ETV Bharat / entertainment

Rakhi Sawant: বিবাহৰ প্ৰমাণপত্ৰ শ্বেয়াৰ কৰি আদিলৰ বিৰুদ্ধে পুনৰ অভিযোগ উত্থাপন ৰাখীৰ, চাওক ভিডিঅ’ - Rakhi Sawant On Adil Durrani

ৰাখী সাৱন্ত আৰু তেওঁৰ স্বামী আদিল খানৰ মাজত অব্যাহত আছে বিবাদ । এতিয়া অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম এটাউন্টত আদিলৰ সৈতে বিবাহৰ প্ৰমাণ শ্বেয়াৰ কৰিছে ।

Rakhi Sawant shared adil khan and her old chats also shared marriage certificate
আদিলৰ সৈতে বিবাহৰ প্ৰমাণ পত্ৰ শ্বেয়াৰ কৰিলে ৰাখী সাৱন্তে
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 10:18 AM IST

চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: ৰাখী সাৱন্ত আৰু তেওঁৰ স্বামী আদিল খান দুৰ্ৰানীৰ মাজত হোৱা বিবাদে বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে । কথিত প্ৰাক্তন স্বামী ৰিতেশ সিঙৰ সৈতে বিবাহ বিচ্ছেদ ঘোষণা কৰাৰ পিচতে ৰাখীয়ে ব্যৱসায়ী আদিল খান দুৰ্ৰাণীৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ইছলামিক ৰীতি-নীতি অনুসৰি দুৰ্ৰাণীক বিয়া কৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰে ৰাখীয়ে । কিন্তু কিছু সময়ৰ পাচতে ৰাখী আৰু আদিলৰ মাজত সৃষ্টি হয় সংঘাত ৷ পিচত ৰাখীয়ে আদিলৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত ৰুজু কৰে গোচৰ । ৰাখীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে আদিলক কাৰাগাৰলৈ নিক্ষেপ কৰে ৷ ইফালে ছমাহ কাৰাগাৰত থকাৰ পিচত শেহতীয়াকৈ কাৰাগাৰৰ পৰা মুকলি হয় আদিল ।

কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচতে আদিলে ৰাখীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল ৷ অৱশ্যে এইক্ষেত্ৰত পিচ পৰি থকা নাই ৰাখী, অভিনেত্ৰীগৰাকীয়েও সংবাদমেলৰ আয়োজন কৰি উভতি ধৰে আদিলক । এতিয়া ৰাখীয়ে পুনৰবাৰ আদিলৰ সৈতে হোৱা কথা-বতৰাৰ স্ক্ৰীণশ্বট আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত আদিল খান দুৰ্ৰানীয়ে তেওঁক কাম দিবলৈ কোৱা দেখা গৈছে । ৰাখীয়েও প্ৰমাণৰ লগতে আদিলৰ সৈতে নিজৰ বিবাহ (নিকাহ)ৰ ছবিও শ্বেয়াৰ কৰিছে ।

আদিলে কাম বিচৰা মেছেজৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে ৰাখীয়ে

উল্লেখ্য যে, ৰাখীয়ে ইনষ্টাগ্ৰামত নিজৰ আৰু আদিলৰ মাজত হোৱা কিছু পুৰণি কথোপকথনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, য’ত মেছেজত আদিলে উদ্যোগটোত কাম বিচাৰি থকা দেখা গৈছে । মেছেজত লিখা আছে, “মোলৈ গান আনি দিয়ক বন্ধু, মই lockup বা Big Boss ত যাব বিচাৰো । মই কিবা এটা কৰিব বিচাৰো জীৱনত ।" ইয়াৰ পিচত ৰাখীয়ে মেছেজৰ উত্তৰ দি কয়- অ’কে ডিয়েৰ ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাখীয়ে কেপচনত লিখিছে- জনপ্ৰিয়তাৰ বাবে মোক ব্যৱহাৰ কৰিছিল, মই ইছলামিক নিয়ম মানি চলিছিলো আৰু এতিয়া তেওঁ মোক বিশ্বাসঘাতকতা কৰিলে ।

ৰাখীয়েও আদিলৰ লগত বিয়াৰ প্ৰমাণ শ্বেয়াৰ কৰিছে

ৰাখীয়ে আন এটা পোষ্টতো শ্বেয়াৰ কৰিছে নিজৰ বিবাহৰ প্ৰমাণ পত্ৰ যিখন উৰ্দু ভাষাত লিখা হৈছে । বিবাহৰ প্ৰমাণ পত্ৰত দুয়োৰে ফটো থকাৰ লগতে দুয়োৰে চহীও আছে ৷ ৰাখীয়ে এই পোষ্টটোৰ কেপচনত লিখিছে- তেওঁ আদিলৰ লগত নিকাহ কৰিছে আৰু আনকি তেওঁৰ মুছলমান নামো মানি লৈছে । ফাতিমা প্ৰমাণ পত্ৰত স্পষ্টকৈ দেখা গৈছে ।

ৰাখীয়ে লগতে কেপচনত লিখিছে, “হে বন্ধুসকল, আল্লাহৰ বাহিৰে মোৰ সেইদিনাৰ বিবাহিত প্ৰমাণ পত্ৰ এইখন । মই তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিলো । তাত মোৰ নাম ফাতিমা বুলি লিখা আছে আৰু মোৰ ইডিয়ট স্বামীয়ে সকলোকে কৈছে যে মই মুছলমান নহয়, তেওঁক লৈ লাজ অনুভৱ কৰো। তেওঁৰ ইছলামৰ জ্ঞান আছে নেকি, তেওঁ মুছলমান নেকি ?

ৰাখী সাৱন্ত আৰু আদিল খানৰ অভিযোগ আৰু প্ৰত্যুত্তৰ

ৰাখী আৰু আদিল দুয়োগৰাকীয়ে বিগত কেইমাহমানত কেইবাখনো সংবাদমেল অনুষ্ঠিত কৰি নিজৰ মতামত প্ৰকাশ কৰিছে । ইগৰাকীয়ে সিগৰাকীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । আদিলে ৰাখী সাৱন্তে তেওঁক ড্ৰাগছ সেৱন কৰাই স্বীকাৰোক্তিমূলক ভিডিঅ’ ৰেকৰ্ডিং কৰা বুলি দাবী কৰাৰ বিপৰীতে ৰাখীয়ে কয় যে আদিলৰ বিগত সময়ত একাধিক বিবাহৰ অভিলেখ আছে আৰু বিবাহ বহিৰ্ভূত সম্পৰ্কও আছে । আদিলে তেওঁৰ নগ্ন ভিডিঅ’ ৰেকৰ্ডিং কৰি বিপুল পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে ৰাখীয়ে ৷ ইয়াৰ বিপৰীতে ৰাখীয়ে আদিলক প্ৰৱঞ্চনা কৰা বুলি অভিযোগ উত্থাপন কৰে আদিলে ৷ লগতে ৰাখীয়ে আদিলৰ পৰা ধন লোৱা বুলি অভিযোগ কৰে উত্থাপন কৰে ৷ বিতৰ্কৰ মাজতে ৰাখীয়ে প্ৰকাশ কৰে যে তেওঁ ৰিতেশ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা নাই । লগতে দাবী কৰিছিল যে তেওঁ কেৱল আদিলৰ লগতহে বিয়া হৈছিল । এতিয়া কোন সঁচা কোন মিছা সেয়া কেৱল জানিব ৰাখী আৰু আদিলেহে ৷

লগতে পঢ়ক: Rakhi sawant: ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ? ওমৰাহৰ পৰা উভতি অহাৰ লগে লগে ৰাখী সাৱন্তলৈ ডাঙৰ প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.