ETV Bharat / entertainment

Ranbir Kapoor : ২০০ কোটি টকাৰ বিয়াত অংশগ্ৰহণ কৰাই কাল হ’ল নেকি ৰণবীৰ কাপুৰৰ বাবে ?

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 4:46 PM IST

ইডিয়ে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰলৈ চমন প্ৰেৰণ কৰিছে।

Ranbir Kapoor summoned by ED in gaming app case, other celebs also under agency radar
ৰণবীৰ কাপুৰলৈ ইডিৰ চমন

চিটাৰা ডেস্ক, 4 অক্টোবৰ: বুধবাৰে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰলৈ চমন জাৰি কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে । ৬ অক্টোবৰত তেওঁক সোধা-পোচাৰ বাবে মাতিছে ইডিয়ে । এই সমগ্ৰ বিষয়টো ‘মহাদেৱ বুক অনলাইন লটাৰী’ৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত । এই অনলাইন বেটিং এপৰ ​​বাবে বলীউডৰ ১৭ গৰাকী তাৰকা ইডিৰ নিৰীক্ষণত আছে । কেইসপ্তাহমানৰ আগতে এই গোচৰত টাইগাৰ শ্ৰফ, ছানী লিয়নী, নেহা কক্কাৰ আৰু ৰাহত ফাতেহ আলী খানৰ দৰে তাৰকাৰ নাম পোহৰলৈ আহিছিল । এতিয়া গোচৰৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আলিয়া ভাটৰ স্বামী ৰণবীৰ কাপুৰৰ নামো পোহৰলৈ আহিছে । ডুবাইত ২০০ কোটি টকাৰ বিয়াত অংশগ্ৰহণ কৰি বিপদত পৰিছে এই আটাইকেইগৰাকী তাৰকা ।

এই অবৈধ জুৱাখেলৰ ক্ষেত্ৰত ইডিয়ে এতিয়া এটা ডাঙৰ পদক্ষেপ লৈ চেলিব্ৰিটিসকললৈ চমন প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে । য’ত প্ৰথম নাম আহিছে ৰণবীৰ কাপুৰৰ । তদন্তকাৰী সংস্থাই এই গোচৰত অভিনেতাজনক সোধা-পোছাৰ বাবে ৬ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে ইডিৰ কাৰ্যালয়লৈ মাতিছে । য’ত ইডিয়ে তেওঁক বিয়াত উপস্থিত থকা, পেমেণ্ট আদিৰ পৰা আৰম্ভ কৰি আন বহু প্ৰশ্ন সুধিব পাৰে ।

ইডিৰ অভিযান, উদ্ধাৰ ৪১৭ কোটি টকা

যোৱা মাহত ইডিয়ে বহু চহৰত অভিযান চলাইছিল । এই অভিযানত ৪১৭ কোটি টকাৰ বিপুল ধন উদ্ধাৰ কৰা হয় । এই বিষয়টো পোহৰলৈ আহিছিল যেতিয়া মহাদেৱ এপৰ প্ৰচাৰক সৌৰভ চন্দ্ৰকাৰৰ বিবাহৰ তথ্য আৰু ভিডিঅ’ প্ৰকাশ পাইছিল । প্ৰচাৰকজনে ফেব্ৰুৱাৰী মাহত সংযুক্ত আৰব এমিৰেটছত বিবাহপাশত আবদ্ধ হৈছিল । য’ত তেওঁ ২০০ কোটিতকৈও অধিক টকা খৰচ কৰিছিল ।

এই ৰাজকীয় বিয়াত বহু চেলিব্ৰিটিৰ অংশগ্ৰহণৰ তথ্য প্ৰকাশ পাইছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি সৌৰভ চন্দ্ৰকাৰৰ বিয়াত বলীউডৰ বহু গায়ক, অভিনেতা, চেলিব্ৰিটিও উপস্থিত আছিল । পোহৰলৈ অহা ভিডিঅ’টোত বহু চেলিব্ৰিটিক স্পষ্টকৈ দেখা গৈছিল । খবৰ অনুসৰি এই চেলিব্ৰিটিসকলক হাৱালাৰ জৰিয়তে কোটি কোটি টকা দিয়া হৈছিল । এতিয়া ইডিয়ে এই পেমেণ্টৰ সন্দৰ্ভত চেলিব্ৰিটিসকলক জেৰা কৰিব ।

মহাদেৱ App ৰ ফান্দত পৰা চেলিব্ৰিটিসকলৰ তালিকা

১/ নুশ্ৰুৰত ভাৰুচা

২/ কৃষ্ণা অভিষেক

৩/ আলী আছঘৰ

৪/ বিশাল দাদলানী

৫) পুলিকাট সম্ৰাট

৬/ নেহা কক্কাৰ

৭) এলি অভ্ৰাম

৮) ভাৰতী সিং

৯/ ছানি লিয়নী

১০) ভাগ্যশ্ৰী

১১) আতিফ আছলাম

১২) টাইগাৰ শ্ৰফ

১৩) ৰাহত ফাতেহ আলী খান

১৪) কৃতি খৰবন্দা

লগতে পঢ়ক: Gayatri Joshi Car Accident: দুৰ্ঘটনাত পতিত শ্বাহৰুখ খানৰ 'স্বদেশ'ৰ সহ অভিনেত্ৰী গায়ত্ৰী যোশী, ভাইৰেল দুৰ্ঘটনাৰ ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.