদ্ধ নাছিল । ফিল্মফেয়াৰক দিয়া এক সাক্ষাৎকাৰত ৰণবীৰে প্ৰকাশ কৰিছিল যে সম্পৰ্কত সোমোৱাৰ ছমাহৰ পিচতহে তেওঁ উপলব্ধি কৰিছিল যে দীপিকা তেওঁৰ বাবে পাৰফেক্ট । একে সময়ত ৰণবীৰ সিং যেতিয়া দীপিকাৰ জীৱনলৈ আহিছিল তেতিয়া দীপিকা পাডুকন এটা বেয়া সম্পৰ্কৰ পৰা ওলাই আহিছিল, যাৰ বাবে মানসিকভাৱে ভাঙি পৰিছিল । অভিনেত্ৰীগৰাকী তেতিয়া হতাশাত ভুগি আছিল আৰু ৰণবীৰ সিঙে তেওঁক এনে অৱস্থাৰ পৰা ওলাই আহিবলৈ সহায় কৰিছিল ৷

দীপিকাক ডেট কৰি থাকোঁতে ৰণবীৰ সিঙে দীপিকাক বিয়া কৰাই সন্তান জন্ম দিয়াৰ কথালৈকে ভাবিছিল । এইদৰে প্ৰায় ৬ বছৰ ডেটিং কৰাৰ পিচত দুয়ো ১৪ নৱেম্বৰত ইটালীত ৰাজকীয়ভাৱে বিবাহপাশত আৱদ্ধ হয় । দীপিকা আৰু ৰণবীৰৰ বিয়াৰ লুক ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছিল ।

কেনেকৈ আৰম্ভ হৈছিল দুয়োৰে প্ৰেম কাহানী ?

উল্লেখ্য যে, দুয়োৰে প্ৰেম কাহিনী আৰম্ভ হৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘ৰাম লীলা’ৰ শ্বুটিঙৰ পৰা । এই ছবিখনৰ সময়তে ৰণবীৰ আৰু দীপিকাৰ ৰোমাঞ্চৰ খবৰ ভাইৰেল হৈ পৰিছিল । বহু সময়ত ৰণবীৰে ৰাজহুৱাভাৱে দীপিকাক নিজৰ লক্ষ্মী বুলি সম্বোধন কৰিছিল । ছবিখনৰ সফলতাৰ পিচত তেওঁ পৰিচালকৰ সৈতে সহযোগিতা কৰি আৰু দুখন ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰে - বাজীৰাও মস্তানী আৰু পদ্মাৱত । অৱশেষত ২০১৮ চনৰ ১৪ নৱেম্বৰত বিবাহপাশত আবদ্ধ হয় আৰু চিৰদিনৰ বাবে ইগৰাকীয়ে সিগৰাকীক নিজৰ কৰি লয় ।

লগতে পঢ়ক: Ranveer Singh Sell Apartments: ৰণবীৰ সিঙে বিক্ৰী কৰিলে দুটা বিলাসী এপাৰ্টমেণ্ট, দাম জানিলে হতবাক হ’ব আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.