চিটাৰা ডেস্ক, 2 মে’: ফেশ্বন হওক বা অভিনয় হওক, আলিয়া ভাটে সকলোতে নিজৰ প্ৰতিভা দেখুৱাই ৷ মঙলবাৰে ভাৰতক প্ৰতিনিধিত্ব কৰি মেট গালা ২০২৩ ত অংশগ্ৰহণ কৰিছিল আলিয়া ভাট আৰু নিশ্চিতভাৱে তেওঁৰ লুকেৰে হৃদয় জয় কৰিছিল (Met Gala 2023 white carpet) । মেট গালাত আত্মপ্ৰকাশ কৰাৰ বাবে আলিয়াই প্ৰবাল গুৰুঙে ডিজাইন কৰা বিল’য়িং চিলোৱাটৰ সৈতে বগা গাউন বাছি লৈছিল (Met Gala 2023) । ৰেড কাৰ্পেটত খোজ দিয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত মেট গালা লুকৰ ছবি শ্বেয়াৰ কৰিছে ৷
কিন্তু আপুনি জানেনে বাৰু আলিয়াৰ এই সাজ কিমান হাজাৰ মুকুতাৰে নিৰ্মিত ? কিয়নো সেয়া জানিলে আচৰিত হ’ব আপুনি ৷ আলিয়াই পৰিধান কৰা ৰয়েল ড্ৰেছটো এক মিলিয়ন মুকুতা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । অবিশ্বাস্য নহয়নে ? কিন্তু এয়া সঁচা (Alia Bhatt Met Gala 2023 look) ৷
এইবাৰ মেট গালাৰ থিম আছিল প্ৰয়াত ডিজাইনাৰ কাৰ্ল লেগাৰফেল্ডক শ্ৰদ্ধাঞ্জলি জনোৱা আৰু বলীউডৰ ডিভাই ইয়াক অনুসৰণ কৰে (Alia Bhatt Met Gala outfit) । আলিয়া ভাটক দ্য নিউ মাদাৰ থিমৰ বগা গাউন পৰিধান কৰা ৰাজকুমাৰীৰ দৰে দেখা গৈছে । অভিনেত্ৰীগৰাকীৰ গাউনৰ প্ৰতিটো ইঞ্চিত মুকুতা লগোৱা হৈছে । ইয়াৰ উপৰিও আলিয়াৰ বগা সাজটো ১৯৯২ চনত কাৰ্ল লেগাৰফেল্ডে চেনেলৰ বাবে সৃষ্টি কৰা আৰু ক্লাউডিয়া শ্বিফাৰে মডেল কৰা ব্রাইডাল লুকৰ সৈতে মিল আছিল ।
মেট গালাত অংশগ্ৰহণ কৰাৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মেট গালা, কাৰ্ল লেগাৰফেল্ড: এ লাইন অৱ বিউটি মই সদায় আইকনিক চেনেল ব্রাইডসকলৰ প্ৰতি আকৃষ্ট হৈ আহিছো (Alia Bhatt Met Gala debut) । ছিজনৰ পিচত ছিজন কাৰ্ল লেগাৰফেল্ডৰ প্ৰতিভাই আটাইতকৈ উদ্ভাৱনীমূলক আৰু আচৰিত সৃষ্টিত জিলিকি উঠিছিল । আজি নিশা মোৰ লুকটো বিশেষকৈ ছুপাৰমডেল ক্লাউডিয়া শ্বিফাৰৰ ১৯৯২ চনৰ চেনেল ব্রাইডাল লুকৰ পৰা অনুপ্ৰাণিত । প্ৰবাল গুৰুং, প্ৰথমবাৰৰ বাবে আপোনাৰ ডিজাইন পৰিধান কৰি ভাল লাগিল ।’
অভিনেত্ৰীগৰাকীয়ে গাউনটোক সজ্জিত গ্ল’ভছ, মেচিং হীৰাৰ কাণফুলি আৰু আঙঠিৰ সৈতে যোগ কৰিছিল । লগতে মাজৰ অংশত আধা বান্ধি থোৱা পনিটেইল, হিল, সূক্ষ্ম ধোঁৱাময় আই শ্বেড’, ক’ল লাইনযুক্ত চকু, লিপ শ্বেডেৰে নিজৰক লুকটো সম্পূৰ্ণ কৰিছিল আলিয়াই (Alia Bhatt Met Gala pictures) ।
আলিয়াই কয়, ‘‘এগৰাকী ছোৱালীৰ ওচৰত কেতিয়াও ইমান বেছি মুকুতা থাকিব নোৱাৰে আৰু লুকটো সম্পূৰ্ণ কৰিবলৈ নিখুঁত আনুষংগিক যিবোৰ মোৰ ক্ষেত্ৰত মোৰ চুলিত মুকুতাৰ ধনু । অ’ আৰু বগা, মোৰ বাবে ।’’
ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে আলিয়াৰ মেট গালা লুক । ছ’চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীয়ে যথেষ্ট মৰমৰ দিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছিল ‘ৰাজকুমাৰী’। আলিয়াৰ ভগ্নী শ্বাহীনে মন্তব্য কৰি তেওঁক ‘এঞ্জেল’ বুলি অভিহিত কৰে । এজন অনুৰাগীয়ে লিখিছে, ‘আপোনাক বৰ ধুনীয়া দেখা গৈছে ।’ মেট গালাৰ বাবে আলিয়াক ষ্টাইল কৰা অনিতা শ্ৰফে লিখিছিল ‘প্ৰিন্সেছ’।