চিটাৰা ডেস্ক, 19 এপ্ৰিল: দেশৰ ৰাষ্ট্ৰীয় দল আম আদমী পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা আৰু বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সম্পৰ্কই বিগত কিছুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ পৰিণীতি আৰু ৰাঘৱক কেইবাৰো একেলগে দেখাৰ পিচতে ছ’চিয়েল মিডিয়াত দুয়োৰে বিবাহৰ খবৰ বিয়পি পৰে (Parineeti Chopra opens up on her wedding rumours) ৷
এই খবৰবোৰৰ মাজতে দুয়োৰে বিবাহৰ খবৰ নিশ্চিত কৰিছিল আপৰ নেতা সঞ্জীৱ অৰোৰা আৰু পৰিণীতিৰ বন্ধু হাৰ্ডি সান্ধুৱে ৷ অৱশ্যে এই সন্দৰ্ভত পৰিণীতি আৰু ৰাঘৱে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাছিল যদিও এতিয়া এই সন্দৰ্ভত পোনপ্ৰথমবাৰৰ বাবে মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে (Parineeti Chopra and raghav Chadha) ৷
এই সন্দৰ্ভত কি ক’লে অভিনেত্ৰীগৰাকীয়ে
পৰিণীতিয়ে প্ৰকাশ কৰা মন্তব্যৰ ওপৰত আপৰ নেতাগৰাকীৰ স’তে তেওঁৰ কথিত বিবাহৰ সম্পৰ্ক আছে । পৰিণীতিয়ে কয় যে এই বিষয়ে কোৱা আৰু অপমান কৰাৰ মাজত এটা অতি পাতল ৰেখা আছে। পৰিণীতিয়ে লগতে কয় যে প্ৰয়োজন হ’লেহে স্পষ্টীকৰণ দিব । অভিনেত্ৰীগৰাকীৰ এই কথাবোৰৰ পৰাই স্পষ্ট হয় য়ে পৰিণীতিয়ে কেৱল বিয়াৰ কথাহে কৈছিল।
ইফালে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহৰ খবৰৰ মাজতে দুদিন পূৰ্বে পৰিণীতিক বিবাহৰ বাবে ৰিং ফিংগাৰত আঙঠি পৰিধান কৰা দেখা পোৱা গৈছিল ৷ ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে এংগেজমেণ্ট কৰিছে নে নাই সেই বিষয়ে আৰু অধিক জল্পনা-কল্পনাৰ সৃষ্টি হয় (Parineeti chopra on marriage plans with raghav) ।
উল্লেখ্য যে, পৰিণীতি চোপ্ৰা আৰু ৰাঘৱক মুম্বাইত দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ ডেটত একেলগে দেখা পোৱাৰ পৰাই লাইমলাইটলৈ আহিছিল দুয়োৰে সম্পৰ্ক (are parineeti and raghav dating) । তেতিয়াৰ পৰাই কথিত প্ৰেমিক-প্ৰেমিকাই দৈনিক বিবাহৰ খবৰৰ বাবে শিৰোনাম দখল কৰি আহিছে (Parineeti dating Raghav)। শেহতীয়াকৈ ৰাঘৱ চাড্ডাক পৰিণীতিৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ৰাঘৱে কয়, ‘‘মোক পৰিণীতিৰ বিষয়ে নহয় ৰাজনীতিৰ বিষয়ে প্ৰশ্ন কৰক ৷’’
লগতে পঢ়ক: Parineeti Chopra: ৰাঘৱৰ সৈতে বিয়াৰ খবৰৰ মাজতে অনামিকা আঙুলিত ৰূপৰ আঙঠি পিন্ধিলে পৰিণীতি চোপ্ৰাই