ETV Bharat / entertainment

পিতৃ দিৱসত প্ৰিয়ংকাই শ্বেয়াৰ কৰা মালতী-নিকৰ ফটোখনে আপোনাকো কৰি তুলিব আৱেগিক

প্ৰিয়ংকা আৰু নিকে কন্যা মালতী চোপ্ৰা জোনাছৰ সৈতে প্ৰথমবাৰৰ বাবে উদযাপন কৰে পিতৃ দিৱস ৷ পিতৃ দিৱসৰ দিনটোত প্ৰিয়ংকাই এখন ধুনীয়া ফটো পোষ্ট কৰি অনুৰাগীসকলক পিতৃ দিৱসৰ শুভেচ্ছা জনায় ।

author img

By

Published : Jun 20, 2022, 2:11 PM IST

fathers day
প্ৰিয়ংকা নিকৰ পিতৃ দিৱস উদযাপন

চিটাৰা ডেস্ক, 20 জুন : পিতৃ দিৱসৰ দিনটোত বলীউডৰ প্ৰায় সকলো তাৰকাই তেওঁলোকৰ পিতৃৰ সৈতে ফটো তুলি পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । গ্লোবেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছেও তেওঁলোকৰ সন্তান মালতী চোপ্ৰা জোনাছৰ সৈতে পিতৃ দিৱস উদযাপন কৰে (Priyanka Chopra Nick Jonas baby name) । প্ৰিয়ংকা আৰু নিকে এই পৱিত্ৰ দিনটোত এখন মনোমোহা ফটো পোষ্ট কৰে আৰু অনুৰাগীসকলক পিতৃ দিৱসৰ শুভেচ্ছা জনায় (Priyanka Chopra instagram)।

fathers day
মাতৃৰ সৈতে প্ৰিয়ংকা

প্ৰিয়ংকা আৰু নিকে শ্বেয়াৰ কৰা ফটোত, মালতীক পিতৃ নিক জোনাছৰ সৈতে থিয় হৈ থকা দেখা গৈছে । অৱশ্যে প্ৰিয়ংকা নিকে এতিয়ালৈকে তেওঁলোকৰ কন্যাৰ চেহেৰা ৰাজহুৱা কৰা নাই ।

অনুৰাগীসকলে এই ফটোখন সাংঘাতিক ধৰণে পছন্দ কৰিছে ৷ লাইক কমেণ্টেৰে উপচি পৰিছে প্ৰিয়ংকা নিক দুয়োৰে ছ’চিয়েল মিডিয়া একাউণ্ট (Nick Jonas instagram) ৷ এই ফটোখনৰ শিৰোনামত নিকে লিখিছে, "মোৰ প্ৰথম পিতৃ দিৱস, আপোনালোক সকলোকে শুভকামনা জনাইছো" ।

নিকে তেওঁৰ পিতৃৰ সৈতেও এখন ফটো শ্বেয়াৰ কৰিছে ।

লগতে পঢ়ক : লণ্ডনৰ পৰা সোনম কাপুৰৰ বেবী শ্বাৱাৰৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.