চিটাৰা ডেস্ক, 7 জুলাই: জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ আগন্তুক একচন ছবি এনিমেলক লৈ আজিকালি বহু চৰ্চা চলিছে । চলচ্চিত্ৰ জীৱনৰ সমান্তৰালকৈ অভিনেতাগৰাকীয়ে পৰিয়ালক সময় দিবলৈ নাপাহৰে ।
শেহতীয়াকৈ ডুবাইৰ হলিডেৰ পৰা উভতি আহিছে ৰণবীৰ কাপুৰ তাৰকা পত্নী আলিয়া ভাট । ৰণবীৰ-আলিয়াই ডুবাইত তেওঁলোকৰ একমাত্ৰ কন্যা ৰাহাৰ বাবেও শ্বপিং কৰে । এতিয়া গৈ ৰণবীৰ কাপুৰে তেওঁৰ মাতৃ আৰু জেষ্ঠ অভিনেত্ৰী নীতু সিঙক এটা ডাঙৰ ছাৰপ্ৰাইজ দিবলৈ সাজু হৈছে ।
জনাই দিও যে, নীতু সিঙে আগন্তুক ৮ জুলাইত নিজৰ ৬৫ সংখ্যক জন্মদিন পালন কৰিব । এই বিশেষ অনুষ্ঠানৰ পূৰ্বে লণ্ডনলৈ ৰাওনা হৈছে ৰণবীৰ কাপুৰ । এই তথ্য ছচিয়েল মিডিয়াত অহা এই ভিডিঅ'টোত দিয়া হৈছে । ইয়াত ৰণবীৰ কাপুৰক বগা টি-চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি বিমানবন্দৰত দেখা গৈছে । এই ভিডিঅ’ত ৰণবীৰে পেপছক দুমিনিটৰ বাবে কেমেৰা বন্ধ কৰিবলৈ কোৱা দেখা যায় । ৰণবীৰ কাপুৰে পেপছক কৈছিল যে, মই লণ্ডনলৈ গৈছো মোৰ মাৰ জন্মদিনত ছাৰপ্ৰাইজৰ তৈয়াৰী কৰিবলৈ, আপোনালোকে যদি ফটো পোষ্ট কৰে তেন্তে তেওঁ গম পাব ।
ৰণবীৰ কাপুৰৰ ৱৰ্কফ্ৰন্ট
উল্লেখ্য যে, ৰণবীৰ কাপুৰক শেষবাৰৰ বাবে দেখা গৈছিল তু ঝুঠি মে মক্কাৰ ছবিখনত । এই ছবিখন পৰিচালনা কৰিছিল লাভ ৰঞ্জনে । এই ছবিখনৰ পৰাই প্ৰথমবাৰৰ বাবে দেখা গ’ল ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ সতেজ যুটি । এতিয়া এনিমেলৰ লগত আলোচনাত মিলিত হৈছে ৰণবীৰ কাপুৰ । কবীৰ সিং আৰু অৰ্জুন ৰেড্ডীৰ ফেম পৰিচালক সন্দীপ ভাংগা ৰেড্ডীয়ে নিৰ্মাণ কৰিছে এই ছবিখন । জনাই দিও যে, ১ ডিচেম্বৰত মুক্তিলাভ কৰিব এই ছবিখন ।