ETV Bharat / entertainment

Rakhi Sawant husband Adil Khan: কিয় গ্ৰেপ্তাৰ কৰা হ’ল ৰাখী সাৱন্তৰ স্বামী আদিল খানক ?

author img

By

Published : Feb 7, 2023, 5:14 PM IST

মঙলবাৰে পুৱা ৰাখী সাৱন্তৰ স্বামী আদিল দুৰ্ৰানী খানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Rakhi Sawant husband Adil Khan arrested) । যোৱা নিশা ৰাখীয়ে তেওঁৰ বিৰুদ্ধে প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) দাখিল কৰাৰ পিছতে আদিলৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Rakhi Sawant's husband Adil Khan
গ্ৰেপ্তাৰ কৰা হ’ল ৰাখী সাৱন্তৰ স্বামী আদিল খানক

চিটাৰা ডেস্ক, 7 ফেব্ৰুৱাৰী : ফেব্ৰুৱাৰীৰ 7 তাৰিখে অভিনেত্ৰী ৰাখী সাৱন্তৰ স্বামী আদিল দুৰ্ৰানী খানক গ্ৰেপ্তাৰ কৰা হয় । বিগত দুদিন ধৰি আদিলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি থকা বুলি আৰক্ষীয়ে জনাইছে আৰু অৱশেষত ৰাখীয়ে পঞ্জীয়ন কৰা প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ)ৰ পিছত আজি পুৱা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Rakhi Sawant husband Adil Khan arrested) । বিবাহৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা এই দম্পতীয়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

ফেব্ৰুৱাৰী 7 তাৰিখে আৰক্ষীয়ে ৰাখীৰ স্বামী আদিলক তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ থানালৈ মাতিছিল । পত্নীৰ অভিযোগৰ পিছতে আদিলক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷ গোচৰটোৰ তদন্ত কৰা এজন পৰিদৰ্শকে এটা ৱেবলয়ডক কয়, "আমি আজি পুৱা আদিলক গ্ৰেপ্তাৰ কৰিছো । এই মুহূৰ্তত, আমি প্ৰক্ৰিয়াটো অনুসৰণ কৰি আছো । ৰাখীয়ে এখন এজাহাৰ দাখিল কৰিছিল । আমি অনুসন্ধানৰ পিছতহে মন্তব্য দিব পাৰিম । আমি যোৱা দুদিন ধৰি আদিলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছিলো । ৰাখীৰ যি অভিযোগ আছে সেয়া বৰ্তমান পৰীক্ষা কৰা হৈছে" (Adil Durrani Khan arrested) ৷

ইফালে অনলাইনত প্ৰকাশ পোৱা এটা শেহতীয়া ভিডিঅ’ত ৰাখীয়ে দাবী কৰা দেখা গৈছে যে আদিলে তেওঁক আঘাত কৰিবলৈ চেষ্টা কৰিছিল (Rakhi Sawant filed fir against husband adil) । "তেওঁ পুৱা একো নোকোৱাকৈয়ে মোক লগ কৰিবলৈ আহি মোক জোৰ-জবৰদস্তি কৰিবলৈ আৰম্ভ কৰিছিল । মই ইতিমধ্যে দুবাৰকৈ আদিলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলোঁ যদিও সংবাদ মাধ্যমৰ সন্মুখত কেতিয়াও এই কথা উল্লেখ কৰা নাছিলোঁ । আৰক্ষীয়েও সেই সময়ত আদিলক এই বিষয়ে বুজাইছিল । সেই সময়ছোৱাত, এটা অপৰাধ লিখা হৈছিল । ইয়াক যোৱা নিশা এজাহাৰলৈ ৰূপান্তৰিত কৰা হৈছিল," হিন্দীত ৰাখীয়ে এইদৰে কয় ।

খবৰ অনুসৰি আদিলৰ সৈতে ৰাখীৰ বিবাহ হোৱাৰ পিছৰে পৰা দুয়োৰে মাজত অতিমাত্ৰা কাজিয়া হৈছে ৷ ৰাখীয়ে আদিলৰ ওপৰত বিশ্বাসঘাতকতাৰ অভিযোগ উত্থাপন কৰিছে আৰু সংবাদ মাধ্যমত আন এগৰাকী মহিলাৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে কৈছে । 2022 চনৰ 29 মে’ত দুয়ো বিবাহপাশত আবদ্ধ হয় যদিও পাৰস্পৰিক বুজাবুজিৰ বাবে তেওঁলোকে এই বিবাহৰ কথা লুকুৱাই ৰাখি 2023 চনৰ জানুৱাৰী মাহতহে ঘোষণা কৰে । অভিনেত্ৰী গৰাকীয়ে নিকাহৰ বাবে ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল ।

মহীশূৰৰ ব্যৱসায়ী বুলি কোৱা আদিলক যথেষ্ট দিন ধৰি ৰাখীয়ে ডেট কৰিছিল আৰু যোৱা বছৰৰ মে’ মাহত এটা অনুষ্ঠানৰ সময়ত তেওঁৰ সৈতে থকা সম্পৰ্কৰ আনুষ্ঠানিক ঘোষণা কৰিছিল । আদিলৰ লগত ডেট কৰাৰ পূৰ্বে বিগ বছ 15 ত স্বামী ৰীতেশক চিনাকি কৰাই দিছিল যদিও পিছত দুয়োৰে বিচ্ছেদ ঘটে (Rakhi Sawant controversies)।

লগতে পঢ়ক : Urvashi Rautela news:এইবাৰ সোলাল চয়াদাৰ সৈতে নাম সাঙোৰ খাইছে উৰ্ৱশী ৰৌতেলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.