চিটাৰা ডেস্ক, 5 ছেপ্টম্বৰ : কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ যোৱা 25 দিন ধৰি দিল্লীৰ এইমছ চিকিৎসালয়ৰ আইচিইউ ৱাৰ্ডত ভৰ্তি হৈ আছে (Raju Srivastav ICU)। বৰ্তমানেও ৰাজুৰ স্বাস্থ্যৰ বিশেষ উন্নতি হোৱা নাই । চেলেব্ৰিটী আৰু অনুৰাগীসকলে ৰাজুৰ আশু আৰোগ্য কামনা কৰি আছে । সংবাদ মাধ্যমৰ মতে, ৰাজুৰ জীয়াৰী অন্তৰা তেওঁক লগ কৰিবলৈ চিকিৎসালয়লৈ গৈছিল । যেতিয়া অন্তৰাক আইচিইউ ৱাৰ্ডলৈ যাবলৈ অনুমতি দিয়া হৈছিল, তেতিয়া তেওঁ দেউতাকক কেইটামান শব্দ কৈছিল, যাক শুনি ৰাজুৱে লৰচৰ কৰিছিল ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অন্তৰাই দেউতাকক কয় যে, 'পাপা আপোনাৰ চকু খোলক, আপুনি ইয়াত এনেদৰে কিমান দিন শুই থাকিব' । জানিব পৰা মতে জীয়েকৰ মাত শুনি ৰাজুৱে চকু লৰচৰ কৰিছিল । অৱশ্যে চিকিৎসকসকলে এই সম্পৰ্কত একো মন্তব্য দিয়া নাই ।
একে সময়তে ৰাজুৰ ভাতৃয়ে কৌতুক অভিনেতাজনৰ স্বাস্থ্যৰ বিষয়ে কৈছে যে ৰাজুৰ স্বাস্থ্য আগৰ তুলনাত অলপ ভাল (Raju Srivastav health update) ।
তেওঁৰ শৰীৰৰ অংশবোৰেও লাহে লাহে কাম কৰিবলৈ আৰম্ভ কৰিছে । তেওঁ ৰাজুৰ ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ স্বাভাৱিক বুলি বৰ্ণনা কৰিছে । ৰাজু বৰ্তমান ভেণ্টিলেটৰতে আছে । আগতে ৰাজুক ভেণ্টিলেটৰৰ পৰা আঁতৰ কৰোৱাৰ কথা আছিল কিন্তু জ্বৰ উঠাৰ বাবে চিকিৎসকে ভেণ্টিলেটৰতে ৰখাৰ সিদ্ধান্ত লয় । চিকিৎসকে স্পষ্টকৈ কৈছে যে জ্বৰ আৰোগ্য নোহোৱা পৰ্যন্ত ৰাজু ভেণ্টিলেটৰত থাকিব ।
10 আগষ্টত ৰাজু শ্ৰীবাস্তৱে জিমত ট্ৰেডমিলত দৌৰি থাকোতে হঠাতে পৰি গৈছিল । তেওঁক ততাতৈয়াকৈ দিল্লীৰ এইমছ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । পিছত ৰাজু শ্ৰীবাস্তৱৰ হৃদযন্ত্ৰৰ এক বৃহৎ অংশত 100 শতাংশ ব্লক পোৱা গৈছিল, যাৰ পিছত তেওঁৰ এঞ্জিওপ্লাষ্টি কৰোৱা হৈছিল । কিন্তু ইমান সময় দিন চিকিৎসা কৰি থকাৰ পাছতো ৰাজুৱে এতিয়ালৈকে জ্ঞান ঘূৰাই পোৱা নাই ।
লগতে পঢ়ক : 5 ঘণ্টাৰ জেৰাত 50ৰো অধিক প্ৰশ্নত ব্যতিব্যস্ত হৈ পৰিল নোৰা ফাতেহী