ETV Bharat / entertainment

Parineeti-Raghav wedding: পৰিণীতি চোপ্ৰাৰ মুম্বাইৰ বাসগৃহত অত্যাধুনিক আলোকসজ্জা, কেতিয়া হ’ব বিয়া ?

অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিয়াৰ পূৰ্বে পৰিণীতিৰ মুম্বাইৰ বাসগৃহ লাইটেৰে সজাই পৰাই তোলা হৈছে । ৰাজস্থানত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ কথা । দুয়োৰে বিবাহ সন্দৰ্ভত সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Parineeti Chopra- Raghav Chaddha wedding: Actor's Mumbai house gets adorned with lights- watch
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়া
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 2:15 PM IST

চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: পূৰ্ণগতিত চলিছে বলিউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডাৰ বিবাহৰ প্ৰস্তুতি । অনাগত দিনত ৰাজস্থানৰ উদয়পুৰত দুয়োৰে বিবাহ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে । ৰাজনীতিবিদগৰাকীৰ সৈতে পৰিণীতিৰ আড়ম্বৰপূৰ্ণ বিয়াৰ পূৰ্বে চোপ্ৰাৰ মুম্বাইৰ ঘৰটো লাইটেৰে সজাই তোলা হৈছে ৷

এজন পাপাৰাজীয়ে সজাই পৰাই তোলা পৰিণীতিৰ ঘৰৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল । খবৰ অনুসৰি অহা ২৪ ছেপ্টেম্বৰত উদয়পুৰত পৰিণীতি আৰু ৰাঘৱে বিবাহপাশত আবদ্ধ হ’ব । ইয়াৰ পূৰ্বে শেহতীয়াকৈ অনলাইনত এটা ভিডিঅ’ প্ৰকাশ পাইছিল, য’ত দেখা গৈছিল আপ নেতাগৰাকীৰ দিল্লীৰ ঘৰটো সজাই তোলা হৈছে ।

খবৰ অনুসৰি, ৰাঘাৱ চাড্ডাৰ দিল্লীৰ ঘৰত বিবাহৰ পূৰ্বে সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ ৷ আৰম্ভ হৈছে বিবাহৰ পূৰ্বৰ নীতি-নিয়ম, ‘আৰ্দাছ’, এক প্ৰকাৰৰ প্ৰাৰ্থনা আৰু সংকীৰ্ত্তনকে ধৰি প্ৰথাগত অনুষ্ঠানৰ সৈতে সকলো নীতি-নিয়ম কৰিছে । অৱশ্যে দৰা-কইনা দুয়োৰে পৰিয়াল বৰ্তমান দিল্লীত আছে আৰু ইয়াৰ পিচত উদয়পুৰলৈ উৰা মাৰিব য’ত ক্ৰিকেট খেলৰ অন্তত ৰাজকীয় বিবাহ অনুষ্ঠিত হ’ব । খবৰ অনুসৰি পৰিণীতিৰ ভগ্নী তথা গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাই বিয়াৰ বাবে আমেৰিকাৰ পৰা উৰা মাৰিব যদিও তেওঁৰ স্বামী আমেৰিকান গায়ক নিক জ’নাছে চলি থকা সংগীত ভ্ৰমণৰ বাবে এই বিবাহত উপস্থিত থাকিব নোৱাৰিব ৷

শেহতীয়াকৈ অনলাইনত ভাইৰেল হৈ পৰে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়াৰ নিমন্ত্ৰণ পত্ৰ । উদয়পুৰৰ লীলা পেলেচত অনুষ্ঠিত হ’ব এই বিবাহৰ উদযাপনৰ অনুষ্ঠান, জানিব পৰা বলীউডৰ থিমেৰে উদযাপন কৰা হ’ব এই অনুষ্ঠান । ৩০ ছেপ্টেম্বৰত চণ্ডীগড়ত এই দম্পতীৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

যোৱা ১৩ মে’ত নতুন দিল্লীৰ কাপুৰথালা ঘৰত ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰাৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হয় ৷ উদযাপনত এই দম্পতীৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Mission Raniganj: বিবাহৰ পূৰ্বে ছবি প্ৰচাৰৰ বাবে অক্ষয়ৰ সৈতে দেখা গ’ল পৰিণীতিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.