ETV Bharat / entertainment

মাতৃ হ’বলৈ ওলোৱা ৰাম চৰণৰ পত্নী উপাসনাৰ জীৱনত মূখ্য নাৰীসকলৰ ভিতৰত স্থান আছেনে শাহুৱেকৰ !

author img

By

Published : Dec 16, 2022, 12:40 PM IST

আৰ আৰ আৰ তাৰকা ৰাম চৰণৰ উদ্যোগী পত্নী উপাসনা কামিনেনীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ জীৱনৰ “আটাইতকৈ গুৰুত্বপূৰ্ণ মহিলা”ৰ সৈতে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰিছে । শাহুৱেক সুৰেখা কনিডেলা আছেনে নাই এই ফটোখনত জানো আহক-

Upasana Kamineni
ৰাম চৰণৰ উদ্যোগী পত্নী উপাসনা কামিনেনী

চিটাৰা ডেস্ক, 16 ডিচেম্বৰ : প্ৰথমটো সন্তান আশা কৰিছে তেলেগু চুপাৰষ্টাৰ ৰাম চৰণ আৰু তেওঁৰ পত্নী উপাসনা কামিনেনী কনিডেলাই ৷ এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে দুয়োৰে শুভাকাংক্ষীয়ে তেওঁলোকলৈ যাচিছে মৰম ও শুভেচ্ছা ৷ সকলোৱে এতিয়া আশা কৰি আছে নতুন সদস্যৰ আগমণৰ ৷

পৰিয়ালৰ সদস্যসকলৰ সৈতে হাঁহি মাতি সুন্দৰ সময় অতিবাহিত কৰি আছে উপাসনাই ৷ শেহতীয়াকৈ পৰিয়ালৰ মহিলা সদস্যসকলৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে তেওঁ ৷ সকলোকে পৰম্পৰাগত সাজত দেখা গৈছে ফটোখনত ৷

উপাসনাই ফটোখন শ্বেয়াৰ কৰি নিজৰ শাহু মাকৰ কথা উল্লেখ কৰিছে (Upasana Kamineni Konidela instagram) ৷ নিজৰ আঠমা (শাহু) সুৰেখা কনিডেলালৈ মনত পৰিছে উপাসনাৰ । কেপছনত তেওঁ লিখে, "মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহিলাসকলৰ আশীৰ্বাদ লৈ মাতৃত্বত জীৱনত প্ৰৱেশ কৰিছো" ৷ কেইবাগৰাকী অনুৰাগী আৰু চেলেব্ৰিটীয়ে প্ৰশংসা কৰে আৰু হ’বলগীয়া মাতৃগৰাকীক অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে ।

বলীউডৰ গায়িকা কনিকা কাপুৰ আৰু অভিনেত্ৰী সোণালী বেণ্ড্ৰেই কনিডেলাক অভিনন্দন জনাই হাৰ্ট ইমোজি শ্বেয়াৰ কৰে । এজন অনুৰাগীয়ে লিখিছে, "অভিনন্দন Upsi সঁচাকৈয়ে আপোনাক এগৰাকী সফল মাতৃ আৰু এগৰাকী পেছাদাৰী মহিলা হিচাপে প্ৰত্যক্ষ কৰিবলৈ আগ্ৰহী.... আপোনাৰ মংগল আৰু ইতিবাচকতা কামনা কৰিছো" ৷ আন এজন অনুৰাগীয়ে লিখিছে, "গৰ্জিয়াছ মমী টু বি । ভগৱানে আপোনাক আৰু অকণমানিক সদায় ভাল স্বাস্থ্যৰে আশীৰ্বাদ কৰক" ৷

সোমবাৰে ৰাম চৰণৰ পিতৃ চুপাৰষ্টাৰ চিৰঞ্জীৱীয়ে টুইটাৰত উপাসনাৰ গৰ্ভধাৰণৰ ঘোষণা শ্বেয়াৰ কৰে । "শ্ৰী হনুমান জীৰ আশীৰ্বাদত আমি এই কথা শ্বেয়াৰ কৰি আনন্দিত হৈছো যে উপাসনা আৰু ৰাম চৰণে তেওঁলোকৰ প্ৰথম সন্তানৰ আশা কৰিছে । মৰম আৰু কৃতজ্ঞতাৰে সুৰেখা আৰু চিৰঞ্জীৱী কনিডেলা, শ্বোবানা আৰু অনিল কামিনেনী"।

ৰাম চৰণ আৰু উপাসনাই অলপতে ইটালীত তেওঁলোকৰ দশম বিবাহ বাৰ্ষিকী উদযাপন কৰিছিল । খবৰ অনুসৰি তেওঁলোক কলেজীয়া দিনৰে প্ৰেমিক-প্ৰেমিকা । তেওঁলোকে 2011 চনত বাগদান কৰিছিল আৰু 2012 চনৰ জুনত বিবাহপাশত আৱদ্ধ হৈছিল ।

লগতে পঢ়ক : দক্ষিণৰ অভিনেতা ৰাম চৰণৰ বিষয়ে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.