ETV Bharat / entertainment

Prabhas Wedding : ‘বাহুবলীৰ বিয়া’, কোন হ’ব দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ কইনা, জানো কইনা কোন ?

author img

By

Published : Jun 7, 2023, 2:05 PM IST

বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে বাহুবলীৰ তাৰকা প্ৰভাস । ইয়াৰ লগতে অভিনেতাগৰাকীয়ে ক’লে কোন স্থানত হ’ব বিয়া ৷ এনে পৰিস্থিতিত বাহুবলীৰ কইনা কোন হ’ব ?

Prabhas to marry in Tirupati, actor speaks on Adipurush pre release Event
বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে বাহুবলী

চিটাৰা ডেস্ক, 7 জুন : দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ তথা ‘বাহুবলী’ৰ তাৰকা প্ৰভাসৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । অতি সোনকালেই যুগ্ম জীৱনৰ পাতনি মেলিবলৈ গৈ আছে অভিনেতাগৰাকী ৷ বৰ্তমান প্ৰভাসৰ বয়স ৪৩ বছৰ আৰু তেওঁৰ জীৱনত এতিয়ালৈকে কোনো সুন্দৰীৰ প্ৰৱেশ ঘটা নাই । কিন্তু প্ৰভাসৰ অনুৰাগীসকলে ‘বাহুবলী’ৰ ৰিয়েল বিয়া দেখিবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে (Prabhas kriti wedding) ৷

এতিয়া বিবাহৰ সন্দৰ্ভত মৌনতা ভংগ কৰিছে তাৰকাগৰাকীয়ে । যোৱা নিশা অভিনেতাগৰাকীৰ আগন্তুক ছবি ‘আদিপুৰুষ’ৰ প্ৰি-ৰিলিজ ইভেণ্টত প্ৰভাছে ক’ত বিয়া হ’ব সেই কথা জনাইছে । এতিয়া এই খবৰে প্ৰভাসৰ অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে উত্তেজনাৰ আৰু অনুৰাগীসকলে জানিব বিচাৰিছে যে বাহুবলীয়ে ‘দেৱসেনা’ কৰি কাক ঘৰলৈ লৈ আনিব ।

উল্লেখ্য যে, যোৱা নিশা তিৰুপতি (অন্ধ্ৰপ্ৰদেশ)ত আগন্তুক ছবি আদিপুৰুষৰ প্ৰি-ৰিলিজ ইভেণ্টত ছবিখনৰ ট্ৰেইলাৰ লঞ্চৰ সময়ত প্ৰভাসে অনুৰাগীক দিয়ে এই ভাল খবৰটো (Prabhas wedding) । অভিনেতাজনে অনুৰাগীক কয় যে তেওঁৰ বিয়া তিৰুপতিত হ’ব । এতিয়া প্ৰভাসৰ অনুৰাগীসকলে জানিবলৈ কৌতুহলী যে তেওঁলোকৰ প্ৰিয় তাৰকা কাক বিয়া কৰাব ?

  • HH Chinna Jeeyar Swamiji was invited as guest of honor for the pre-release event of #Adipurush at the hills of Thirumala. Swamiji was welcomed by #Prabhas and the team onto the stage. Don't miss the exclusive coverage of pictures, Swamiji's message right here... pic.twitter.com/F0e8tqRsiX

    — Statue of Equality (@StatueEquality) June 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কোন হ’ব প্ৰভাসৰ কইনা ?

উল্লেখ্য যে, আদিপুৰুষ ছবিত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰভাসে, আনহাতে মা সীতাৰ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ অভিনেত্ৰী কৃতি সেনন (Prabhas to marry in Tirupati)। একে সময়তে এই ছবিখনৰ পিচত প্ৰভাস আৰু কৃতিৰ নামক একেলগে সংযোগ কৰা হৈছে । ইয়াৰ পূৰ্বে প্ৰভাস আৰু কৃতিৰ বিয়া হ’ব বুলিও খবৰ আহিছিল যদিও পিছলৈ এই খবৰবোৰ ভুল বুলি প্ৰমাণিত হ’ল । অৱশ্যে প্ৰভাসে কাক বিয়া কৰাব সেই সন্দৰ্ভত কোনো তথ্য শ্বেয়াৰ কৰা নাই ৷

চাওক আদিপুৰুষৰ অন্তিম ট্ৰেইলাৰ . . .

লগতে পঢ়ক: Adipurush: হনুমানৰ বাবে বুক কৰা হ’ব সকলো থিয়েটাৰৰ প্ৰথমখন আসন; দৰ্শকৰ সৈতে বহি ছবিগৃহত আদিপুৰুষ উপভোগ কৰিব হনুমানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.