ETV Bharat / entertainment

Ranbir Kapoor Movie Break: ছবিজগতৰ পৰা বিৰতি লোৱাৰ ঘোষণা ৰণবীৰ কাপুৰৰ, ইয়াৰ আঁৰৰ কাৰণ কি ?

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 12:18 PM IST

শীঘ্ৰেই দেখা যাব বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰক এনিমেল ছবিখনত । অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁৰ ছবিখনৰ বাবে । কিন্তু ইয়াৰ মাজতে অভিনেতাগৰাকীয়ে ঘোষণা কৰিছে যে এই ছবিখনৰ পিচতে তেওঁ ছবিজগতৰ পৰা বিৰতি ল’ব ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Ranbir Kapoor opens up on Ramayana, Kishore Kumar biopic; confirms 6 months break from films
এনিমেল’ৰ পিচত ৬ মাহৰ বিৰতি ল’ব ৰণবীৰ কাপুৰে

চিটাৰা ডেস্ক, 25 অক্টোবৰ: ৰণবীৰ কাপুৰৰ আগন্তুক ছবি ‘এনিমেল’ৰ বাবে এইকেইদিন চৰ্চাত আছে অভিনেতাগৰাকী। এই ছবিখনত ৰণবীৰৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব ৰশ্মিকা মান্দান্নাক । পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে ৰণবীৰে । ইয়াৰ মাজতে এতিয়া ছবি জগতৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে ৰণবীৰ কাপুৰে । ৰ’ব গোটেই জীৱনৰ কাৰণে নহয়, মাত্ৰ ছমাহৰ বাবে হে ছবিজগতৰ পৰা বিৰতি ল’ব ৰণবীৰে । দৰাচলতে জীয়েক ৰাহাৰ বাবে এই বিৰতি ল’ব অভিনেতাগৰাকীয়ে । যাতে ৰণবীৰে কন্যাৰ সৈতে অধিক সময় অতিবাহিত পাৰে ।

উল্লেখ্য যে ছ’চিয়েল মিডিয়াত সক্ৰিয় নহ’লেও বলীউডৰ তাৰকা ৰণবীৰ কাপুৰে অনুৰাগীৰ সৈতে শেহতীয়াকৈ যোগাযোগ স্থাপন কৰে । অনুৰাগীৰ সৈতে জুম কলৰ জৰিয়তে মত বিনিময় কৰে অভিনেতাগৰাকীয়ে ৷ এই কলত নিজৰ ব্যক্তিগত জীৱনৰ লগতে তেওঁৰ বহু প্ৰত্যাশিত দুটা প্ৰজেক্টৰ বিষয়েও আলোচনা কৰে ৷ সেই প্ৰজেক্ট দুটা হৈছে নিতেশ তিৱাৰীৰ ৰামায়ণ আৰু অনুৰাগ বসুৰ কিশোৰ কুমাৰৰ বায়’পিক । এই প্ৰজেক্ট দুটাৰ বিষয়ে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাছিল যদিও ছবি দুখনৰ সৈতে ৰণবীৰৰ নাম জড়িত হোৱাৰ পিচৰে পৰা অনুৰাগীৰ মাজত ব্যাপক উচাহ দেখা পোৱা গৈছে ।

অনুৰাগ বসুৰ পৰিচালিত বহু প্ৰত্যাশিত কিশোৰ কুমাৰৰ বায়’পিকখনৰ ওপৰত বহু বছৰ ধৰি কাম চলি আছে। ৰণবীৰ কাপুৰে মাহৰ শেষৰ ফালে চিত্ৰনাট্য পৰ্যালোচনা কৰিব বুলি উল্লেখ কৰিছিল যদিও এতিয়াও উপযুক্ত ভূমিকা বিচাৰি পোৱা নাই । ৰামায়ণৰ সন্দৰ্ভত তেওঁ স্পষ্ট কৰি দিয়ে যে ইয়াৰ বিশাল পৰিসৰ আৰু বিস্তৃত কামৰ প্ৰয়োজনীয়তাৰ বাবে একোৱেই চূড়ান্ত কৰা হোৱা নাই । ৰণবীৰে আশা প্ৰকাশ কৰে যে অতি সোনকালে অগ্ৰগতি হ’ব ।

চিনেমাৰ পৰা বিৰতি ল’ব ৰণবীৰে

জুমত অনুৰাগীৰ সৈতে মত বিনিময় কৰাৰ সময়ত ৰণবীৰ কাপুৰে কয় যে ৰাহাৰ জন্মৰ পিচৰ প্ৰথম মাহকেইটাত কন্যাৰ সৈতে তেওঁ সময় কটাব পৰা নাছিল কাৰণ তেওঁ শ্বুটিঙত ব্যস্ত হৈ আছিল । অৱশ্যে ৰণবীৰে নিশ্চিত কৰিছে যে তেওঁ ছবিৰ পৰা ৬ মাহৰ বিৰতি ল’ব, যাতে তেওঁ কন্যাৰ সৈতে সময় কটাব পাৰে । ৰণবীৰে নিজৰ পিতৃ-মাতৃৰ কৰ্তব্যত অধিক গুৰুত্ব দিব বিচাৰে কাৰণ আলিয়াই তেওঁৰ আগন্তুক ছবি জিগ্ৰাৰ শ্বুটিঙত ব্যস্ত হ’ব ।

ৰণবীৰে লগতে ৰাহাৰ বিষয়ে কয় যে ৰাহাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে আৰু বস্তুবোৰো চিনি পাবলৈ আৰম্ভ কৰিছে । ৰাহাই কথা ক’বলৈ চেষ্টা কৰে । ৰাহাই মা আৰু দেউতাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে । ৰণবীৰে এই পৰ্যায়টোক অতি সুন্দৰ বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: Leo Box Collection Day 6: থালাপথী বিজয়ৰ অভিনীত লিঅ’ই এই পৰ্যন্ত কিমান উপাৰ্জন কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.