ETV Bharat / entertainment

কান মহোৎসৱ 2022ত ভাৰতবৰ্ষই ‘সন্মানৰ দেশ’ খিতাপ লাভ কৰাত আনন্দিত নৰেন্দ্ৰ মোডী - কান চলচ্চিত্ৰ মহোৎসৱ ২০২২

প্ৰধানমন্ত্ৰী মোডীয়ে কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ ত ভাৰতে 'সন্মানৰ দেশ' খিতাপ লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে (Modi on India got Country of honor at cannes 2022) ৷ এই সন্দৰ্ভত দেশৰ জনসাধাৰণৰে সৈতে প্ৰধানমন্ত্ৰীজনে এক দীঘলীয়া টোকা শ্বেয়াৰ কৰিছে । প্ৰধানমন্ত্ৰীয়ে টোকাটোত কি লিখিছিল জানো আহকচোন-

Cannes 2022
কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ ত ভাৰতে 'সন্মানৰ দেশ' খিতাপ লাভ কৰা কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ ত ভাৰতে 'সন্মানৰ দেশ' খিতাপ লাভ কৰে
author img

By

Published : May 19, 2022, 2:13 PM IST

Updated : May 19, 2022, 2:56 PM IST

চিটাৰা ডেস্ক, 19 মে’ : ফ্ৰান্সত ৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ ত অংশ লৈছে ভাৰতীয় প্ৰতিনিধি দল আৰু বিভিন্ন শিল্পীয়ে ৷ ভাৰতে এইবাৰ এই মহোৎসৱত 'সন্মানৰ দেশ' হিচাপে অংশগ্ৰহণ কৰিছে । ভাৰত 'সন্মানৰ দেশ' হিচাপে অন্তৰ্ভুক্ত হোৱাত আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে (Modi on India got Country of honor at cannes 2022) । এক বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি থকা সময়তে কান চলচ্চিত্ৰ মহোৎসৱত 'সন্মানৰ দেশ' হিচাপে অংশগ্ৰহণ কৰিছে । এফালে ভাৰত আৰু ফ্ৰান্সে ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্ক উদযাপন কৰিছে আৰু আনহাতে কান চলচ্চিত্ৰ মহোৎসৱে ইয়াৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিছে ।

ভাৰতত কাহিনীৰ অভাৱ নাই: প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ বাৰ্তাত ভাৰতক বিশ্বৰ চলচ্চিত্ৰ কেন্দ্ৰ হিচাপে বৰ্ণনা কৰিছে ৷ মোডীয়ে কৈছে ভাৰতীয় চলচ্চিত্ৰ খণ্ডত বহুতো প্ৰকাৰ আছে । প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কৈছে, "ভাৰতৰ ওচৰত কাহিনীৰ ভঁৰাল আছে । আমাৰ দেশত সমলৰ ক্ষেত্ৰত বহুতো সম্ভাৱনা আছে"।

মোডীয়ে 'ইজ অৱ ডুয়িং'ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

প্ৰধানমন্ত্ৰী মোডীয়ে 'ইজ অৱ ডুয়িং'ৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতত বিশ্বস্তৰৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমূহৰ সহ-প্ৰযোজনাৰ সকলো সুবিধা আছে আৰু যিকোনো স্থানতে দৃশ্যগ্ৰহণৰ অনুমতি দিয়াৰ বাবে একক উইণ্ডো ক্লিয়াৰেন্স মেকানিজম উপলব্ধ আছে ।

তাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোডীয়ে আনন্দ প্ৰকাশ কৰে যে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ কাল্ট ক্লাছিক সংগ্ৰহ কান মহোৎসৱত প্ৰদৰ্শিত হৈছে । তেওঁ মত প্ৰকাশ কৰিছে যে ই ভাৰতীয় চলচ্চিত্ৰক আন্তঃৰাষ্ট্ৰীয় অংশীদাৰীত্বৰ ক্ষেত্ৰত আগবঢ়াই নিব ।

  • “India🇮🇳has a lot of stories to be told and the country truly possesses immense potential to become the content hub of the world.”

    - PM @narendramodi Ji’s message as India gets set to participate as the first ‘Country of Honour’ at Marche Du Films @Festival_Cannes pic.twitter.com/Op2ZsjB6O6

    — Anurag Thakur (@ianuragthakur) May 17, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ পৰা এটা 11 জনীয়া প্ৰতিনিধি দল কানত উপস্থিত হৈছে (Cannes 2022 updates) । লগতে দীপিকা পাডুকন, এ আৰ ৰহমান, পূজা হেগড়ে, উৰ্ৱশী ৰৌতেলা আৰু নৱাজুদ্দিন ছিদ্দিকী আৰু আন বহুতো লোক তাত উপস্থিত আছে ।

লগতে পঢ়ক: Cannes 2022: ৰঙা ষ্ট্ৰেপলেছ গাউনত হিনা খান

Last Updated : May 19, 2022, 2:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.