ETV Bharat / entertainment

Ranbir Kapoor: এইগৰাকী ছুপাৰষ্টাৰৰ শ্ব’ত অনন্য শৈলীত এনিমেলৰ প্ৰচাৰ চলালে ৰণবীৰ কাপুৰে

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:58 PM IST

শেহতীয়াকৈ নন্দামুৰি বালকৃষ্ণৰ টক শ্ব’ Unstoppable with NBK ত অংশগ্ৰহণ কৰিছিল ৰণবীৰ কাপুৰে, য’ত তেওঁ ব্যতিক্ৰমীভাৱে তেওঁৰ নতুন ছবি ‘এনিমেল’ৰ প্ৰচাৰ কৰা দেখা গৈছিল ।

Ranbir Kapoor joins Nandamuri Balakrishna s show Unstoppable with NBK as he promotes Animal
নন্দামুৰি বালকৃষ্ণৰ টক শ্ব’ ‘Unstoppable with NBK’ অংশগ্ৰহণ ৰণবীৰ কাপুৰৰ

চিটাৰা ডেস্ক, 14 নৱেম্বৰ: ৰণবীৰ কাপুৰ-ৰশ্মিকা মন্দন্না আৰু অনিল কাপুৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘এনিমেল’ মুক্তিৰ বাবে সাজু । এনে পৰিস্থিতিত ছবিখনৰ তাৰকা আৰু নিৰ্মাতাসকল ব্যস্ত হৈ পৰিছে ছবিখনৰ প্ৰচাৰত । শেহতীয়াকৈ অভিনেতা ৰণবীৰ কাপুৰে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ নন্দমুৰি বালকৃষ্ণৰ জনপ্ৰিয় টক শ্ব’ Unstoppable with NBK ৰ তৃতীয় খণ্ডত অংশগ্ৰহণ কৰে আৰু শ্ব’টোত এক অনন্য শৈলীৰে তেওঁৰ ছবিখনৰ প্ৰচাৰ চলায় ।

উল্লেখ্য যে ইখনৰ পিচত সিখনকৈ হিট চিনেমা দিয়া দক্ষিণৰ ছুপাৰষ্টাৰ নন্দমুৰি বালকৃষ্ণৰ টক শ্ব’টো অতি জনপ্ৰিয় আৰু প্ৰতিটো ছিজনৰ প্ৰতিটো খণ্ডৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰে । এই খণ্ডটোত যেতিয়া ৰণবীৰ কাপুৰ টক শ্ব’টোত উপস্থিত হয়, তেতিয়া কেৱল দক্ষিণৰ অনুৰাগীয়েই নহয়, হিন্দী অনুৰাগীসকলো অতি আগ্ৰহী হৈ পৰে । এতিয়ালৈকে বহু ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰে অভিনেতাগৰাকীৰ জনপ্ৰিয় শ্ব’টোত অংশগ্ৰহণ কৰিছে । প্ৰভাস, ৰবি তেজা, এছ এছ ৰাজামৌলি, এম এম কীৰাৱনী, বিজয় দেৱেৰাকোণ্ডা আদি অভিনেতাৰ নামো এই তালিকাত অন্তৰ্ভুক্ত ।

ৰণবীৰ কাপুৰ আৰু নন্দমুৰি বালকৃষ্ণৰ একেলগে থকা এখন ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত ৰণবীৰক বগা ৰঙৰ টি-চাৰ্টৰ সৈতে বাদামী ক’লা সেউজীয়া চেক চাৰ্ট পৰিধান কৰা দেখা গৈছে । আনহাতে, বালকৃষ্ণক ব্লেজাৰৰ সৈতে ক’লা চাৰ্ট পিন্ধা দেখা গৈছে । ছবিখনত দুয়োজন ছুপাৰষ্টাৰে একেলগে হাঁহি থকা দেখা গৈছে ।

উল্লেখ্য যে সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ক্ৰাইম থ্ৰিলাৰ ছবি ‘এনিমেল’ত ৰণবীৰ কাপুৰৰ লগতে ৰশ্মিকা মন্দন্না, অনিল কাপুৰ, ববি দেওল আৰু শক্তি কাপুৰক মুখ্য চৰিত্ৰত দেখা যাব । ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ‘এনিমেল’ ৷ কেৱল হিন্দীতে নহয়, তামিল, তেলুগু, কানাড়া আৰু মালয়ালম ভাষাতো মুক্তি লাভ কৰিব ছবিখন ।

নন্দমুৰীৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল অনিল ৰবিপুডীৰ পৰিচালনাত নিৰ্মিত একচন ছবি ‘ভগৱন্ত কেছাৰী’ত । ছবিখনত বালকৃষ্ণ, শ্ৰীলীলা, কাজল আগৰৱালা আৰু অৰ্জুন ৰামপালে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।

লগতে পঢ়ক: Animal Song: শিশু দিৱসত মুক্তি ৰণবীৰ কাপুৰৰ এনিমেলৰ নতুন গীত পাপা মেৰী জান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.