ETV Bharat / entertainment

Shipa Shetty Husband: পৰ্ণগ্ৰাফী গোচৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে ৰাজ কুন্দ্ৰাই, ক’লে - কাপোৰ খোলাৰ কাম . .

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 12:18 PM IST

প্ৰথমবাৰৰ বাবে মুখত মাস্ক পৰিধান ষ্টেণ্ড আপ কমেডী কৰিছে ৰাজ কুন্দ্ৰাই ৷ নিজকে ‘মাস্কমেন’ আৰু ‘শিল্পাৰ স্বামী’ বুলি অভিহিত কৰি আৰম্ভ কৰিছিল শ্ব’টো । লগতে পৰ্ণগ্ৰাফী গোচৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে ৰাজে ৷

Raj Kundra turns stand-up comedian, calls himself sasta Kanye West, Watch
পৰ্ণগ্ৰাফী গোচৰত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ৰাজ কুন্দ্ৰাই

চিটাৰা ডেস্ক, 5 অক্টোবৰ: ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই শেহতীয়াকৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । য’ত তেওঁক ষ্টেণ্ড আপ কমেডী কৰা দেখা গৈছে । লগতে এই শ্ব’টো আৰম্ভ কৰাৰ আগতে তেওঁ বহু কথাও প্ৰকাশ কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে শেহতীয়াকৈ পৰ্ণগ্ৰাফীক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ৰাজ কুন্দ্ৰা ৷ অৱশ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৰাজে ৷ কিন্তু এতিয়া এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে ৰাজ কুন্দ্ৰাই ।

পৰ্ণগ্ৰাফী গোচৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে ৰাজ কুন্দ্ৰাই

ৰাজ কুন্দ্ৰাই প্ৰথমবাৰৰ বাবে মুখত মাস্ক পৰিধান ষ্টেণ্ড আপ কমেডী কৰা দেখা গৈছে । ষ্টেণ্ড আপ কমেডী কৰি থকাৰ সময়তে ৰাজ কুন্দ্ৰাই নিজকে ‘মাস্কমেন’ আৰু ‘শিল্পাৰ স্বামী’ বুলি অভিহিত কৰি শ্ব’টো আৰম্ভ কৰিছিল । ৰাজে কয় যে তেওঁ ১৮ বছৰ বয়সত লণ্ডনত কেব চলাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু লগতে কয় যে ‘মই সদায় কাপোৰ পিন্ধোৱা কাম কৰিছো, কাপোৰ খোলাৰ কাম কৰা নাই ।’’

উল্লেখ্য যে, শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই অভিনয় জগতত খোজ দিবলৈ সাজু হৈছে । মুম্বাইৰ ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰাপ্তবয়স্ক ছবি নিৰ্মাণ কৰাৰ অভিযোগ উঠিছিল ৷ এই গোচৰত ২০২১ চনৰ জুলাই মাহত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বছৰটোৰ শেষত জামিনত মুকলি কৰি দিয়া হৈছিল । এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । মহিলাগৰাকীয়ে দাখিল কৰা এফআইআৰত শ্বেৰলিন চোপ্ৰা আৰু পুনম পাণ্ডেক সহ-অভিযুক্ত কৰা হৈছিল ।

এই ঘটনাৰ পিচতে কাৰাগাৰৰ পৰা ওলাই আহি ৰাজ কুন্দ্ৰাই মাস্ক পৰিধান কৰিবলৈ আৰম্ভ কৰে ৷ ৰাজহুৱা স্থান অথবা বিমানবন্দৰত প্ৰায়ে ৰাজ কুন্দ্ৰাক মাস্ক পৰিধান কৰা দেখা যায় ৷ শেহতীয়াকৈ গণেশ বাবাক নিজৰ ঘৰলৈ অনাৰ সময়তো ৰাজক মাস্ক পৰিধান কৰা দেখা গৈছিল ৷

লগতে পঢ়ক: Arijit-Salman: অৰিজিতক ক্ষমা কৰিলে নেকি ছলমানে ? ছলমানৰ টাইগাৰ 3 ত থাকিব নেকি অৰিজিতৰ গীত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.