চিটাৰা ডেস্ক, 20 জুলাই : ১৯৫০ চনৰ ২০ জুলাইত উত্তৰ প্ৰদেশৰ বাৰাবাংকিত জন্মগ্ৰহণ কৰা নাছিৰুদ্দিন শ্বাহে আজমেৰ আৰু নাইনিতালত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । ইয়াৰ পিছত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । ১৯৭১ চনত অভিনেতা হোৱাৰ সপোন লৈ তেওঁ দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাত ভৰ্তি হয় । ১৯৭৫ চনত তেওঁৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক শ্যাম বেনেগালৰ সৈতে সাক্ষাৎ হয় । শ্যাম বেনেগালে সেই সময়ছোৱাত ‘নিশান্ত’ ছবিখন নিৰ্মাণৰ প্ৰস্তুতি চলাই আছিল । লগ পাওঁতেই শ্যাম বেনেগালে নাছিৰুদ্দিনৰ মাজত এজন উদীয়মান তাৰকাৰ প্ৰতিভা দেখি তেওঁৰ ছবিখনত অভিনয় কৰাৰ সুযোগ প্ৰদান কৰে । নিশান্ত আছিল নাছিৰুদ্দিন শ্বাহৰ প্ৰথমখন বলীউড ছবি (Naseeruddin Shah bollywood debut) ৷
১৯৭৬ চনটো নাছিৰুদ্দিনৰ চলচ্চিত্ৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি । সেই বছৰটোতে তেওঁৰ ভূমিকা আৰু মন্থনৰ দৰে সফল ছবিয়ে মুক্তি লাভ কৰে । দৰ্শকে তেওঁৰ অভিনয়ৰ নতুন ৰং উপভোগ কৰিলে মন্থন ছবিখনত । এই ছবিখন নিৰ্মাণৰ বাবে গুজৰাটৰ প্ৰায় পাঁচ লাখ কৃষকে নিজৰ দৈনিক মজুৰিৰ দুটকা ছবি নিৰ্মাতাসকলক দিছিল । এই ছবিখন ছুপাৰ হিট হৈছিল ।
১৯৭৭ চনত বন্ধু বেঞ্জামিন গিলানী আৰু টম অলটাৰৰ সৈতে নাছিৰুদ্দিন শ্বাহে মটলী প্ৰডাকচন নামৰ এটা নাট্যগোষ্ঠী প্ৰতিষ্ঠা কৰে, যাৰ বেনাৰত চেমুৱেল বেকেটৰ দ্বাৰা পৰিচালিত প্ৰথমখন নাটক ‘ৱেইটিং ফৰ গডট’ পৃথ্ৱী থিয়েটাৰত উপস্থাপন কৰা হয় । ১৯৭৯ চনত মুক্তি পোৱা ‘স্পৰ্শ’ চিনেমাখনত দৰ্শকে নাছিৰুদ্দিন শ্বাহৰ এক নতুন শৈলীৰ অভিনয় চাবলৈ পাইছিল । এই ছবিখনত এজন অন্ধ ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰাটো যিকোনো এজন অভিনেতাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল, নাছিৰুদ্দিন শ্বাহৰ অভিনয়ৰ ক্ষমতাই তেওঁৰ মুখৰ ভাবৰ জৰিয়তে দৰ্শকক সকলো কথা ক’ব পৰাটো তেওঁৰ এটা ডাঙৰ কৃতিত্ব আছিল, বহু অভিনেতাৰ ক্ষেত্ৰতেই এই বিশেষ গুণটো নাছিল । এইখন ছবিত অসাধাৰণ অভিনয়ৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল ।
ইয়াৰ বাহিৰেও ১৯৮০ চনত মুক্তি পোৱা ‘আক্ৰোষ’ ছবিখন নাছিৰুদ্দিন শ্বাহৰ চলচ্চিত্ৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ ছবি (Naseeruddin Shah movies) । গোবিন্দ নীহালানীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত নাছিৰুদ্দিনে এনে এজন অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে সমাজ আৰু ৰাজনীতি নিৰ্বিশেষে এজন নিৰীহ ব্যক্তিক বহু অসুবিধাৰ সন্মুখীন হৈয়ো ফাঁচীৰ পৰা বচাব বিচাৰিছিল ।
১৯৮৩ চনত নাছিৰুদ্দিন শ্বাহে সাই পৰাঞ্জপেৰ ‘কথা’ ছবিখনত অভিনয় কৰাৰ সুযোগ পাইছিল । একে বছৰতে মুক্তি পাইছিল নাছিৰুদ্দিন শ্বাহৰ চলচ্চিত্ৰ জীৱনৰ আন এখন ছুপাৰ হিট ছবি ‘জানে ভি দো ইয়াৰো’ ৷ কান্দন শ্বাহৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত নাছিৰুদ্দিনৰ অভিনয়ে নতুন ৰং পালে । এই ছবিখনৰ আগতে তেওঁক কেৱল গুৰুতৰ চৰিত্ৰত অভিনয় কৰিবলৈ সক্ষম বুলি ভবা হৈছিল যদিও এই ছবিখনত তেওঁ নিজৰ মহান কমিক অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ।
ইয়াৰ পিছত ১৯৮৫ চনত নাছিৰুদ্দিন শ্বাহৰ চলচ্চিত্ৰ জীৱনৰ আন এখন গুৰুত্বপূৰ্ণ ছবি ‘মিৰ্চ মছলা’ই মুক্তি লাভ কৰে । দেশৰ প্ৰাক-স্বাধীন যুগৰ পটভূমিত নিৰ্মিত ‘মিৰ্চ মছলা’ ছবিখনে পৰিচালক কেতন মেহতালৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতি কঢ়িয়াই আনিছিল । এগৰাকী নাৰীৰ সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰা হৈছে ছবিখনত ।
আশীৰ দশকৰ শেষৰ ফালে নাছিৰুদ্দিন শ্বাহে বাণিজ্যিক চিনেমাৰ ফালে ঢাল খাইছিল । এই সময়ছোৱাত তেওঁ ‘হিৰো হেৰা লাল, মালা মাল, জলৱা, ত্ৰি দেৱ’ আদি ছবিত অভিনয় কৰাৰ সুযোগ পাইছিল ৷ এই ছবিসমূহৰ সফলতাই ব্যৱসায়িক চিনেমাতো নাছিৰুদ্দিন শ্বাহৰ স্থান নিশ্চিত কৰিছিল ।
ইয়াৰ পিছত ৯০ দশকত দৰ্শকৰ পছন্দৰ প্ৰতি লক্ষ্য কৰি সৰু পৰ্দাত ভুমূকি মাৰে তেওঁ ৷ ১৯৮৮ চনত গুলজাৰে পৰিচালনা কৰা ধাৰাবাহিক ‘মিৰ্জা গালিব’ত অভিনয় কৰিছিল নাছিৰুদ্দিন শ্বাহে । লগতে ১৯৮৯ চনত ‘ভাৰত এক খোজ’ ধাৰাবাহিকখনত তেওঁ মাৰাঠা সুৰমা শিৱাজীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক মোহিত কৰিছিল ।
১৯৯৪ চনত মুক্তি পোৱা ‘মাৰ্ছা’ ছবিখনত নেতিবাচক ভূমিকা পালন কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল নাছিৰুদ্দিন শ্বাহে (Naseeruddin Shah negative role) । এই ছবিখনত অভিনয়েৰে তেওঁ দৰ্শকৰ হৃদয় জয় কৰিছিল ৷ হিম্মত, সৰফৰোছ, কৃষ আদি ছবিতো নেতিবাচক চৰিত্ৰত অভিনয় কৰি দৰ্শকক মনোৰঞ্জন দিবলৈ সক্ষম হৈছিল তেওঁ ।
নাছিৰুদ্দিন শ্বাহে তিনিবাৰকৈ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ লগতে তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে । ইয়াৰ উপৰিও তেওঁ ছবিজগতলৈ বহুমূলীয়া সেৱা আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছে । তিনি দশকজোৰা চলচ্চিত্ৰ জীৱনত এতিয়ালৈকে প্ৰায় ২০০খন ছবিত অভিনয় কৰা নাছিৰুদ্দিন শ্বাহ এতিয়াও চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছে ।
লগতে পঢ়ক: চাৰ্কিটৰ বৌৰ চেহেৰা একেবাৰে সলনি হৈ গ’ল ; অনুমান কৰিব পাৰিছে নে আমি কোনগৰাকী অভিনেত্ৰীৰ কথা কৈছো ?