ETV Bharat / entertainment

Miss Earth India 2023: মিছ আৰ্থ ইণ্ডিয়া ২০২৩ ৰ খিতাপ দখল ৰাজস্থানৰ প্ৰিয়ন সেনৰ, পৰৱৰ্তী সময়ত ভিয়েটনামত ভাৰতক প্ৰতিনিধিত্ব কৰিব

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:20 PM IST

২০২৩ চনৰ মিছ আৰ্থ ইণ্ডিয়া খিতাপ লাভ কৰিছে ৰাজস্থানৰ প্ৰিয়ন সেনে । এতিয়া ডিচেম্বৰত ভিয়েটনামত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক মিছ আৰ্থ হিচাপে প্ৰতিনিধিত্ব কৰিব প্ৰিয়নে ।

Rajasthan girl Priyan Sain wins big, gets crowned Miss Earth India 2023
মিছ আৰ্থ ইণ্ডিয়া ২০২৩ ৰ বিজয়ী হ’ল প্ৰিয়ন সেন

চিটাৰা ডেস্ক, ২৮ আগষ্ট: শেহতীয়াকৈ অনুষ্ঠিত হৈ যায় ২০২৩ চনৰ মিছ আৰ্থ ইণ্ডিয়া প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত উজ্বলি উঠে প্ৰিয়ন সেন ৷ ২০২৩ চনৰ মিছ আৰ্থ ইণ্ডিয়াৰ খিতাপ দখল কৰে ছিকাৰৰ বাসিন্দা প্ৰিয়ন সেনে ৷ কেৱল ইমানেই নহয়, সৌন্দৰ্য প্ৰতিযোগিতা মিছ ৰাজস্থান ২০২২ৰ প্ৰথম ৰানাৰ্ছ আপ আছিল প্ৰিয়ন সেন ৷ এতিয়া মিছ আৰ্থ ইণ্ডিয়াৰ খিতাপ দখল কৰি সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়নে।

তাৎপৰ্যপূৰ্ণভাৱে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত । লগতে ইয়াৰ আয়োজন কৰিছিল ডিভাইন বিউটিৰ দীপক আগৰৱালে।

ভিয়েটনামত ভাৰতক প্ৰতিনিধিত্ব কৰিব প্ৰিয়নে

১৬ গৰাকী ফাইনেলিষ্টৰ ভিতৰত মিছ আৰ্থ ইণ্ডিয়া ২০২৩ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়ন সেনে । প্ৰিয়নক মুকুট পিন্ধোৱাৰ লগে লগে আৱেগিক হৈ পৰে আৰু বৈ আহে চকুলো । দৰাচলতে এই কৃতিত্বৰ পিচত এতিয়া ডিচেম্বৰ মাহত ভিয়েটনামত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক মিছ আৰ্থ হিচাপে প্ৰতিনিধিত্ব কৰিব প্ৰিয়নে ।

মিছ ৰাজস্থান ২০২২ৰ প্ৰথম ৰানাৰ্ছ আপ আছিল প্ৰিয়ন

মিছ ৰাজস্থানৰ আয়োজক তথা প্ৰিয়নৰ গুৰু যোগেশ মিশ্ৰ আৰু নিমিষা মিশ্ৰই কয় যে প্ৰিয়নে ‘মিছ ৰাজস্থান ২০২২’ৰ প্ৰথম ৰানাৰ্ছ আপ আছিল । ইয়াৰ সমান্তৰালকৈ তেওঁ বৰ্তমান মিছ ইণ্ডিয়াৰ বাবে প্ৰস্তুতি চলাই আছে আৰু সমান্তৰালভাৱে চিকিৎসা বিজ্ঞানৰ পঢ়া-শুনাও অব্যাহত ৰাখিছে ।

অধ্যয়নৰ সৈতে নিজৰ সপোনকো অনুসৰণ কৰিছে প্ৰিয়নে

প্ৰিয়নৰ মাতৃ ৰাজস্থানৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু তেওঁ স্বামী অবিহনেই প্ৰিয়নক ডাঙৰ-দীঘল কৰিছিল । পঢ়া-শুনাৰ লগতে নিজৰ সপোনকো অনুসৰণ কৰি প্ৰিয়নে আজি এই পৰ্যায়ত উপনীত হৈছে ৷ প্ৰিয়নে কয় যে তেওঁ এগৰাকী টমবয় আছিল ৷ যাৰ বাবে এনে এক কৃতিত্ব অৰ্জন কৰাৰ যাত্ৰাত বহু অসুবিধাৰ সন্মুখীন হৈছিল যদিও কেতিয়া হাৰ মনা নাছিল ৷

ডিভাইন বিউটিয়ে বহুতো ডাঙৰ ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰে

উল্লেখ্য য়ে, এই অনুষ্ঠানটো ডিভাইন বিউটিয়ে আয়োজন কৰিছিল, যিয়ে মিছ ইণ্টাৰনেশ্যনেল ইণ্ডিয়া, মিছ আৰ্থ ইণ্ডিয়া উপাধি প্ৰদান কৰে । ইয়াৰ জৰিয়তে ভাৰতৰ যুৱতীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে।

লগতে পঢ়ক: Miss Universe: আপুনিও মিছ ইউনিভাৰ্ছ হোৱাৰ সপোন পুহি ৰাখিছে নেকি ? তেন্তে ইয়াৰ বাবে কি কৰিব লাগে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.