ETV Bharat / entertainment

Project K: ট্ৰেইলাৰ মুকলিৰ পূৰ্বে প্ৰজেক্ট কেৰ নিৰ্মাতাসকলে মুকলি কৰিছে প্ৰভাসৰ প্ৰথমটো লুক

author img

By

Published : Jul 19, 2023, 8:33 PM IST

বিগ বাজেটৰ ছবি প্ৰজেক্ট কেৰ বাবে বহু দিনৰে পৰা অনুৰাগীয়ে অপেক্ষা কৰি আছিল ৷ শেহতীয়াকৈ ছবিখনৰ পৰা দীপিকা পাডুকনৰ প্ৰথম লুক কৰাৰ এইবাৰ নিৰ্মাতাসকলে ট্ৰেইলাৰ মুকলিৰ পূৰ্বে প্ৰভাসৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে।

Project K makers unveil Prabhas's intense first look ahead of trailer launch at SDCC 2023
প্ৰজেক্ট কেৰ পৰা প্ৰভাসৰ প্ৰথমটো লুক মুকলি

চিটাৰা ডেস্ক, 19 জুলাই: কিছুদিন পূৰ্বে ‘প্ৰজেক্ট কে’ৰ নিৰ্মাতাসকলে ছবিখনৰ পৰা দীপিকা পাডুকনৰ লুকটোৰ প্ৰথম আভাস শ্বেয়াৰ কৰিছিল ৷ ছবিখনৰ পৰা অভিনেত্ৰীগৰাকীৰ প্ৰথম লুকটো দেখাৰ পিছৰে পৰা প্ৰভাসৰ প্ৰথম লুক কেনেকুৱা হ’ব সেই কথা জানিবলৈ আগ্ৰহী হৈ পৰিছে অনুৰাগীসকল ৷ অৱশ্যে অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল ৷ কিয়নো আজি ছবিখনৰ পৰা প্ৰভাসৰ লুক শ্বেয়াৰ কৰিছে মেকাৰসকলে ৷ ইফালে ‘আদিপুৰুষ’ৰ বিপুল ব্যৰ্থতাৰ পিচত অভিনেতাগৰাকীয়ে ‘ছালাৰ’ ছবিখনৰ জৰিয়তে পুনৰ উভতি আহিছিল । অনুৰাগীসকলে এই ছবিখনৰ টিজাৰটো অতি পছন্দ কৰিছিল আৰু এতিয়া তেওঁৰ ‘প্ৰজেক্ট কে’ ছবিৰ বাবে সকলোৱে অপেক্ষা কৰি আছে ৷

বৈজয়ন্তী ফিল্মছৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখনত অমিতাভ বচ্চন আৰু কমল হাছানৰ দৰে প্ৰবীণ অভিনেতাই অভিনয় কৰিছে । বহুতে আশা কৰিছে যে তেওঁলোকৰ প্ৰিয় ছুপাৰষ্টাৰে এই ছবিখনৰ জৰিয়তে পুনৰ উভতি আহিব পৰ্দাত ৷ এই বিগ বাজেটৰ ছবিখনৰ কাহিনী কল্পবিজ্ঞানৰ ওপৰত আধাৰিত ৷ ছবিখনৰ প্ৰথম আভাস অহা ২০ জুলাইত আমেৰিকাৰ কমিক কনত মুক্তি পাব ৷ ইয়াৰ পূৰ্বে ছবিখনৰ পৰা প্ৰভাসৰ প্ৰথম লুকটো মুকলি কৰিছে মেকাৰে ৷ তেওঁৰ নতুন ৰূপটোক লৈ অনুৰাগীসকল অতিশয় সুখী ৷

অহা বছৰ পৰ্দাত মুক্তি পাব নাগ অশ্বিনৰ এই বিগ বাজেট ছবিখন ৷ প্ৰায় ৬০০ কোটি টকাৰ বাজেটত নিৰ্মাণ হ’ব এই থ্ৰিলাৰখন ছবিখন ৷ যিখন হয়তো অনাগত দিনত অন্যতম আদৰ্শ ছবি হ’ব পাৰে ৷ নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত এই ছবিখন প্ৰভাসৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ প্ৰভাছে পূৰ্বতে এনে ছবিত বিশেষ কাম কৰা নাই গতিকে তেওঁৰ বাবে সেয়া সম্পূৰ্ণ নতুন অভিজ্ঞতা হ’বলৈ গৈ আছে ৷ ছবিখনৰ কাহিনী এতিয়াও প্ৰকাশ হোৱা নাই এই ছবিখনৰ বেছিভাগ শ্বুটিং হায়দৰাবাদত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: The Kashmir Files Unreported: আহি আছে বিবেক অগ্নিহোত্ৰীৰ দ্য কাশ্মীৰ ফাইলছ আনৰিপ’ৰ্টেড, ক’লে- কান্দিবলৈ সাজু হওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.