ETV Bharat / entertainment

Jawan Release On OTT: শ্বাহৰুখে জন্মদিনত অনুৰাগীক দিলে এক ডাঙৰ উপহাৰ

নিজৰ জন্মদিনত শ্বাহৰুখ খানে অনুৰাগীক দিছে এটা ডাঙৰ উপহাৰ । আচলতে অ’টিটিত অৱশেষত মুক্তি পালে কিং খানৰ ব্লকবাষ্টাৰ ছবি ‘জৱান’ । এতিয়া এই একচন-থ্ৰিলাৰ ছবিখন ঘৰতে বহি আপুনি উপভোগ কৰিব পাৰিব ।

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:52 AM IST

Updated : Nov 2, 2023, 12:23 PM IST

Netflix drops Jawan on Shah Rukh Khan's birthday
অ’টিটিত মুকলি কিং খানৰ জৱান

চিটাৰা ডেস্ক, 2 নৱেম্বৰ: আজি শ্বাহৰুখ খানৰ ৫৮ সংখ্যক জন্মদিন । সেয়েহে, ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ বিশেষ দিনটোত অনুৰাগীক দিছে এক ডাঙৰ উপহাৰ । আচলতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰাৰ পাচত এতিয়া অৱশেষত শ্বাহৰুখ খানৰ জন্মদিনত অ’টিটিত মুক্তি দিয়া হ’ল ‘জৱান’ । জানি লওক কোনটো অ’টিটি প্লেটফৰ্মত কিং খানৰ ব্লকবাষ্টাৰ একচন-থ্ৰিলাৰ ছবিখন চাব পাৰিব আপুনি ।

কোনটো অ’টিটি প্লেটফৰ্মত মুক্তি পালে ‘জৱান’ ?

শ্বাহৰুখ খানৰ ‘জৱান’ৰ যাদুয়ে আপ্লুত কৰিছে দৰ্শকক । এই ছবিখনে দেশৰ লগতে বিদেশতো আলোড়নৰ সৃষ্টি কৰিছিল । ছবিখনে বক্স অফিচত ৬৪০ কোটিতকৈ অধিক উপাৰ্জন কৰি ভাৰতত ইতিহাস ৰচনা কৰাৰ বিপৰীতে ছবিখনে বিশ্বজুৰি ১১০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । একে সময়তে অনুৰাগীয়ে জৱানৰ অ’টিটি মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । কিন্তু এতিয়া কিং খানৰ জন্মদিন উপলক্ষে এই অপেক্ষাৰ অন্ত পৰিল । হয়, অ’টিটিত মুক্তি দিয়া হৈছে ‘জৱান’ । শ্বাহৰুখ খানৰ জন্মদিনৰ উপলক্ষে অনুৰাগীক উপহাৰ দি অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি দিয়া হৈছে ‘জৱান’ । অৰ্থাৎ এতিয়া বছৰৰ আটাইতকৈ ডাঙৰ ছবি ‘জৱান’ ঘৰতে বহি আপুনি উপভোগ কৰিব পাৰিব ।

শ্বাহৰুখে এক অনন্য শৈলীৰে ‘জৱান’ ছবিখন অ’টিটিত মুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল

উল্লেখ্য যে, ২ নৱেম্বত অৰ্থাৎ বৃহস্পতিবাৰে ‘জৱান’ৰ অ’টিটি প্লেটফৰ্মে এক ব্যতিক্ৰমী ধৰণেৰে ডিজিটেল মুক্তিৰ কথা ঘোষণা কৰে । মাজনিশা শ্বাহৰুখ খানৰ ৫৮ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁৰ গাৰ্ল গেঙৰ সৈতে তেওঁৰ চৰিত্ৰটো দেখুওৱা এটা প্ৰ’ম’ মুকলি কৰা হয় । প্ৰ’ম’টোত শ্বাহৰুখে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত সকিয়নী প্ৰদান কৰিছিল যে পৰৱৰ্তী দুই মিনিটৰ ভিতৰতে ছবিখন অ’টিটিত মুক্তি দিব লাগে ।

প্ৰ’ম’টোত শ্বাহৰুখ খানক নেটফ্লিক্সৰ চাৰ্ভাৰ ৰুমত বহি কোৱা দেখা গৈছে, “মই ক’ত আছো অনুমান কৰক”। বেকগ্ৰাউণ্ডৰ পৰা এটা কণ্ঠ আহিছে শ্বাহৰুখ... ইয়াৰ পিচত শ্বাহৰুখে কৈছে অহা দুই মিনিটৰ ভিতৰত 'জৱান' ৰিলিজ কৰক অন্যথা মই আপোনাৰ টুদুম কা বুদুম কৰিম... এই কথা শুনি বেকগ্ৰাউণ্ডৰ পৰা এটা মাত আহিছে, ‘‘আমি উইকেণ্ডত মুক্তি দিম’’ ৷ ইয়াৰ পিচত শ্বাহৰুখে কয়, ‘‘বাই বাই নেটফ্লিক্স’’ ৷ আকৌ বেকগ্ৰাউণ্ডৰ পৰা এটা মাত আহিছে, নাই-নাই প্লিজ, ‘‘এইটো মোৰ মন্নত আপোনাৰ প্ৰতি ।’’ এই কথা শুনাৰ পিচত শ্বাহৰুখে কয়, ‘‘অহ মন্নত মোৰ হে ।’’ ইয়াৰ পিচত বেকগ্ৰাউণ্ডৰ মাতটোৱে কয়, আপুনি বৰ ধেমেলীয়া ছাৰ ৷ কিন্তু এই কথা শুনাৰ পিচত শ্বাহৰুখৰ খং উঠে আৰু তেওঁ কয় যে চতুৰালি নকৰিব আৰু তেওঁ কাউণ্টডাউন আৰম্ভ কৰে । তাৰ পিচত অৱশেষত নেটফ্লিক্সে মুক্তি দিয়ে ‘জৱান’।

বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি ‘জৱান’

উল্লেখ্য যে ‘জৱান’ পৰিচালনা কৰিছে এটলীয়ে । শ্বাহৰুখ খানে ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ লগতে তেওঁৰ দ্বৈত চৰিত্ৰটোৱে যথেষ্ট মৰম লাভ কৰিছে । ছবিত নয়নতৰাৰ সৈতে কিং খানৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীও দৰ্শকে ভাল পাইছে ৷ ইয়াৰ উপৰিও বিজয় সেতুপতি, সান্যা মালহোত্ৰা, ৰিদ্ধি ডোগ্ৰা, প্ৰিয়মণি, গিৰিজা অক, সুনীল গ্ৰ’ভাৰকে ধৰি বহু অভিনেতাই অভিনয় কৰিছে । কেৱল এয়াই নহয়, দীপিকা পাডুকন আৰু সঞ্জয় দত্তইয়ো ‘জৱান’ত কেমিঅ’ কৰি শিৰোনাম দখল কৰিছে । আনহাতে ‘জৱান’ বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে।

লগতে পঢ়ক: Shah Rukh Khan Birthday: জন্মদিনত বেলকনিত উপস্থিত হৈ কিং খানৰ অনুৰাগীক উপহাৰ

Last Updated : Nov 2, 2023, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.