ETV Bharat / entertainment

Poonam Pandey: নগ্ন ফটোশ্বুটক লৈ ৰণবীৰ সিঙক কটাক্ষ পুনম পাণ্ডেৰ

author img

By

Published : Jul 23, 2022, 2:20 PM IST

ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুটক লৈ তীব্ৰ মন্তব্য কৰিছে পুনম পাণ্ডেয়ে । অৰ্ধনগ্ন ফটো পোষ্ট কৰি ছ’চিয়েল মিডিয়াত বিখ্যাত পুনমে কি ক’লে ৰণবীৰক জানো আহকচোন-

Poonam Pandey
নগ্ন ফটোশ্বুটকলৈ ৰণভীৰ সিঙক কটাক্ষ পুনম পাণ্ডেৰ

চিটাৰা ডেস্ক, 23 জুলাই : বলীউডৰ অলৰাউণ্ডাৰ অভিনেতা ৰণবীৰ সিঙে নিজৰ অস্বাভাৱিক ষ্টাইলেৰে সদায় অনুৰাগীক আপ্লুত কৰি ৰাখে ৷ শেহতীয়াকৈ অভিনেতাজনে নিজৰ নগ্ন ফটোশ্বুটেৰে সমগ্ৰ বি-টাউনত হুলস্থুলৰ সৃষ্টি কৰিছে । ৰণবীৰৰ নগ্ন ফটোশ্বুটত এতিয়া ব’ল্ড অভিনেত্ৰী পুনম পাণ্ডেয়ে তীব্ৰ মন্তব্য কৰিছে ৷

ৰণবীৰৰ উলংগ ফটোশ্বুটৰ ফটোসমূহ ভাইৰেল হৈ পৰাৰ লগে লগে মিমেৰে ভৰি পৰে সামাজিক মাধ্যম ৷ অনুৰাগী, অনুসৰণকাৰীৰ মন্তব্যৰ উজান মাৰ নৌযাওতেই এইবাৰ কমেণ্ট কৰিলে পুনম পাণ্ডেই ৷ পুনমে নিজৰ টুইটাৰ একাউণ্টত ৰণভীৰ সিঙৰ ফটো শ্বেয়াৰ কৰি লিখিছে যে, "You beat me at my own game @RanveerOfficial " ৷

দিনে-ৰাতিয়ে কামত ব্যস্ত ৰণবীৰ সিং

ৰণভীৰ সিঙৰ নতুন বাংলোৰ কাম পূৰ্ণ গতিত মুম্বাইত চলি আছে ৷ যাৰ বাবে তেওঁ দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰি আছে আৰু কোনো কাম হাতেৰে যাবলৈ নিদিয়ে। কামৰ ক্ষুধা বাঢ়ি গৈ আছে। তেওঁ দিনটোত ২০ ঘণ্টাৰো অধিক সময় কাম কৰি আছে। ৰণবীৰে কৈছে যে সাধাৰণ মানুহৰ দৰে তেওঁও লকডাউনৰ এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈছিল।

ৰণবীৰ সিঙৰ আগন্তুক চিনেমা

ৰণবীৰক অলপতে দেখা গৈছিল ‘জয়েশভাই জোৰদাৰ’ত । ছবিখন বক্স অফিচত ফ্লপ হোৱা বুলি প্ৰমাণিত হৈছে । এতিয়া তেওঁ ৰোহিত শেট্টীৰ ‘চাৰ্কাছ’ৰ বাবে আলোচনাত মিলিত হৈছে আৰু ছবিখনত তেওঁৰ সৈতে দেখা যাব দক্ষিণৰ অভিনেত্ৰী পূজা হেগড়েক ।

লগতে পঢ়ক : ভাবুকিৰ পিছতে বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন ছলমান খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.