ETV Bharat / entertainment

স্বাধীনতা দিৱসত প্ৰভাসে ঘোষণা কৰিলে আগন্তুক ছবি Salaar ৰ মুক্তিৰ তাৰিখ

author img

By

Published : Aug 15, 2022, 7:55 PM IST

76 সংখ্যক স্বাধীনতা দিৱসত দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাসে অনুৰাগীলৈ আগবঢ়ালে এক ডাঙৰ উপহাৰ । বাহুবলী খ্যাত অভিনেতা গৰাকীয়ে ঘোষণা কৰিছে তেওঁৰ পৰৱৰ্তী ছবি ‘Salaar’ৰ মুক্তিৰ তাৰিখ ।

Prabhas
স্বাধীনতা দিৱসত প্ৰভাসে ঘোষণা কৰিলে আগন্তুক ছবি Salaar ৰ মুক্তিৰ তাৰিখ

চিটাৰা ডেস্ক, 15 আগষ্ট : 76 সংখ্যক স্বাধীনতা দিৱসৰ বিশেষ দিনটোত দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘ছালাৰ’ (Salaar) ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি অনুৰাগীসকলক দিয়ে এক ডাঙৰ উপহাৰ । ‘কে জি এফ’ নিৰ্মাণ কৰা পৰিচালক প্ৰশান্ত নীলে পৰিচালনা কৰাৰ বাবে Salaar ছবিখনক লৈ উৎসুক হৈ আছে অনুৰাগীসকল । ছবিখনে ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ।

এক্সন আৰু থ্ৰিলাৰেৰে ভৰপূৰ প্ৰভাসৰ এই ছবিখন । ছবিখনত তেওঁক এক সম্পূৰ্ণ বেলেগ অৱতাৰত দেখিবলৈ পোৱা যাব । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ছবিখনৰ নিৰ্মাতাসকলে প্ৰভাসৰ ছবিখনৰ এখন নতুন পোষ্টাৰো মুকলি কৰিছে ।

পোষ্টাৰখনত প্ৰভাসক তললৈ মূৰ নমাই থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তেোঁৰ ভৰিৰ ওচৰত মৃতদেহ পৰি আছে । প্ৰভাসৰ হাতত আছে মৰণাস্ত্ৰ আৰু মুখত স্পষ্টকৈ ফুটি উঠিছে আক্ৰমণাত্মক ভাৱ । আপোনালোকক জনাওঁ ছালাৰ এখন গধুৰ বাজেটৰ এক্সনধৰ্মী আৰু এডভেঞ্চাৰযুক্ত ছবি, যাৰ শ্বুটিং ভাৰতৰ বাহিৰেও ইউৰোপ, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ দৰে বহু দেশত কৰা হৈছে ।

Salaar ছবিখনৰ প্ৰথমটো সূচী সমাপ্ত হৈছে । এতিয়া প্ৰভাসে ছবিখন দ্ৰুতগতিত নিষ্পত্তি কৰাত মনোনিৱেশ কৰিছে । ছবিখনৰ উচ্চমানৰ ভিএফএক্সৰ বাবে বিদেশী ষ্টুডিঅ’ৰ লগত যোগাযোগ কৰা হৈছে ।

দক্ষিণৰ অভিনেত্ৰী শ্ৰুতি হাছানক অভিনেতা প্ৰভাসৰ বিপৰীতে দেখা যাব ‘ছালাৰ’ ছবিখনত । কানাড়া, তামিল, তেলেগু, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি পাব ছবিখনে । এই ছবিখনত দক্ষিণৰ জনপ্ৰিয় অভিনেতা পৃথ্বীৰাজ সুকুমাৰণকো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

ইয়াৰ উপৰিও দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰ ভিলেইন জগপতি বাবু, ঈশ্বৰী ৰাও, শ্ৰিয়া ৰেড্ডীয়েও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনৰ বাজেট ৪০০ কোটিতকৈ অধিক হ’ব বুলি জানিব পৰা গৈছে । প্ৰভাসক শেষবাৰৰ বাবে দেখা গৈছিল ‘ৰাধে-শ্যাম’ ছবিখনত যিখন ছবিয়ে বক্স অফিচত বেয়াকৈ মুখ থেকেচা খাইছিল ।

লগতে পঢ়ক : নগ্ন ফটোশ্বুটক লৈ ৰণভীৰ সিঙলৈ জাননী মুম্বাই আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.