চিটাৰা ডেস্ক, 10 আগষ্ট: সীমা হাইদৰ আৰু শচীনক হয়তো নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই ৷ হয়, পাকিস্তানৰ পৰা শচীনৰ বাবে থকা প্ৰেমৰ বাবেই চাৰি সন্তানক লৈ ভাৰতলৈ গুচি আহিছিল সীমা হাইদৰ ৷ ইয়াৰ পিচতে দুয়োকে লৈ পাকিস্তান আৰু ভাৰতত আৰম্ভ হৈছিল চৰ্চা ৷ শচীন-সীমাৰ প্ৰেমক লৈ চলি থকা চৰ্চাৰ মাজতে এতিয়া আহিছে আন এটা খবৰ ৷ সেয়া হৈছে সীমা হাইদৰ আৰু শচীনৰ প্ৰেম কাহিনী এতিয়া দেখা যাব ডাঙৰ পৰ্দাত ৷ হয়, সীমা-শচীনৰ প্ৰেম কাহিনীক লৈ নিৰ্মাণ হ’ব ছবি ৷ ছবিখনৰ নাম কৰাচী টু নয়ডা ৷
কৰাচী টু নয়ডাত দেখা যাব সীমা-শচীনৰ প্ৰেম কাহিনী ৷ ইতিমধ্যেই মুকলি হৈছে ছবিখনৰ পোষ্টাৰ ৷ এই কথা জনাইছে ছবিখনৰ প্ৰযোজক তথা পৰিচালক অমিত জানীয়ে ৷ ছবিখনৰ বাবে চলি আছে অডিচন প্ৰক্ৰিয়া ৷ ইতিমধ্যে সীমা হাইদৰৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত হৈছে অভিনেত্ৰী ৷ ইয়াৰ বিপৰীতে বিপৰীতে শচীনৰ চৰিত্ৰৰ বাবে চলি আছে অডিচন ।
ছবিখনৰ নাম জানী ফায়াৰ ফক্স ফিল্ম প্ৰডাকচনে নিৰ্ধাৰণ কৰিছে । অহা বছৰ ছবিগৃহত মুক্তি পাব এই ছবিখন । শচীনৰ উপৰিও ভাৰতৰ পৰা পাকিস্তানলৈ যোৱা অঞ্জুৰ কাহিনীৰ ওপৰতো এখন ছবি নিৰ্মাণ কৰিব বুলি জানিবলৈ দিলে পৰিচালক অমিত জানীয়ে । জানী ফায়াৰ ফক্স ফিল্ম প্ৰডাকচন হাউছে তিনিখন ছবিৰ নাম বুকিং কৰিছে । প্ৰথমখন ছবি সীমা হাইদৰৰ ওপৰত আৰু দ্বিতীয়খন ছবি অঞ্জুৰ ওপৰত নিৰ্মাণ কৰা হ’ব । তৃতীয়খন হ’ব ৱেব ছিৰিজ । পালঘৰত সংঘটিত সাধু হত্যাৰ ওপৰতো এখন ছবি নিৰ্মাণ হ’ব । ছবিখনৰ নাম হ’ব মব লিঞ্চিং । এই কথা জনালে জানি ফায়াৰফক্স ফিল্ম প্ৰডাকচনে ।
উল্লেখ্য যে RAW এজেণ্টৰ চৰিত্ৰত দেখা যাব সীমা হাইদৰ ৷ পৰিচালকগৰাকীয়ে ক’লে- সীমা হাইদৰক ট্ৰেইলাৰ মাৰ্ডাৰ ষ্ট’ৰী ছবিখনত অভিনয় কৰাৰ সুযোগ দিয়া হৈছে । এই ছবিখনত সীমা হাইদৰক RAW এজেণ্টৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । এই ছবিখনৰ শ্বুটিং অক্টোবৰত সমাপ্ত হ’ব । ইয়াৰ পিচত কৰাচীৰ টু নয়ডা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব ।
ইফালে অহা সপ্তাহত কৰাচী টু নয়ডা ছবিখনৰ থিম ছং মুকলি কৰা হ’ব । ছবিখনৰ ষ্টাৰকাষ্ট বাছনিৰ বাবে অডিচন চলি আছে ৷ নিৰ্বাচিত কৰা হৈছে অভিনেত্ৰীগৰাকীক । অতি শীঘ্ৰে সংবাদ মাধ্যমৰ সন্মুখত মুকলি কৰিব অভিনেত্ৰীগৰাকীৰ মুখ ।
লগতে পঢ়ক: Sunny Deol on Seema Haider: সীমা হাইদৰ আৰু অঞ্জুক লৈ ছানী দেওলৰ মন্তব্য প্ৰকাশ