চিটাৰা ডেস্ক, 27 ফেব্ৰুৱাৰী: ভাৰতৰ চুবুৰীয়া দেশ হৈছে পাকিস্তান ৷ চুবুৰীয়া দেশ হ’লে কি হ’ব ভাৰত-পাকৰ মাজত কিন্তু খুব এটা সু-সম্পৰ্ক নাই ৷ বিভিন্ন কাৰণত দুয়োখন দেশৰ মাজত প্ৰায়েই মৌখিক সংঘাত পৰিলক্ষিত হৈ আছে শেহতীয়া সময়ত ৷ কিন্তু ইয়াৰ মাজতে ভাৰতীয় কইনাই বিয়াত পিন্ধা ৰঙা সাজ-পোছাকযোৰৰ প্ৰতি আকৰ্ষিত হৈছে পাকিস্তানৰ এগৰাকী অভিনেত্ৰী (Ushna Shah gets married to her royal prince) ৷
উল্লেখ্য যে, কেৱল ভাৰতীয় কইনাৰ সাজ-পোছাকৰ প্ৰতি আকৰ্ষিত হোৱাই নহয়, পাকিস্তানী অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াত ভাৰতীয় কইনাৰ ৰঙা সাজ-পোছাক পৰিধানো কৰিছে (Ushna Shah indian bridal look) ৷ বিয়াত ভাৰতীয় কইনাৰ দৰে ৰঙা সাজ পৰিধান কৰা পাকিস্তানৰ অভিনেত্ৰীগৰাকী হৈছে উছনা শ্বাহ ৷ উছনাই ৰঙা সাজত শেহতীয়াকৈ নিজৰ কেইখনমান ফটো আপলোড কৰে ছ’চিয়েল মিডিয়াত ৷ ফটো আপলোড কৰাৰ পাচতেই ছ’চিয়েল মিডিয়াত সৃষ্টি হয় তীব্ৰ বিতৰ্কৰ ৷ পাকিস্তানী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে উছনাৰ এই ফটোকেইখনৰ ওপৰত আপত্তি দৰ্শাই কমেন্ট কৰা পৰিলক্ষিত হয় (Ushna Shah lashes out at critics commenting)৷
- " class="align-text-top noRightClick twitterSection" data="
">
ভাৰতীয় কইনাৰ সাজেৰে সকলোকে মোহিলে পাক অভিনেত্ৰীগৰাকীয়ে
উছনা শ্বাহে জীৱন সংগী হিচাপে বাচি লোৱাজন হৈছে গল্ফ খেলুৱৈ হামজা আমিন (Ushna Shah Wedding) । এইগৰাকী অভিনেত্ৰীয়ে ২৭ ফেব্ৰুৱাৰীত নিজৰ ইনষ্টাগ্ৰামত তেওঁৰ বিবাহৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল । তেওঁলোকৰ বিবাহৰ এক সুন্দৰ আভাস এই ভিডিঅ'টোত পৰিলক্ষিত হৈছে (Ushna Shahs wedding with Hamza Amin) । ভিডিঅ’টোৰ বেগগ্ৰাওণ্ডত বাজি আছিল বলীউডৰ গীত ‘নেনো ৱালে নে’ ৷
পাকিস্তানলৈ ভাৰতীয় সংস্কৃতি নানিব - সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ সকীয়নি
অভিনেত্ৰী গৰাকীৰ এই ভিডিঅ'টোত লাখ লাখ পাকিস্তানী ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে । অভিনেত্ৰীগৰাকীৰ ভাৰতীয় ব্রাইডেল লুকত পাকিস্তানী ব্যৱসাৰকাৰীয়ে কয়, পাকিস্তানৰ নিজা সংস্কৃতি আৰু ধর্ম আছে, গতিকে পাকিস্তানত ভাৰতৰ সংস্কৃতি নানিব ৷"
আন এজন পাকিস্তানী লোকে কয়, "এনে ঠাট্টা-মস্কৰা আমাৰ ধৰ্মই অনুমতি নিদিয়ে ।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ভাৰতীয় ব্রাইডেল লুকৰ কি প্ৰয়োজন আছিল ?" একেদৰে বহু পাকিস্তানী ব্যৱহাৰকাৰীয়ে অভিনেত্ৰীগৰাকীৰ এই কাৰ্যত বিচলিত হৈ তেওঁক পাকিস্তানৰ সংস্কৃতি,পৰম্পৰাগত আৰু ধৰ্মীয় মূল্যবোধৰ পাঠ শিকাবলৈ চেষ্টা কৰে (Pakistani actress Ushna Shah) ।
- " class="align-text-top noRightClick twitterSection" data="
">
পাকিস্তানৰ জনসাধাৰণক উপযুক্ত প্ৰত্যুত্তৰ দিলে অভিনেত্ৰীগৰাকীয়ে
পাকিস্তানী অভিনেত্ৰী উছনা শ্বাহেও ইয়াৰ প্ৰত্যুত্তৰ দি কয়, "বিয়া মোৰ, টকা মোৰ, পছন্দ মোৰ গতিকে আপোনালোকৰ কি অসুবিধা হৈছে ? মইতো আপোনালোকক বিয়ালৈ নিমন্ত্ৰণো কৰা নাই, এই সকলোবোৰৰ বাবে মই ধন খৰচ কৰিছো (Ushna Shah claps back at haters) ৷ অনুমতি অবিহনে বিয়াত প্ৰৱেশ কৰা ফটোগ্ৰাফাৰসকলক চেলুট কৰিলোঁ ।"
লগতে পঢ়ক: Nawazuddin Siddiqui : নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আলিয়াৰ