ETV Bharat / entertainment

Karva Chauth 2023: এইসকল অভিনেত্ৰীয়ে স্বামীৰ বাবে ৰাখিছে কৰৱা চৌথৰ ব্ৰত

বলীউডৰ বহু অভিনেত্ৰীয়ে স্বামীৰ বাবে ৰাখিছে কৰৱা চৌথৰ ব্ৰত । চাওক কোন কোন অভিনেত্ৰীয়ে পালন কৰিলে ব্ৰত ৷

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:02 PM IST

Parineeti Chopra, Kiara Advani celebrate their first Karwa Chauth; Vicky Kaushal can't take his eyes off Katrina Kaif as they celebrate festival
কৰৱা চৌথ ২০২৩

চিটাৰা ডেস্ক, 2 নৱেম্বৰ: সমগ্ৰ দেশৰ ভাৰতীয় বিবাহিত দম্পতীয়ে ১ নৱেম্বৰত পালন কৰিছে কৰৱা চৌথ । স্বামীৰ দীৰ্ঘায়ু কামনা কৰি প্ৰত্যকগৰাকী বিবাহিত মহিলাই বুধবাৰে ব্ৰত ৰাখি পূজা কৰা পৰিলক্ষিত হৈছে ৷ এইক্ষেত্ৰত পিচ পৰি থকা নাই বলীউডৰ অভিনেত্ৰীসকল ৷ বহু অভিনেত্ৰীয়ে স্বামীৰ বাবে পালন কৰিছে কৰৱা চৌথৰ ব্ৰত ৷ কৰৱা চৌথ উপলক্ষে অভিনেত্ৰীসকলে শাৰী, গহনা, মূৰত ওৰণি, হাতত মেহেন্দী অৰ্থাৎ শৃংগাৰ কৰা দেখা গ’ল ।

বিয়াৰ পিচত পৰিণীতি চোপ্ৰাৰ এয়া আছিল প্ৰথমটো কৰৱা চৌথ । ৰঙা চ্যুট, হাতত খাৰু, শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ পৰিধান কৰা দেখা গ’ল অভিনেত্ৰীগৰাকীক ৷ স্বামী ৰাঘৱ চাড্ডাৰ সৈতে কৰৱা চৌথৰ পূজা কৰা কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

ইফালে প্ৰিয়ংকা চোপ্ৰা যিহেতু মুম্বাইত আছে আৰু স্বামী আমেৰিকাত আছে গতিকে অকলেই কৰৱা চৌথ উদযাপন কৰে প্ৰিয়ংকাই ৷ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ চালনী এখনৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি সকলোকে "কৰৱা চৌথৰ শুভেচ্ছা" জনায় ৷

প্ৰিয়ংকা চোপ্ৰাৰ পোষ্ট

কেটৰিণা কাইফে স্বামীৰ সৈতে কৰিলে কৰৱা চৌথৰ পূজা

অভিনেত্ৰী কেটৰিণা কাইফেও কৰৱা চৌথত বিকি কৌশলৰ বাবে ব্ৰত পালন কৰে ৷ ৰঙা শাৰী, শিৰত সেন্দুৰ, কপালত ৰঙা বিন্দি আৰু ডিঙিত মংগলসূত্ৰ পৰিধান কৰা পৰম্পৰাগত সাজত দেখা গ’ল অভিনেত্ৰীগৰাকীক ৷ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত স্বামী বিকি আৰু শহুৰেকৰ সৈতে ফটো শ্বেয়াৰ কৰিছে ।

বৰুণ ধৱনে শ্বেয়াৰ কৰিলে এটা বিশেষ পোষ্ট

কৰৱা চৌথৰ পূজাৰ পিচত পত্নী নাতাশাৰ সৈতে ছবি শ্বেয়াৰ কৰিছে অভিনেতা বৰুণ ধৱনে । নিজৰ ইনষ্টাগ্ৰামত বিশেষ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে - সকলোকে কৰৱা চৌথৰ শুভেচ্ছা জনালোঁ । সকলোৰে বাবে নিৰাপত্তা আৰু শান্তি কামনা কৰিলোঁ । ’’

শিল্পাই স্বামীৰ সৈতে দিলে পোজ

কৰৱা চৌথ উপলক্ষে শিল্পা শ্বেট্টীক তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে দেখা গৈছিল । এই সময়চোৱাত ৰাজ কুন্দ্ৰাক বগা ৰঙৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল । লগতে কেমেৰাৰ বাবে একেলগে পোজ দিছিল এই দম্পতীয়ে । শিল্পা শ্বেট্টীয়ে কৰৱা চৌথৰ পূজাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । য’ত তেওঁক আন বিবাহিত মহিলাৰ সৈতে কৰৱা চৌথ উদযাপন কৰা দেখা গৈছে ।

কিয়াৰা আদৱানীয়েও সিদ্ধাৰ্থৰ সৈতে প্ৰথমটো কৰৱা চৌথ উদযাপন কৰিছে । শ্বেয়াৰ কৰিছে ফটো ৷

লগতে পঢ়ক: Varun Tej-Lavanya Tripathi Wedding: বৰুণ-লাৱণ্যৰ বিয়াৰ ফটো প্ৰকাশ, একেলগে দেখা গ’ল এইসকল ছুপাৰষ্টাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.