ETV Bharat / entertainment

Chiranjeevi Dance Video: ৰাজা কুমাৰীৰ সৈতে দীপাৱলী পাৰ্টিত নৃত্য চিৰঞ্জীৱীৰ, চাওক ভিডিঅ’

দীপাৱলী পাৰ্টিত আনন্দ মনেৰে নৃত্য কৰিলে চিৰঞ্জীৱীয়ে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চিৰঞ্জীৱীৰ নৃত্যৰ ভিডিঅ’ । য’ত ছুপাৰষ্টাৰগৰাকীক নৃত্য কৰি থকা দেখা গৈছে ।

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 2:04 PM IST

Nothing will beat this: Rapper Raja Kumari expresses gratitude on dancing with Chiranjeevi at Ram Charan's diwali bash
দীপাৱলী পাৰ্টিত আনন্দ মনেৰে নৃত্য কৰিলে চিৰঞ্জীৱীয়ে

চিটাৰা ডেস্ক, 15 নৱেম্বৰ: বলীউডৰ লগতে দক্ষিণৰ তাৰকাসকলেও অতি ধুমধামেৰে উদযাপন কৰিছে দীপাৱলী । চিৰঞ্জীৱী, ৰাম চৰণ, ৰানা দগ্গুবাটিকে ধৰি বহু চেলিব্ৰিটিয়ে একেলগে উদযাপন কৰে দীপাৱলী উৎসৱ । দীপাৱলী পাৰ্টিৰ পৰা চিৰঞ্জীৱীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ভিডিঅ’টোত তেওঁক আমেৰিকাৰ গায়িকা ৰাজা কুমাৰীৰ সৈতে নৃত্য কৰা দেখা গৈছে । ভিডিঅ’টোত চিৰঞ্জীৱীয়ে গীত উপভোগ কৰি আনন্দৰে নৃত্য কৰি থকা দেখা গৈছে।

উল্লেখ্য যে, ৰাজা কুমাৰী এগৰাকী আমেৰিকান ৰেপাৰ, গীতিকাৰ আৰু গায়িকা । গ্ৱেন ষ্টেফানী, ইগি আজালিয়া, ফিফথ হাৰমনি, সিধু মুছেৱালা, নাইফ পাৰ্টি, ফ’ল আউট বয়কে ধৰি উল্লেখযোগ্য শিল্পীৰ সৈতে সহযোগিতাৰ বাবে ৰাজা কুমাৰী অধিক পৰিচিত । ইফালে দীৰ্ঘদিন ধৰি ভাৰততে থকা ৰাজা কুমাৰীয়ে বিভিন্ন পাৰ্টিত যোগদান কৰি পাৰ্টিৰ শোভা বৰ্ধন কৰে ।

ৰাজা কুমাৰীয়ে শ্বেয়াৰ কৰিছে পাৰ্টিৰ কিছু দৃশ্য

ৰাজা কুমাৰীয়ে অনুৰাগীৰ বাবে শ্বেয়াৰ কৰিছে দীপাৱলী পাৰ্টিৰ কিছু দৃশ্য । য’ত চিৰঞ্জীৱীৰ সৈতে নাচি থকা দেখা গৈছে তেওঁক । ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি ৰাজাই লিখিছে – ঘৰ হৈছে তাত, য’ত আমাৰ হৃদয় আছে । হায়দৰাবাদ, এই সুন্দৰ দীপাৱলীৰ বাবে ধন্যবাদ । মোৰ চৌপাশে মোক সঁচাকৈয়ে ভালপোৱা বন্ধুসকলৰ সৈতে তেলুগু কথা কোৱা শুনি বৰ ভাল লাগিল, কিন্তু সঁচা কথা ক’বলৈ গ’লে... মেগাষ্টাৰৰ সৈতে নৃত্য কৰাৰ এই ভিজন ব’ৰ্ডৰ মুহূৰ্তটোক একোৱেই চেৰ পেলাব নোৱাৰে ।

ভিডিঅ’টোত অনুৰাগীৰ প্ৰতিক্ৰিয়া

ৰাজা কুমাৰীৰ এই পোষ্টক লৈ এজন অনুৰাগীয়ে লিখিছে – OMG এইটো জুই । এই তেলুগু মুহূৰ্তৰ বাবে জীয়াই আছিলো ৷ আন এগৰাকীয়ে লিখিছে - ৰাজা কুমাৰী, আল্লু অৰ্জুনক লগ পোৱা নাই নেকি ? আপোনাৰ গীতত তেওঁলোকে নৃত্য কৰা দেখিবলৈ অপেক্ষাত আছো ।

লগতে পঢ়ক: Dunki Vs Aquaman 2 :শ্বাহৰুখ খানৰ বেক টু বেক হিটত ভয় খালে হলীউডে ! সলনি কৰিলে একুৱামেন ২ ৰ মুক্তিৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.