ETV Bharat / entertainment

আন্তঃৰাষ্ট্ৰীয় ছবিক চেৰ পেলাই শীৰ্ষস্থান দখল এনিমেলৰ, বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ছবিখনে ?

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 9:46 AM IST

Animal Worldwide Box Office Collection: ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ উন্মাদনা কেৱল দেশতে নহয় বিদেশতো দেখা পোৱা গৈছে । মুক্তিৰ তিনিদিনৰ ভিতৰতে এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত শীৰ্ষস্থান দখল কৰিছে ।

Ranbir Kapoors film Animal Worldwide Box Office Collection
‘এনিমেল’ এ বিশ্বজুৰি বক্স অফিচত ৰচিলে ইতিহাস

চিটাৰা ডেস্ক, ৪ ডিচেম্বৰ: দেশ-বিদেশত এতিয়া কেৱল ‘এনিমেল’ৰ জ্বৰ । এই ছবিখনে দেশৰ লগতে বিশ্বব্যাপী বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে । ইয়াৰ লগে লগে ৰণবীৰ কাপুৰৰ এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত ১ নম্বৰ ছবি হিচাপে আত্মপ্ৰকাশ কৰিছে । সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে তিনিদিনত বিশ্বব্যাপী বক্স অফিচত প্ৰায় ৪০.৫০ মিলিয়ন মাৰ্কিন ডলাৰ (৩৪০ কোটি টকা) উপাৰ্জন কৰি ৰচিলে ইতিহাস । ইয়াৰ লগে লগে এনিমেলে ভংগ কৰিলে বহু ছবিৰ অভিলেখ ।

‘এনিমেল’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই সমগ্ৰ দেশ আৰু বিশ্বৰ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি তিনিদিনত বিশ্বজুৰি ৩৪০ কোটি টকা সংগ্ৰহ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে । অৱশ্যে ভাৰতত সপ্তাহৰ শেষৰ ফালে ২৩৩ কোটি টকাৰ ব্যৱসায় কৰিছিল, আনহাতে প্ৰাৰম্ভিক হিচাপ অনুসৰি বিদেশৰ ব্যৱসায় আছিল ১০৬ কোটি টকা (১২.৪ মিলিয়ন মাৰ্কিন ডলাৰ) ।

বিশ্বজুৰি বক্স অফিচ চাৰ্টত শীৰ্ষস্থান দখল কৰিছে এনিমেলে

প্ৰতিবেদন অনুসৰি এনিমেল ‘মাষ্টাৰ’ আৰু ‘আৰ আৰ আৰ’ৰ পিচত প্ৰথম সপ্তাহৰ শেষৰ ফালে গ্ল’বেল বক্স অফিচত #১ স্থান দখল কৰা তৃতীয়খন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে । ৰণবীৰ কাপুৰৰ এই ছবিখনে বিশ্বজুৰি বক্স অফিচৰ চাৰ্টত শীৰ্ষস্থান দখল কৰা হিন্দী মূলৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে । ‘এনিমেল’এ বিশ্বজুৰি ‘নেপোলিয়ন’ আৰু ‘হাংগাৰ গেমছ’ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল আৰু এই ছবিখনে এই দুয়োখন আন্তঃৰাষ্ট্ৰীয় ছবিক ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ।

আন্তঃৰাষ্ট্ৰীয় ছবিৰ অভিলেখ ভংগ কৰিলে এনিমেলে

খবৰ অনুসৰি এই সপ্তাহৰ শেষৰ ফালে নেপোলিয়নে ৩৬ মিলিয়ন মাৰ্কিন ডলাৰ (৩০০ কোটি টকা) উপাৰ্জন কৰাৰ বিপৰীতে হাংগাৰ গেমছে তিনিদিনত ৩ কোটি মাৰ্কিন ডলাৰ (২৫০ কোটি টকা) উপাৰ্জন কৰে । ইয়াৰ উপৰিও আন দুখন হলিউডৰ ছবিও এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, দুখন হ’ল ৰেনেছাঁ (২৭ মিলিয়ন মাৰ্কিন ডলাৰ) আৰু ভিছ (২৬ মিলিয়ন মাৰ্কিন ডলাৰ)। উল্লেখ্য যে, এনিমেলৰ এই অভিলেখ হিন্দী চলচ্চিত্ৰৰ বাবে এক ঐতিহাসিক কৃতিত্ব ।

এনিমেলৰ বিশ্বজুৰি বক্স অফিচ উপাৰ্জন (GBOC)

শুকুৰবাৰে এনিমেলে বিশ্বজুৰি সংগ্ৰহ কৰিছে ১১৪ কোটি টকা

শনিবাৰে বিশ্বজুৰি ১১০ কোটি টকা উপাৰ্জন কৰে

দেওবাৰে বিশ্বজুৰি ১১৬ কোটি টকা উপাৰ্জন কৰে

ইয়াৰ লগে লগে বিশ্বজুৰি এনিমেলৰ মুঠ সংগ্ৰহ হৈছেগৈ ৩৪০ কোটি টকা ।

লগতে পঢ়ক: ছবিগৃহত টিকটৰ নাটনি, এতিয়া ২৪/৭ ছবিগৃহত চলিব এনিমেলৰ দৰ্শনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.