ETV Bharat / entertainment

Biopic on cricket legend Lala Amarnath: ক্ৰিকেট কিংবদন্তী লালা অমৰনাথৰ ওপৰত নিৰ্মাণ হ’ব জীৱনীমূলক ছবি

ৰাজকুমাৰ হিৰাণীয়ে কিংবদন্তী ক্ৰিকেটাৰ লালা অমৰনাথৰ ওপৰত এখন জীৱনীমূলক ছবি পৰিচালনা কৰিবলৈ সাজু হৈছে । চলচ্চিত্ৰ নিৰ্মাতাই শ্বাহৰুখ খানক মুখ্য চৰিত্ৰটোৰ প্ৰস্তাৱ আগবঢ়াইছিল (Lala Amarnath biopic) । কিন্তু চুপাৰষ্টাৰে প্ৰত্যাখ্যান কৰে এই অফাৰ ! সবিশেষ আগলৈ-

Rajkumar Hirani
ৰাজকুমাৰ হিৰাণী শ্বাহৰুখ খান লালা অমৰনাথ
author img

By

Published : Feb 11, 2023, 4:22 PM IST

চিটাৰা ডেস্ক, 11 ফেব্ৰুৱাৰী : ৰূপালী পৰ্দালৈ ভাৰতীয় ক্ৰিকেট কিংবদন্তী লালা অমৰনাথৰ জীৱন কাহিনী কঢ়িয়াই আনিবলৈ সাজু হৈছে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ হিৰাণী । 2018 চনত মুক্তি পোৱা বলীউড অভিনেতা সঞ্জয় দত্তৰ জীৱনৰ আধাৰত নিৰ্মিত সঞ্জু মুক্তি পোৱাৰ পিছত আহিবলগীয়া ছবিখন হ'ব হিৰাণীৰ দ্বিতীয় খন জীৱনীমূলক ছবি । শ্বাহৰুখ খান অভিনীত ছবিখন সম্পূৰ্ণ কৰিলেই হীৰাণীয়ে আগন্তুক জীৱনীমূলক নাটকখনৰ কাম আৰম্ভ কৰিব বুলি কোৱা হৈছে ।

খবৰ অনুসৰি 2019 চনৰ পৰা লালা অমৰনাথৰ জীৱনীমূলক ছবি নিৰ্মাণৰ ধাৰণাটোৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছিল হিৰাণীয়ে । চিনেমাখনত লালা অমৰনাথৰ চৰিত্ৰটোৰ বাবে শ্বাহৰুখ খানৰ কাষ চাপিছিল হিৰাণী । অৱশ্যে চুপাৰষ্টাৰগৰাকীয়ে স্প’ৰ্টছ বায়’পিকখনৰ সলনি ডাংকি ছবিখন বাছি লৈছিল । লালা অমৰনাথৰ বায়’পিক খন শ্বাহৰুখে নাকচ কৰাৰ পিছত ছবিখনৰ কাম-কাজ সমূহ লেহেমীয়া হৈ পৰে আৰু ডাংকিৰ ওপৰত গুৰুত্ব দি নিৰ্মাতাসকলে এই ছবিখনৰ কাম পিছুৱাই ৰাখিব লগা হ’ল (cricketer Lala Amarnath) ।

ডাংকিৰ মুক্তিৰ পিছত পুনৰ ট্ৰেকলৈ ঘূৰি আহিব বুলি কোৱা হৈছে লালা অমৰনাথৰ জীৱনীমূলক ছবিখন । ছবিখনৰ নিৰ্মাণৰ গতি খৰতকীয়া কৰিবলৈ হীৰাণী আৰু তেওঁৰ দলটোৱে চলিত বৰ্ষৰ শেষৰ ফালে চিত্ৰনাট্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে । খবৰ অনুসৰি লালা অমৰনাথৰ বায়’পিক খনক লৈ হিৰাণী অত্যন্ত আৱেগিক আৰু ডাংকি মুক্তি পোৱাৰ পিছতেই সেই ছবিখনেই তেওঁৰ একমাত্ৰ কেন্দ্ৰবিন্দু হ’ব (rajkumar hirani upcoming films)।

নিয়মীয়া ক্ৰীড়া জীৱনীমূলক ছবিৰ দৰে নহয়, হিৰণীয়ে নেতৃত্ব দিয়া আগন্তুক ছবিখন মনোৰঞ্জনেৰে ভৰপূৰ বুলি কোৱা হৈছে । হিৰণীয়ে অমৰনাথৰ কাহিনীক তেওঁৰ বৰ্ণনাৰ শৈলীৰ লগত খাপ খুৱাই ল’ব যিটো একে সময়তে মনোৰঞ্জনদায়ক আৰু চিন্তাশীল। হিৰাণীয়ে “লালাৰ কেৰিয়াৰ, তেওঁৰ স্পাচমোডিক মেধা আৰু ভাৰতীয় ক্ৰিকেটত তেওঁৰ চিৰস্থায়ী প্ৰভাৱক সুন্দৰভাৱে আলোকপাত কৰিব” , প্ৰকল্পটোৰ ঘনিষ্ঠ সূত্ৰই ৱেবল’ইডক কয় (Lala Amarnath biopic)।

এছ আৰ কেয়ে ছবিখনৰ প্ৰস্তাৱটো নাকচ কৰাৰ পিছত এতিয়া নিৰ্মাতাসকলে এজন যুৱ তাৰকা বিচাৰি আছে (biopic on cricket legend Lala Amarnath) । প্ৰখ্যাত গল্পকাৰৰ দ্বাৰা পৰিচালিত বায়’পিকখনত কোনে ক্ৰিকেট কিংবদন্তী জনৰ চৰিত্ৰত অভিনয় কৰিব সেয়া চাবলগীয়া হ’ব । ইফালে, ডাংকিত এছ আৰ কেৰ সৈতে কাম কৰাৰ কথা কওঁতে হিৰাণীয়ে পূৰ্বে কৈছিল যে চুপাৰষ্টাৰগৰাকীয়ে ছবি এখনলৈ যি “শক্তি, কাৰিজমা, হাস্যৰস আৰু মনোমোহাতা” কঢ়িয়াই আনে, সেয়া অতুলনীয় । ছবিখনৰ কাহিনীভাগৰ সবিশেষ তথ্য লুকুৱাই ৰখাৰ বিপৰীতে কোৱা হৈছে যে হিৰণীয়ে বাদশ্বাহৰ যাদুক ডাঙৰ পৰ্দালৈ অনাৰ লক্ষ্য কৰি আছে ।

লগতে পঢ়ক : 'Behcara' Aamir Khan: ‘বেচেৰা আমীৰ খান, তেওঁ পাহৰি গ’ল নেকি...’-কংগনা ৰাণাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.