ETV Bharat / entertainment

Mahatma Gandhi web series : মহাত্মা গান্ধীৰ চৰিত্ৰ ৰূপায়ন কৰিব প্ৰতীক গান্ধীয়ে

স্কেম 1992 (Scam 1992) ৰ তাৰকা প্ৰতীক গান্ধীয়ে অভিনয় কৰিব মহাত্মা গান্ধীৰ চৰিত্ৰত ৷ মহাত্মা গান্ধীৰ জীৱনক সামৰি আহি আছে এখন চিৰিজ (Mahatma Gandhi series) ৷ কেইবাটাও চিজনযুক্ত হ’ব এই চিৰিজটো ৷ এপলজ এণ্টাৰটেইনমেণ্টে ইতিহাসবিদ ৰামচন্দ্ৰ গুহাৰ গান্ধী বিফোৰ ইণ্ডিয়া আৰু গান্ধী: দ্য ইয়ৰ্ছ দ্যাট চেঞ্জড দা ৱৰ্ল্ড গ্ৰন্থৰ ওপৰত আধাৰিত কৰি এই চিৰিজটো প্ৰযোজনা কৰিছে ।

Mahatma Gandhi series
মহাত্মা গান্ধীৰ চৰিত্ৰ ৰূপায়ন কৰিব প্ৰতীক গান্ধীয়ে
author img

By

Published : May 19, 2022, 8:49 PM IST

চিটাৰা ডেস্ক, 19 মে’: মহাত্মা গান্ধীৰ জীৱনক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এখন চিৰিজ ৷ এই চিৰিজটো কেইবাটাও চিজন ধৰি চলিব (Mahatma Gandhi web series) ৷ ইতিহাসবিদ ৰামচন্দ্ৰ গুহাৰ গান্ধী বিফোৰ ইণ্ডিয়া আৰু গান্ধী- দ্য ইয়ৰ্ছ দ্যাট চেঞ্জড দা ৱৰ্ল্ড এই দুখন কিতাপৰ ওপৰত আধাৰিত হ’ব এই জীৱনীমূলক চিৰিজটো ৷ মুখ্য চৰিত্ৰৰ বাবে Scam 1992 খ্যাত প্ৰতীক গান্ধীক চুক্তিবদ্ধ কৰা হৈছে ৷

এই ঘোষণাক লৈ নিজৰ উত্তেজনা ব্যক্ত কৰি প্ৰতীক গান্ধীয়ে কয়, "মই গান্ধীবাদী দৰ্শন আৰু ইয়াৰ মূল্যবোধত গভীৰভাৱে বিশ্বাস কৰো । ব্যক্তিগতভাৱেও, মই তেওঁৰ বহুতো গুণ আৰু শিক্ষা মোৰ দৈনন্দিন জীৱনত আহৰণ আৰু আত্মসাৎ কৰিবলৈ চেষ্টা কৰোঁ" ৷

তেওঁ লগতে উল্লেখ কয়, "তদুপৰি, থিয়েটাৰৰ দিনৰ পৰা মহাত্মাৰ চৰিত্ৰত অভিনয় কৰা কথাটো মোৰ হৃদয়ৰ নিচেই কাষৰ আৰু এতিয়া পৰ্দাত পুনৰ এই মহান নেতাজনৰ চৰিত্ৰত অভিনয় কৰিবলৈ পোৱাটো মোৰ বাবে এক বিশাল সন্মান । মই ভাবো এইটো এটা গধুৰ দায়িত্ব । এই যাত্ৰা সমীৰ নায়ৰৰ সৈতে আৰম্ভ কৰিবলৈ মই অধীৰ আগ্ৰহী" ৷

মহাত্মা গান্ধীয়ে বিশ্ববাসীক শিকাইছিল যে স্বাধীনতাৰ বিপ্লৱ, প্ৰতিৰোধ আৰু সংস্কাৰ সদায় হিংসাত্মক হোৱাৰ প্ৰয়োজন নাই, ইয়াক সত্য, প্ৰেম, অহিংসা আৰু সংকল্পৰ জৰিয়তেও প্ৰাপ্ত কৰিব পাৰি ।

দক্ষিণ আফ্ৰিকাত তেওঁৰ প্ৰাৰম্ভিক দিনৰ পৰা আৰম্ভ কৰি ভাৰতত হোৱা মহান সংগ্ৰামলৈকে, চিৰিজটোৱে তেওঁৰ জীৱনৰ কম পৰিচিত কাহিনীসমূহৰ বিষয়ে ক'ব যিয়ে যুৱ মহাত্মা গান্ধীক দেশৰ প্ৰকৃত নেতা হিচাপে গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এই চিৰিজটোৱে সকলো স্বদেশী আৰু স্বাধীনতা আন্দোলনৰ সমসাময়িক, অবিশ্বাস্য ব্যক্তিত্বৰ কাহিনীও উদঙাই দিব যিসকলে তেওঁৰ সৈতে এখন মুক্ত আৰু আধুনিক ভাৰত গঢ়াত এক অবিচ্ছেদ্য ভূমিকা পালন কৰিছিল ।

ৰামচন্দ্ৰ গুহা আত্মবিশ্বাসী যে চিৰিজটোৱে প্ৰকৃতাৰ্থত গান্ধীক তেওঁৰ কিতাপত থকাৰ দৰেই উল্লেখ কৰিব ( Biographical series on mahatma gandhi) । তেওঁ কৈছে, "মই আনন্দিত যে গান্ধীৰ ওপৰত নিৰ্মাণ হ’ব লগীয়া চিৰিজটোৰ বাবে মোৰ কিতাপ অভিযোজিত কৰা হৈছে" ।

আদিত্য বিৰলা গোটৰ এটা অংশ এপলজ এণ্টাৰটেইনমেণ্টে গুহাৰ কিতাপসমূহৰ ওপৰত অধিকাৰ অৰ্জন কৰিছে আৰু চিৰিজটো সমগ্ৰ বিশ্বৰ দৰ্শকৰ বাবে গোলকীয় মানদণ্ডত প্ৰস্তুত কৰা হ'ব আৰু বহুতো ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্থানত দৃশ্যগ্ৰহণ কৰা হ'ব ।

এপলজ এণ্টাৰটেইনমেণ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সমীৰ নায়াৰে কয়, "ৰামচন্দ্ৰ গুহা এজন বিশিষ্ট ইতিহাসবিদ আৰু গল্পকাৰ, আৰু আমি তেওঁৰ কালজয়ী কিতাপ - গান্ধী বিফোৰ ইণ্ডিয়া আৰু গান্ধী - দ্য ইয়ৰ্ছ দ্যাট চেঞ্জ দা ৱৰ্ল্ড পৰ্দাত ৰূপায়ন কৰিবলৈ পাই ধন্য মানিছো । আমি এই চৰিত্ৰৰ বাবে প্ৰতীক গান্ধীৰ বাবে আন কাৰো কথা ভাবিব নোৱাৰো, যিয়ে মহাত্মা গান্ধীৰ শান্তি আৰু প্ৰেমৰ আদৰ্শ সমূহ পৰ্দাত নিশ্চয়কৈ জীৱিত ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হ’ব"। তেওঁ লগতে কয় "আমি বিশ্বাস কৰোঁ যে এক মাল্টি চিজন চিৰিজৰ জৰিয়তেহে গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাসক গৌৰৱান্বিত কৰা সকলো মহান ব্যক্তিত্বক প্ৰকৃত ন্যায় প্ৰদান কৰিব পৰা যাব"।

লগতে পঢ়ক: কান মহোৎসৱ 2022ত ভাৰতবৰ্ষই ‘সন্মানৰ দেশ’ খিতাপ লাভ কৰাত আনন্দিত নৰেন্দ্ৰ মোডী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.