ETV Bharat / entertainment

Mrs Chhatterjee Vs Norway: মিচেছ চেটাৰ্জী বনাম নৰৱে ছবিখনে নৰৱেৰ বক্স অফিচত পৰাস্ত কৰে পাঠানক

author img

By

Published : Mar 21, 2023, 12:54 PM IST

উপাৰ্জনৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ ১০০০ কোটি টকীয়া ছবি ‘পাঠান’ক পৰাস্ত কৰিছে ৰাণী মুখাৰ্জীৰ ছবি ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ (Rani Mukerji)। সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Rani Mukerji starrer Mrs Chhatterjee Vs Norway beats Pathaan at Norway Box office
মিচেছ চেটাৰ্জী বনাম নৰৱে ছবিখনে বক্স অফিচত পৰাস্ত কৰে পাঠানক

চিটাৰা ডেস্ক, 21 মাৰ্চ: আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ ৪৫ সংখ্যক জন্মদিন (Rani Mukerji birthday) ৷ ৯০ দশকৰ সুন্দৰী তথা প্ৰতিভাবান অভিনেত্ৰীৰ তালিকাৰ শীৰ্ষত আছিল ৰাণী । ৯০ দশকৰ সমান্তৰালকৈ বৰ্তমানৰ অভিনেত্ৰীসকলৰ সৈতে ফেৰ মাৰিছে ৰাণীয়ে ৷ বৰ্তমানো নিজৰ অভিনয়ৰে ছবি জগতত খলকনি তুলিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে ৷ শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছে ৰাণী মুখাৰ্জীৰ ছবি ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ (Mrs Chhatterjee Vs Norway) ৷

ছবিখন মুক্তি লাভৰ পিচতে ৰাণীৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছে । বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীসকলে ৰাণীৰ অভিনয়ৰ প্ৰসংশা কৰা দেখা গৈছে (Mrs Chhatterjee Vs Norway and Pathaan) ৷ ইফালে বক্স অফিচতো ছবিখনে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ বক্স অফিচত শ্বাহৰুখ খানৰ ১০০০ কোটি টকাৰ ছবি ‘পাঠান’ক পৰাস্ত কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হয় ৰাণী মুখাৰ্জীয়ে ৷

যোৱা ২৫ জানুৱাৰীত মুক্তি লাভ কৰিছিল শ্বাহৰুখ খানৰ অভিনীত ছবি ‘পাঠান’ (Rani Mukerji and Pathaan) ৷ অৱশ্যে পাঠান ছবিখন মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল যদিও মুক্তিৰ পিচত ছবিখনে বক্স অফিচত খলকনি তুলিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে ছবিখনে উপাৰ্জন কৰিছে ১১৪৮ কোটি টকা । আনহাতে, ১৭ মাৰ্চত মুক্তি লাভ কৰা ৰাণীৰ ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ ছবিখনে ‘পাঠান’ক ধূলিস্যাৎ কৰিবলৈ সক্ষম হৈছে ৷

আচলতে ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ ছবিখনে নৰৱেৰ বক্স অফিচত হে শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ ৰেকৰ্ড ব্ৰেক কৰিবলৈ সক্ষম হৈছে ৷ কেৱল ইমানেই নহয়, ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ই ‘পাঠান’ৰ লগতে শ্বাহৰুখ খানৰ ‘ৰাইছ’, ছলমান খানৰ ‘চুলতান’ আৰু ‘বজৰংগী ভাইজান’কো পৰাস্ত কৰিছে ।

নৰৱেৰ বক্স অফিচত হিন্দী ছবিৰ উপাৰ্জন

১/ মিচেছ চেটাৰ্জী বনাম নৰৱে - ৪.৮ হাজাৰ (৩ দিন)

২/ ৰাইছ - ৪.৭ হাজাৰ (৫ দিন)

৩/ চুলতান - ৪.৪ হাজাৰ (৫ দিন)

৪/বজৰংগী ভাইজান - ৪.৩ হাজাৰ (৩ দিন)

৫/ ৰেচ ৩ - ৪.১৫K (৩ দিন)

৬/ পাঠান - ৪.১ হাজাৰ (৫ দিন)

মিচেছ চেটাৰ্জী বনাম নৰৱেৰ বক্স অফিচ সংগ্ৰহ

প্ৰথম দিন - ১.২৭ কোটি

দ্বিতীয় দিন -২.২৬ কোটি টকা

তৃতীয় দিন- ২.৮৯ কোটি (প্ৰায়)

তিনিদিনত মিচেছ চেটাৰ্জী বনাম নৰৱেৰ মুঠ সংগ্ৰহ ৬.৪২ কোটি টকা ৷

লগতে পঢ়ক: Tooth Pari series: শান্তনু আৰু তন্যাৰ অভিনীত ভেম্পায়াৰ ধাৰাবাহিক টুথ পাৰিৰ প্ৰমো ভিডিঅ’ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.