ETV Bharat / entertainment

Pathan besharam rang controversy: পাঠান বিতৰ্কক লৈ ক্ষোভ চিত্ৰ নিৰ্মাতা ৰাহুল ঢোলাকিয়াৰ - Raees

পাঠানৰ 'besharam rang' গানটোক লৈ বিতৰ্ক বাঢ়ি আহিছে । শ্বাহৰুখ আৰু দীপিকাৰ চলচ্চিত্ৰ খনৰ সমৰ্থনত বহুতো তাৰকা ওলাই আহিছে । Raees ছবিখনৰৰ পৰিচালক ৰাহুল ঢোলাকিয়াই ছবিখনক সমৰ্থন কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে ।

Pathan
পাঠান বিতৰ্ক
author img

By

Published : Dec 16, 2022, 3:48 PM IST

চিটাৰা ডেস্ক, 16 ডিচেম্বৰ : শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত আগন্তুক ছবি ‘পাঠান’ৰ ‘besharam rang’ গীতটোক লৈ দৈনিক বিতৰ্ক হৈ আছে । ছবিখনৰ প্ৰথমটো গীতে মুক্তিৰ পিছতেই তোলপাৰ লগাইছে সামাজিক মাধ্যমত ৷ দীপিকাৰ পোছাকৰ পৰা আৰম্ভ কৰি নৃত্যৰ ভংগীমা লৈকে সকলো কোণতে বেয়াকৈ ট্ৰ’ল কৰিছে একাংশই । ছ’চিয়েল মিডিয়াত প্ৰতিবাদ চলি থকাৰ মাজতে শ্বাহৰুখ আৰু দীপিকাৰ সমৰ্থনত নামিছে বলীউডৰ বহু তাৰকা । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি শ্বাহৰুখ খানক সমৰ্থন কৰিছে Raeesৰ পৰিচালক ৰাহুল ঢোলাকিয়াই ।

টুইটাৰ হেণ্ডেলত পোষ্টটো শ্বেয়াৰ কৰি তেওঁ কৈছে যে, ‘চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত লোকসকলে বছৰ বছৰ ধৰি শ্বাহৰুখ খানৰ ওপৰত হৈ অহা ঘৃণামূলক আক্ৰমণক গৰিহণা দিব লাগে । আনৰ তুলনাত এছ আৰ কেয়ে মনোৰঞ্জন আৰু চিনেমাৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে । অনুগ্ৰহ কৰি এই ধৰ্মান্ধসকলক মনে মনে থাকিবলৈ কওক’ ।

  • The hate attack (for years now) on @iamsrk should be condemned by one and all in the film industry. SRK has contributed more to our fraternity and India as an ambassador of entertainment & cinema ; than most people have. Please tell these bigots with idiotic theories to Shut Up!

    — rahul dholakia (@rahuldholakia) December 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়াকৈ চাউথ চুপাৰষ্টাৰ প্ৰকাশ ৰাজেও শ্বাহৰুখ আৰু দীপিকাক সমৰ্থন কৰিছিল । কলকাতা চলচ্চিত্ৰ মহোৎসৱৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ কয় যে ‘হয়...যি হওক...আমাৰ দৰে মানুহ ইতিবাচক হৈ থাকিব’। #Pathan #ShahRukhKhan #justasking"৷

আচলতে দীপিকা পাডুকনে ছবিখনৰ গীতটোত কেশৰ ৰঙৰ বিকিনি পিন্ধিছে । দীপিকাৰ কেশৰ ৰঙৰ বিকিনিৰ বাবেই একাংশ মানুহৰ খং উঠিছে আৰু ছবিখন বৰ্জনৰ বিষয়টো উত্থাপন কৰিছে । কেৱল এয়াই নহয়, দীপিকাৰ সাজ-পোছাক ঠিক কৰিবলৈ কোৱাৰ সমান্তৰালকৈ মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই মধ্যপ্ৰদেশত ছবিখন সম্ভৱ হ’লে মুক্তি নিদিব বুলিও সকীয়নী দিছে ।

লগতে পঢ়ক : Pathaan news: উত্তৰ প্ৰদেশৰ বিজেপি সমৰ্থকে বিচাৰিছে ‘বয়কট পাঠান’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.