ETV Bharat / entertainment

Allu Arjun: শাৰী, গহনা, নেমুৰ মালা ! আল্লু অৰ্জুনে শ্বেয়াৰ কৰিলে পুষ্পা 2ৰ ফাৰ্ষ্ট লুক

author img

By

Published : Apr 7, 2023, 8:52 PM IST

7 এপ্ৰিলত নিৰ্মাতাই মুকলি কৰিছে পুষ্পা 2 ৰ টিজাৰ ৷ ইফাল ছবিখনৰ মুখ্য অভিনেতা আল্লু অৰ্জুনৰ 8 এপ্ৰিলত জন্মদিন ৷ অভিনেতাগৰাকীৰ জন্মদিন উপলক্ষে মুকলি কৰিছে ছবিখনৰ প্ৰথম পোষ্টাৰ ৷ পোষ্টাৰখনত আল্লুক এক অন্য ৰূপত দেখা পোৱা যায় (Allu Arjun) ৷

Pushpa 2 The Rule first look: Allu Arjun is back as Pushpa
পুষ্পা ২ ৰ ফাৰ্ষ্ট লুক

চিটাৰা ডেস্ক, 7 এপ্ৰিল: প্ৰতিশ্ৰুতি অনুসৰি নিৰ্মাতাসকলে শুকুৰবাৰে মুকলি কৰে পুষ্পা: দ্য ৰুল 2 ছবিখনৰ টিজাৰ (Pushpa 2 teaser out) । ছবিখনৰ লিডিং মেন আল্লু অৰ্জুনৰ 41 সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত নিৰ্মাতাসকলে মুকলি কৰিলে পুষ্পা 2 ৰ টিজাৰ । পুষ্পা 1 আৰু 2ৰ ছবি নিৰ্মাতাই বুধবাৰে এটা সৰু ভিডিঅ’ৰ জৰিয়তে টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছিল । কথামতেই কাম আজি প্ৰতিশ্ৰুতি অনুসৰি নিৰ্মাতাসকলে মুকলি কৰে ছবিখনৰ টিজাৰ (Pushpa 2 teaser Released) ৷

নিৰ্মাতাই পুষ্পাৰ অনুৰাগীসকলক এই উপহাৰ দিয়াৰ পিচতে এইবাৰ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ছুপাৰষ্টাৰ আল্লু অৰ্জুনে অনুৰাগীৰ বাবে নিজৰ জন্মদিনৰ প্ৰাকক্ষণত লৈ আহিছে আন এক ডাঙৰ উপহাৰ ৷ পুষ্পা ৰাজৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা আল্লু অৰ্জুনে জন্মদিনৰ প্ৰাকক্ষণত মুকলি কৰিলে পুষ্পা 2 ৰ প্ৰথমখন পোষ্টাৰ (Allu arjun 41st birthday) ।

  • " class="align-text-top noRightClick twitterSection" data="">

পোষ্টাৰখনত অৰ্জুনক সম্পূৰ্ণ নতুন অৱতাৰত দেখা পোৱা গৈছে (Allu arjuns new look from Pushpa 2) । শাৰীৰ সৈতে সোণৰ গহনা পৰিধান কৰা দেখা যায় পুষ্পা চৰিত্ৰত অভিনয় কৰা আল্লুক ৷ আনহাতে ডিঙিত পৰিধান কৰা নেমুৰ মালাখনে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । কেমেৰাৰ ফালে গহীনভাৱে চায় থকা আল্লুক এখন হাতত বন্দুক ধৰি ৰখা পৰিলক্ষিত হৈছে । পোষ্টাৰটোৰ পৰা অনুমান কৰিব পাৰি যে পুষ্পা ৰাজে কেৱল আৰক্ষীৰ পৰা নিজকে লুকাবলৈহে এই ৰূপ ধাৰণ কৰিছিল ৷

পুষ্পা: দ্য ৰুল 2ত আল্লু অৰ্জুনৰ নতুন ৰূপ

পুষ্পা2 ত আল্লু অৰ্জুনক ব্যতিক্ৰমী ৰূপত দেখা পাব অনুৰাগীয়ে । শাৰী, নেমুৰ মালা, গহনাৰে সজ্জিত আৰু হাতত বন্দুক লৈ থকা পোষ্টাৰখন অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে । পোষ্টাৰখন শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে , "#Pushpa2TheRule Begins!!! "

পুষ্পা 2ৰ বিষয়ে জানি লওক

সুকুমাৰৰ ৰচনা আৰু পৰিচালিত পুষ্পা 2 ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব আল্লু অৰ্জুন, ফাহাধ ফাচিল আৰু ৰশ্মিকা মান্দানাই । চলিত বৰ্ষৰ শেষৰ ফালে ছবিগৃহত ছবিখন মুক্তি পোৱাৰ সম্ভাৱনা আছে । ইয়াৰ সংগীত ৰচনা কৰিছে দেৱী শ্ৰী প্ৰসাদে । সহযোগী চৰিত্ৰত অভিনয় কৰিব জগদীশ প্ৰথাপ বান্দৰী, সুনীল, ৰাও ৰমেশ, ধনঞ্জয়, অনসুয়া ভৰদ্বাজ আৰু অজয় ঘোষে ।

প্ৰথম খণ্ডৰ ইতিবাচক সঁহাৰিৰ পৰিপ্ৰেক্ষিতত পুষ্পা 2 বক্স অফিচত খলকনিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে । যদি সঁচাকৈয়ে এনেকুৱা হয়, তেন্তে ই আল্লু অৰ্জুনক প্যান ইণ্ডিয়া তাৰকা হিচাপে নিজৰ স্থান আৰু অধিক সুদৃঢ় কৰাত সহায় কৰিব ।

লগতে পঢ়ক: Pushpa 2 teaser out : অপেক্ষাৰ অন্ত ! পুষ্পা 2 ৰ টিজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.